ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে ২২ টা দিনত প্ৰৱেশ কৰিছে৷ ৰাছিয়াই যিমান সহজে ইউক্ৰেইনৰ ৰাজধানী কীয়েভ দখল কৰাৰ কথা ভাবিছিল সেয়া বাস্তৱ ক্ষেত্ৰত সম্ভৱপৰ হোৱা নাই৷
ৰাছিয়াই ইউক্ৰেইনৰ প্ৰায় ১০ খন মুখ্য চহৰ দখল কৰিলেও এই পৰ্যন্ত ৰাজধানী কীয়েভ দখল কৰিবলৈ সক্ষম হোৱা নাই৷ ইফালে ইউক্ৰেইনৰ প্ৰত্যাক্ৰমণত ৰাছিয়াৰ বহু যুদ্ধাস্ত্ৰ বিশেষকৈ টেংক ধ্বংস, যুদ্ধ বিমান আৰু হেলিকপ্টাৰ ভূপতিত হৈছে৷
ইমানেই নহয় ইউক্ৰেইনৰ সেনাৰ প্ৰত্যাক্ৰমণত কে’বাহাজাৰ ৰাছিয়ান সেনা নিহত হোৱাৰ লগতে আহত হৈছে৷
লগতে পঢ়ক কি কি আছে অজন্তা নেওগৰ বাজেটত? এই বাজেটৰ পৰা কোনে কোনে কি পাব?
বৃহস্পতিবাৰে মাৰ্কিন সংবাদ পত্ৰ নিউয়ৰ্ক টাইমছে-এ চোৰাংচোৱা সূত্ৰৰ উদ্ধৃতিৰে দাবী কৰিছে যে এতিয়ালৈকে ইউক্ৰেইন সেনাৰ প্ৰত্যাক্ৰমণত প্ৰায় ৭ হাজাৰ ৰুছ সেনাৰ মৃত্যু হৈছে৷ আনহাতে, গুৰুতৰভাৱে আহত হৈছে প্ৰায় ১,৪০০০ ৰুছ সেনাৰ৷
উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ২ মাৰ্চত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনস্কিয়ে ছয়দিনীয়া যুদ্ধতে প্ৰায় ৬ হাজাৰ ৰুছ সেনা হত্যা কৰা বুলি দাবী কৰিছিল৷
প্ৰতিবেদনঅনুসৰি, ভ’ল’দিমিৰ জেলেনস্কিৰ বাহিনীয়ে ৰাজধানী কীয়েভকে ধৰি প্ৰতিখন গুৰুত্বপূৰ্ণ চহৰক সুৰক্ষা দিবলৈ শক্তিধৰ ৰুছা সেনাৰ বিৰুদ্ধে মাৰাত্মক প্ৰতিৰোধ আগবঢ়াইছে।
লগতে পঢ়ক ‘অসমত ৩৫% লৈ বৃদ্ধি মুছলমান; এতিয়াৰ পৰা সংখ্যালঘু নহয় মুছলমান’, মুখ্যমন্ত্ৰী ডঃ শৰ্মা
২ মাৰ্চত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে দাবী কৰিছিল যে তেওঁৰ বাহিনীয়ে ছয় দিনীয়া যুদ্ধত ৬,০০০ ৰাছিয়াৰ সৈন্যক হত্যা কৰিছে।
ইফালে ৰাছিয়াৰ সৈন্যই তিনি দিশৰ পৰা ৰাজধানী কীয়েভত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু ইউক্ৰেইনৰ সেনা আৰু অসামৰিক লোকসকলে সুৰক্ষা বেষ্টনীৰ সৃষ্টি কৰি ৰাছিয়ান সেনাক তীব্ৰ প্ৰতিৰোধ আগবঢ়াইছে৷
আনহাতে, বুধবাৰে হেগৰ আন্তৰ্জাতিক ন্যায়ালয়ে মস্কোক ইউক্ৰেইনত সামৰিক অভিযান তৎক্ষণাৎ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে।
তাৰ মাজতে ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰাৰ ২১ দিনৰ পিছত বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেনে ৰাজহুৱাভাৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ‘যুদ্ধ অপৰাধী’ বুলি ঘোষণা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ