ভেনিজুৱেলাত সোমাই সেই দেশৰ প্ৰেছিডেণ্ট নিকোলাছ মাদুৰোক অপহৰণ কৰিছে আমেৰিকাই৷ বিশ্ব ইতিহাসত এই ঘটনা বৰ্তমানলৈকে বৰ বেছি ঘটা নাই৷ আমেৰিকাৰ ইতিহাসতহে এনে কাণ্ড আছে৷ ইৰাকৰ ছাদ্দাম হুছেইন হওক বা পানামাৰ প্ৰেছিডেণ্ট মেনুৱেল নেৰিয়েগাক নিজৰ দেশতেই সোমাই বন্দী কৰিছিল মাৰ্কিন বাহিনীয়ে৷ একেই ঘটনা ঘটিছে মাদুৰোৰ সৈতেও৷ বহুতেই মাদুৰোৰ অপহৰণক বেআইনী আখ্যা দিছে৷ প্ৰশ্ন উঠিছে ভেনিজুৱেলাত সোমাই মাদুৰোক বন্দী কৰাৰ অধিকাৰ আছেনে ডোনাল্ড ট্ৰাম্পৰ? কি কৈছে আন্তৰ্জাতিক আইন?
মাদুৰোক বন্দী কৰাত বিশ্বত সমালোচনা হৈছে৷ আমেৰিকাৰ কিছু বন্ধু দেশ বা ৰিপাব্লিকানেও ট্ৰাম্পৰদ পদক্ষেপক প্ৰশংসাৰে ভৰাই দিলেও বেছিভাগেই এই ঘটনাক নিন্দা কৰিছে৷ তেওঁলোকৰ মতে এনেকৈ মাদুৰোক বন্দী কৰাটো ভেনিজুৱেলাৰ আঞ্চলিক সাৰ্বভৌমত্বত আঘাত হনাৰ বাদে আন একো নহয়৷ বহু দেশেই এই বিষয়ে ৰাষ্ট্ৰপুঞ্জৰ হস্তক্ষেপৰ দাবী জনাইছে৷ প্ৰতিক্ৰিয়া দিছে ৰাষ্ট্ৰপুঞ্জইয়ো৷ তেওঁলোকে জনাইছে যে আমেৰিকাৰ এই পদক্ষেপ বিশ্বৰ দৰবাৰত এক বিপজ্জনক নজিৰ৷
১৯৪৫ চনৰ অক্টোবৰত ৰাষ্ট্ৰপুঞ্জই এখন বিশেষ চুক্তি স্বাক্ষৰ কৰাইছিল৷ সেই চনদৰ অনুচ্ছেদ ২(৪) অনুসৰি, সকলো দেশে অন্য দেশৰ বিৰুদ্ধে সামৰিক শক্তি ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগিব৷ ৰাষ্ট্ৰপুঞ্জৰ সকলো সদস্যদেশৰ বাবে এই নিয়ম প্ৰযোজ্য৷ তাত কোৱা হৈছে, ‘সকলো সদস্য দেশেই তেওঁলোকৰ আন্তৰ্জাতিক সম্পৰ্কৰ ক্ষেত্ৰত অন্য দেশৰ আঞ্চলিক অখণ্ডতা বা ৰাজনৈতিক স্বাধীনতাৰ বিৰুদ্ধে বলপ্ৰয়োগ কৰিব নোৱাৰিব৷ অৰ্থাৎ, স্পষ্টভাৱে আমেৰিকাই ৰাষ্ট্ৰপুঞ্জৰ চনদ লঙ্ঘন কৰিছে৷
ডাউটি ষ্ট্ৰিট চেম্বাৰ্ছৰ প্ৰতিষ্ঠাতা তথা চিয়েৰা লিওনে ৰাষ্ট্ৰপুঞ্জৰ যুদ্ধাপৰাধ আদালতৰ প্ৰাক্তন সদস্য জিওফ্ৰে ৰবাৰ্টছনৰ মতে, ‘আমেৰিকা বাস্তৱত ৰাষ্ট্ৰপুঞ্জৰ নিয়ম লঙ্ঘন কৰিছে৷ আগ্ৰাসনৰ অপৰাধত অপৰাধী তেওঁলোক৷ নুৰেমবাৰ্গৰ আদালতে এই ধৰণৰ ঘটনাক সৰ্বোচ্চ অপৰাধ হিচাপে বৰ্ণনা কৰিছে৷’ সাংবিধানিক আইন বিশেষজ্ঞ তথা নৰ্থইষ্টাৰ্ন বিশ্ববিদ্যালয়ৰ অধ্যাপক জেৰেমি পল সংবাদসংস্থা ৰয়টাৰ্ছক কৈছে, ‘এয়া আইনপ্ৰয়োগকাৰী সংস্থাৰ অভিযান আছিল৷ এই অভিযানৰ কোনো অৰ্থ নাই৷’ আন্তৰ্জাতিক আইন অনুসৰি, অন্য কোনো দেশৰ ৰাষ্ট্ৰপ্ৰধানক আটক কৰাৰ কোনো ক্ষমতা নাই আমেৰিকাৰ৷
মাদুৰোক আটক কৰাৰ নেপথ্যত আমেৰিকাৰ নিজস্ব কিছু যুক্তি আছে৷ আমেৰিকাই বাৰে বাৰে দাবী কৰিছে, নিৰ্বাচনত ভোটচুৰি কৰি ক্ষমতালৈ আহিছে মাদুৰো৷ প্ৰেচিডেণ্ট হিচাপে তেওঁৰ বৈধতাক লৈয়ো প্ৰশ্ন তুলিছে মাৰ্কিন প্ৰশাসন৷ ইয়াৰোপৰি মাদক সৰবৰাহ বা সন্ত্ৰাসবাদক সহায় কৰাৰ দৰে অভিযোগো আছে মাদুৰোৰ বিৰুদ্ধে৷ মাদুৰোক গ্ৰেপ্তাৰ কৰাৰ বাবে বিচাৰ বিভাগত সহায়তা বিচাৰিছিল মাৰ্কিন প্ৰশাসনেও বুলি দাবী কৰিছে আমেৰিকাই৷ মাদুৰোক আটক কৰা কোনো সামৰিত অভিযান নহয়. বিচাৰ বিভাগৰ অনুৰোধতেই এই পদক্ষেপ৷
আমেৰিকা প্ৰশাসনৰ যুক্তিৰ সৈতে কিন্তু সহমত নহয় ট্ৰাম্প৷ তেওঁ মাদুৰোৰ বিৰুদ্ধে তেল চুৰিৰ অভিযোগ আনিছে৷ মাদুৰোক আটক কৰাৰ ঘটনা প্ৰসংগত দৰ্পেৰে ট্ৰাম্পে কৈছে, ‘আমেৰিকাই যি অৰ্জন কৰিছে, বিশ্বৰ কোনো দেশেই সেয়া কৰিব পৰা নাই৷ অলপ সময়ৰ ভিতৰত ভেনিজুৱেলাৰ সমস্ত সামৰিক ক্ষমতা শক্তিহীন হৈ পৰিছিল৷ ট্ৰাম্পে লগতে জনাইছে যে, ভেনিজুৱেলাৰ ইন্ধনভাণ্ডাৰ দখলৰ বাবে শীঘ্ৰেই মাৰ্কিন তেল কোম্পানীসমূহক অনুমোদন দিয়াৰ পৰিকল্পনা কৰিছে তেওঁ৷ ট্ৰাম্পে জনাইছে, মাৰ্কিন সংস্থাসমূহে এই প্ৰকল্প কোটি কোটি ডলাৰত ব্যয় কৰিব৷ মাৰ্কিন প্ৰেছিডেণ্টৰ বক্তব্যৰ পাছতেই বহুতে দাবী কৰিছে, ট্ৰাম্পৰ লক্ষ্যই আছিল ভেনিজুৱেলাৰ তেলৰ ভাণ্ডাৰ৷ সেই কাৰণেই এই অভিযান৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















