দৃক পঞ্চাঙ্গ অনুসৰি ২০২৬ চনৰ ১৩ মে’ৰ নিশা ১১.২৭ মিনিটত বুধে তাৰ দিশ পৰিবৰ্তন কৰি উত্তৰ দিশত গমন কৰিব৷ এই পৰিবৰ্তন অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি ধাৰণা কৰা হৈছে৷ কাৰণ উত্তৰ দিশক ধন সম্পদৰ দেৱতা কুবেৰৰ দিশ বুলি ধাৰণা কৰা হয়৷ বুধৰ এই পৰিবৰ্তনে অৰ্থ, কৰ্মজীৱন আৰু ব্যৱসায় সংক্ৰান্তিয় বিষয়সমূহক বিশেষভাৱে প্ৰভাৱিত কৰিব পাৰে৷
জ্যোতিষীৰ মতে বুধৰ গতিৰ এই পৰিবৰ্তন বহু ৰাশিৰ বাবেই উপকাৰী হব পাৰে৷ বিশেষকৈ কিছু ৰাশিৰ বাবে এই সময়ে আৰ্থিক সমৃদ্ধিৰ ইংগিত দিয়ে৷ বকেয়া অৰ্থ পুনৰুদ্ধাৰ, নতুন সুযোগ আৰু বিনিয়োগৰ পৰা লাভৱানৰ সম্ভাৱনা আছে৷ চিন্তন দক্ষতা আৰু যোগাযোগ দক্ষতাও উন্নত হব৷ যিয়ে কৰ্মক্ষেত্ৰত সাফল্যৰ দিশক পৰিচালিত কৰিব৷ জানি থওক কোন কোন ৰাশি বুধৰ এই পৰিবৰ্তনত উপকৃত হ’ব পাৰে?
মিথুন ৰাশি
বুধ মিথুন ৰাশিৰ অধিপতি গ্ৰহ৷ সেয়ে এই পৰিবৰ্তন আপোনাৰ বাবে বিশেষভাৱে উপকাৰী হব পাৰে৷ আপোনাৰ কৰ্মজীৱনে গতি পাব৷ আপুনি নতুন দায়িত্ব পাব পাৰে৷ আপোনাৰ যোগাযোগ দক্ষতাই মানুহক মুগ্ধ কৰিব৷ যিয়ে নতুন সুযোগৰ পথ খুলি দিব৷ নতুন ব্যৱসায়িক ডিলৰ ইংগিত আছে৷ ৰৈ থকা ফাণ্ড পুনৰুদ্ধাৰ হব পাৰে৷ আয়ৰ নতুন পথ খুলিব৷ আনকি সৰু বিনিয়োগৰ পৰাও ভাল লাভ হব পাৰে৷ এই সময়ত আপোনাৰ আত্মবিশ্বাস আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা শক্তিশালী থাকিব৷
কন্যা ৰাশি
এই সময় কন্যাৰাশিৰ জাতক জাতিকাৰ বাবে আৰ্থিক সচ্ছলতা কঢ়িয়াই আনিব পাৰে৷ কৰ্মক্ষেত্ৰত ভাৰসাম্য বৰ্তি থাকিব৷ কৰ্মক্ষেত্ৰত উন্নতিৰ সুযোগ আছে৷ পদোন্নতি বা দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে৷ ব্যৱসায়িক পৰিকল্পনা সফল হব পাৰে৷ পুৰণি পৰিচয় কামত আহিব৷ আৰ্থিক লাভৰ ভাল লক্ষণ দেখা গৈছে আৰু খৰচো নিয়ন্ত্ৰণত থাকিব৷ এই সময়ত আপোনাৰ পৰিকল্পনা কৰাৰ দক্ষতা উন্নত হব৷ যি ভৱিষ্যতে আপোনাৰ বাবে উপকাৰী হব৷
তুলা ৰাশি
বুধৰ এই গোচৰে তুলা ৰাশিৰ জাতকৰ বাবে ইতিবাচক ফল কঢ়িয়াই আনিব৷ নতুন কৰ্মজীৱনৰ সুযোগ আহিব পাৰে আৰু কৰ্ম আৰু ব্যক্তিগত জীৱনত ভাৰসাম্য বৰ্তি থাকিব৷ আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু শক্তিশালী হব৷ চাকৰি পৰিবৰ্তন আৰু পদোন্নতিৰ সম্ভাৱনা আছে৷ ব্যৱসায়িক অংশীদাৰিত্বৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে৷ আপুনি বকেয়া অৰ্থ পুনৰুদ্ধাৰ কৰিব পাৰে৷ আপোনাৰ যোগাযোগ আৰু নেটৱৰ্কিং দক্ষতাই আপোনাক উন্নতি কৰাত সহায় কৰিব৷
মকৰ ৰাশি
এই সময় মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে ধীৰ কিন্তু স্থিৰ অগ্ৰগতি কঢ়িয়াই আনিব৷ আপোনাৰ কামৰ প্ৰশংসা কৰা হব৷ নতুন প্ৰজেক্ট অহাৰ সম্ভাৱনা আছে৷ আপোনাৰ ব্যৱসায়ত উন্নতি হব৷ শ্বেয়াৰ বজাৰত বিনিয়োগৰ পৰা ভাল মুনাফা আদায় কৰিব৷ দীৰ্ঘদিনৰ অমীমাংসিত কাম সম্পন্ন হব পাৰে৷ আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হব৷ আপোনাৰ চিন্তাভাৱনা ইতিবাচক থাকিব৷ যিয়ে আপোনাৰ ভাৱিচিন্তি সিদ্ধান্ত লোৱাত সহায় কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















