• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বোয়িং বিমানত ইন্ধনৰ ছুইচ লক কৰা নাই! ৭ বছৰ পূৰ্বেই এই বিসংগতিক লৈ সতৰ্ক কৰিছিল মাৰ্কিন সংস্থাই, কিয় গুৰুত্ব দিয়া নাছিল এয়াৰ ইণ্ডিয়াই?

বোয়িং বিমানত ইন্ধনৰ ছুইচ লক কৰা নাই! ৭ বছৰ পূৰ্বেই এই বিসংগতিক লৈ সতৰ্ক কৰিছিল মাৰ্কিন সংস্থাই, কিয় গুৰুত্ব দিয়া নাছিল এয়াৰ ইণ্ডিয়াই?

7 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

1 week ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

1 week ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

1 week ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

1 week ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

1 week ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

1 week ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

1 week ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বোয়িং বিমানত ইন্ধনৰ ছুইচ লক কৰা নাই! ৭ বছৰ পূৰ্বেই এই বিসংগতিক লৈ সতৰ্ক কৰিছিল মাৰ্কিন সংস্থাই, কিয় গুৰুত্ব দিয়া নাছিল এয়াৰ ইণ্ডিয়াই?

বোয়িং বিমানত ইন্ধনৰ ছুইচ লক কৰা নাই! ৭ বছৰ পূৰ্বেই এই বিসংগতিক লৈ সতৰ্ক কৰিছিল মাৰ্কিন সংস্থাই, কিয় গুৰুত্ব দিয়া নাছিল এয়াৰ ইণ্ডিয়াই?

editor by editor
July 12, 2025
in জীৱনশৈলী, বিশ্ব, ভাৰত, লেখা
0
বোয়িং বিমানত ইন্ধনৰ ছুইচ লক কৰা নাই! ৭ বছৰ পূৰ্বেই এই বিসংগতিক লৈ সতৰ্ক কৰিছিল মাৰ্কিন সংস্থাই, কিয় গুৰুত্ব দিয়া নাছিল এয়াৰ ইণ্ডিয়াই?
0
SHARES
512
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বোয়িং সংস্থাৰ কিছু বিমানত ইন্ধনৰ ছুইচত ত্ৰুটি আছে৷ ৭ বছৰ পূৰ্বেই এই বিষয়ক লৈ সতৰ্কবাৰ্তা দিছিল আমেৰিকাৰ ফেডাৰেল এভিয়েছন এডমিনিষ্ট্ৰেচনে৷ কিন্তু এই সতৰ্কবাৰ্তাৰ ওপৰত ভিত্তি কৰি কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই৷ বিগত ১২ জুনত যি বিমান দুৰ্ঘটনাৰ কবলত পৰিছিল সেয়াও বোয়িঙেই আছিল৷ বহুতেই কৈছে যে বিমান সংস্থাই যদি কিছু সতৰ্কতা অৱলম্বন কৰিলেহেতেন তেন্তে এই দুৰ্ঘটনাও নহ’লহেতেন৷

শনিবাৰে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ প্ৰাথমিক তদন্ত ৰিপৰ্ট প্ৰকাশ কৰিছে তদন্তকাৰী সংস্থা এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেছন ব্যুৰই৷ তাৰ পৰা প্ৰাথমিকভাৱে ধাৰণা কৰা হৈছে বিমানৰ ইন্ধনৰ ছুইচ বন্ধ হৈ পৰাটোৱেই দুৰ্ঘটনাৰ মূল কাৰণ৷ বিমানে ৰানৱে এৰাৰ পাছতেই ইন্ধনৰ ছুইচ বন্ধ হৈ পৰিছিল৷ ফলত ইঞ্জিনলৈ ইন্ধনৰ সৰবৰাহ হোৱা নাছিল৷ বিকল ইঞ্জিন লৈ মাজ আকাশত উৰিব পৰা নাছিল এয়াৰ ইণ্ডিয়াৰ এ আই ১৭১য়ে৷

২০১৮ চনৰ ডিচেম্বৰত এফ এ এ বোয়িং ৭৩৭ জেটসমূহক লৈ এক উপদেশাৱলী জাৰি কৰিছিল৷ স্পেছিয়েল এয়াৰৱৰ্ডিনেছ ইনফৰমেছন বুলেটিনত কোৱা হৈছিল যে বোয়িং ৭৩৭ৰ কিছু বিমানত ইন্ধন নিয়ন্ত্ৰণকাৰী ছুইচ ত্ৰুটিপূৰ্ণভাৱে লগোৱা হৈছে৷ তাত লকিং ফিচাৰ বিচ্ছিন্ন অৱস্থাত আছে৷ এই বোয়িংৰ নিৰ্দিষ্ট সেই বিমানসমুহক অসুৰক্ষিত বুলি আখ্যা নিদিলেও ভুল আঙুলিয়াই দিয়া হৈছিল৷ সাধাৰণতে বিমানৰ কোনো ত্ৰুটি গুৰুত্বপূৰ্ণ বুলি ধাৰণা হলে এয়াৰৱৰ্ডিনেন্স ডাইৰেক্টিভছে দিয়ে কৰে বিশেষ উপদেশাৱলী৷ এয়াৰ ইণ্ডিয়াৰ বোয়িংৰ  ইন্ধন ছুইচত থকা ত্ৰুটি তেওঁলোকে আঙুলিয়াই দিছিল৷
বোয়িং ৭৩৭ জেটৰ ছুইচ ডিজাইন ৭৮৭-৮ জেটতো ব্যৱহাৰ কৰা হৈছে৷ এই বিমানেই আহমেদাবাদত দুৰ্ঘটনাত পৰে৷ এফ এ এ ছুইচৰ ত্ৰুটিৰ বিষয়ে পূৰ্বে জনাৰ পাছতো কোনো পদক্ষেপ কিয় গ্ৰহণ কৰা নাছিল এয়াৰ ইণ্ডিয়াই সেই প্ৰশ্নও এতিয়া বহুজনে উত্থাপন কৰিছে৷

ইন্ধনৰ ছুইচ সাধাৰণতে বিমানে ৰানৱে এৰাৰ পূৰ্বে আৰু অৱতৰণৰ সময়ত ৰানৱে চোৱাৰ পাছত ব্যৱহাৰ কৰে পাইলটে৷ ইয়াৰ মাধ্যমেৰে ইঞ্জিনলৈ ইন্ধন সৰবৰাহ হয়৷ মাজ আকাশত কোনো আপৎকালীন পৰিস্থিতি তৈয়াৰ হলেও এই ছুইচৰ মাধ্যমেৰে ইন্ধনৰ নিয়ন্ত্ৰণ কৰে পাইলটে৷  এইখন বোয়িংৰ ক্ষেত্ৰত ইন্ধনৰ ছুইচ উৰণ আৰম্ভ হোৱাৰ পাছতেই বন্ধ হৈছিল৷ ফলত বিকল হৈ পৰিছিল দুয়োটা ইঞ্জিন৷ বিশেষজ্ঞই কৈছে, ভুল কৰিও কোনো পাইলটে ইন্ধনৰ ছুইচ বন্ধ নকৰে৷ বিশেষকৈ যেতিয়া বিমানে ৰানৱে এৰিছে তেনে সময়ত এইকাম কোনো পাইলটেই নকৰে৷

তদন্তৰ ৰিপৰ্ট অনুসৰি বিমানখনে উৰণৰ মাত্ৰ কেইছেকেণ্ডৰ ভিতৰতেই দুটা ইঞ্জিন বন্ধ হৈ পৰিছিল৷ ইন্ধনৰ ছুইচ ৰানৰ পৰা কাটঅফ হৈ পৰিছিল৷ সেই সময়তেই এগৰাকী পাইলটে অইনগৰাকী পাইলটক সুধিছিল, ‘তুমি কিয় ইন্ধনৰ ছুইচ বন্ধ কৰিছা?’ অইনগৰাকী পাইলটেও উত্তৰত কৈছিল, ‘মই একো ছুইচেই বন্ধ কৰা নাই৷’ তাৰপিছতেই বিমানৰ গতি আৰু উচ্চতা কমিবলৈ ধৰে৷ শেষত বিল্ডিঙত খুন্দা মাৰি জ্বলি যায় বিমানখন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
১ আগষ্ট ২০২৫ৰ পৰা UPIৰ নিয়মৰ সালসলনি, কি কি সলনি হ’ব UPI লেনদেনত?

১ আগষ্ট ২০২৫ৰ পৰা UPIৰ নিয়মৰ সালসলনি, কি কি সলনি হ’ব UPI লেনদেনত?

২০১৭ তে উকলে ভিছাৰ ম্যাদ, জনবসতিৰ পৰা আঁতৰি দুই সন্তানৰ সৈতে কৰ্নাটকৰ গুহাত বাস ৰাছিয়ান মহিলাৰ

২০১৭ তে উকলে ভিছাৰ ম্যাদ, জনবসতিৰ পৰা আঁতৰি দুই সন্তানৰ সৈতে কৰ্নাটকৰ গুহাত বাস ৰাছিয়ান মহিলাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.