ভাৰতীয় ক্ৰিকেটৰ উদিত সূৰ্য বৈভৱ সূৰ্যবংশীয়ে আকৌ এবাৰ ক্ৰিকেটৰ ৰেকৰ্ড বুকত নিজৰ নাম লিখিবলৈ সক্ষম হৈছে। ১৫ বছৰীয়া বৈভৱে সোমবাৰে দুলীপ ট্ৰফী ২০২৬ৰ ছেমি ফাইনেলত সৰ্বকনিষ্ঠ বেটছমেন হিচাপে অৰ্ধশতক অৰ্জন কৰি ৫৭ বছৰ পুৰণি ৰেকৰ্ড ভংগ কৰে। বেংগালুৰুস্থিত BCCIৰ Centre of Excellence খেলপথাৰত Central Zoneৰ বিৰুদ্ধে ইষ্ট জ’নৰ হৈ এই কৃতিত্ব অৰ্জন কৰে বৈভৱে। নিজৰ স্বভাৱসূলভ বেটিঙেৰে বৈভৱে মাত্ৰ ৪২ টা বলতে অৰ্ধশতক সম্পূৰ্ণ কৰে। এটা বিশাল ছিক্সাৰ মাৰি অৰ্ধশতক সম্পূৰ্ণ কৰা বৈভৱে Central Zoneৰ বলাৰসকলক যথেষ্ট চাপত ৰাখে। কেৱল সৰ্বকনিষ্ঠ বেটছমেন হিচাপে অৰ্ধশতক অৰ্জন কৰাই নহয় বৈভৱৰ এই ইনিংছটো আছিল দুলীপ ট্ৰফীৰ দ্ৰুততম অৰ্ধশতকীয় ইনিংছ।
ইয়াৰ পূৰ্বে দুলীপ ট্ৰফীত সৰ্বকনিষ্ঠ বেটছমেন হিচাপে অৰ্ধশতক কৰাৰ ৰেকৰ্ড আছিল লক্ষ্মণ সিঙৰ নামত। ১৯৬৯ চনত তেওঁ ১৬ বছৰ ২৩ দিন বয়সত এই কৃতিত্ব অৰ্জন কৰিছিল। বৈভৱে এইবাৰ মাত্ৰ ১৫ বছৰ ১৭৫ দিন বয়সতে অৰ্ধশতক কৰি সেই ৰেকৰ্ড নিজৰ নামত ৰাখে। তালিকাত তৃতীয় স্থানত আছে ভাৰতৰ প্ৰাক্তন লেগ স্পিনাৰ পীয়ুষ চাওলা, যিয়ে ১৬ বছৰ ৩০৭ দিন বয়সত দুলীপ ট্ৰফীত অৰ্ধশতক কৰিছিল।
অৰ্ধশতকৰ পিছতো বৈভৱে আক্ৰমণাত্মক বেটিং অব্যাহত ৰাখে। ৮১টা বলত ৯২ ৰান কৰি বাউণ্ডেৰীত কেচ দি পেভেলিয়নমুখী হয় বৈভৱ। তেওঁৰ আজিৰ এই ইনিংছটোত আছিল ৭টা চাৰি আৰু ৭টা ছয়। মাত্ৰ ৮ ৰানৰ বাবে শতকৰ পৰা বঞ্চিত হোৱা বৈভৱে শতকটো সম্পূৰ্ণ কৰিব পাৰিলেই আন এটা ডাঙৰ ৰেকৰ্ড ভংগ কৰিব পাৰিলেহেঁতেন। দুলীপ ট্ৰফীৰ সৰ্বকনিষ্ঠ শতক অৰ্জনকাৰীৰ ৰেকৰ্ড বৰ্তমানো শচীন তেণ্ডুলকাৰৰ নামত আছে। ১৯৯০-৯১ ছিজনত শচীনে ১৭ বছৰ ২৬২ দিন বয়সত দুলীপ ট্ৰফীত শতক কৰিছিল। বৈভৱে ৯২ ৰানতে আউট হোৱাৰ বাবে এই ৰেকৰ্ডটো অক্ষুণ্ণ থাকিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















