ছিৰিয়াত আমেৰিকাৰ বৃহৎ আক্ৰমণ, আইছিছৰ ৭০ৰৰো অধিক আত্মগোপন স্থান ধ্বংস
ছিৰিয়াত ইছলামিক ষ্টেটৰ বিৰুদ্ধে পুনৰ এক বৃহৎ সামৰিক অভিযান আৰম্ভ কৰিছে আমেৰিকাই। পালমাইৰা অঞ্চলত আক্ৰমণত আমেৰিকান সৈন্যৰ মৃত্যুৰ পিছত এইদৰে আমেৰিকাই ছিৰিয়াৰ বিৰুদ্ধে আক্ৰমণ আৰম্ভ কৰে। আমেৰিকাৰ সেনাই “অপাৰেচন হকআই ষ্ট্ৰাইক” নামৰে আৰম্ভ কৰিছে এই অভিযান, যাৰ লক্ষ্য হৈছে আইছিছৰ নেটৱৰ্ক সম্পূৰ্ণৰূপে ধ্বংস কৰা।
আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথ আৰু স্বয়ং ৰাষ্ট্ৰপতি ট্ৰাম্পে এই আক্ৰমণ নিশ্চিত কৰিছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পেন্টাগনৰ মুৰব্বী পিট হেগছেথে কয় যে ১৩ ডিচেম্বৰত ছিৰিয়াত আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণত দুজন আমেৰিকান সৈনিক আৰু এজন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে আন তিনিজন গুৰুতৰভাৱে আহত হৈছিল। এই আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপেই ছিৰিয়াৰ আইছিছৰ বিৰুদ্ধে এই সামৰিক অভিযান আৰম্ভ কৰা হৈছে।
আমেৰিকাৰ ফালৰ পৰা সদৰি কৰা অনুসৰি এই “অপাৰেচন হকআই ষ্ট্ৰাইক” অভিযানত মধ্য ছিৰিয়াৰ ৭০ৰৰো অধিক আইছিছৰ আত্মগোপন স্থান ধ্বংস কৰা হৈছে। সেই স্থান সমুহ কেৱল সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানেই নাছিল, অস্ত্ৰ-শস্ত্ৰ সংৰক্ষণৰ সুবিধা আৰু প্ৰশিক্ষণ ঘাটিয়ো আছিল।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই সামৰিক কাৰ্যকলাপৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছ’চিয়েল মিডিয়াত লিখিছে যে এই আক্ৰমণৰ লক্ষ্য হৈছে আইছিছৰ দুৰ্গ। ট্ৰাম্পে সকীয়াই দিয়ে যে যিকোনো সন্ত্ৰাসবাদী সংগঠনে আমেৰিকাক আক্ৰমণ বা ভাবুকি দিবলৈ চেষ্টা কৰিলে পূৰ্বতকৈ অধিক বিপজ্জনক সঁহাৰিৰ সন্মুখীন হ’ব লাগিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















