বাস্তুশাস্ত্ৰ অনুসৰি আমাৰ ঘৰৰ কোন কোন দিশত কোন কোন ঈশ্বৰৰ বসবাস সেই কথা বহুতৰেই অজ্ঞাত। এই কথা মনত ৰাখি যদি সেই মতে ঘৰৰ সামগ্ৰীসমূহ ৰাখে তেন্তে ঈশ্বৰৰ আশীৰ্বাদ আপোনাৰ ওপৰত বৰ্ষিত হ’ব। আমাৰ ঘৰৰ কোন দিশত মা লক্ষ্মী আৰু মহাদেৱে বাস কৰে জানেনে?
মহাদেৱৰ মাহাত্ম্য
হিন্দু ধৰ্ম অনুসৰি মহাদেৱ হৈছে আদিদেৱ। সকলো দেৱতাৰেই তেওঁ আৰাধ্য। মহাদেৱৰ আশীৰ্বাদ যদি আমাৰ ওপৰত থাকে তেন্তে মৃত্যুভয়ে আপোনাক কোঙা কৰিব নোৱাৰে। যি ব্যক্তিয়ে শিৱৰ উপাসনা কৰে তেওঁৰ মনত ভয় ভীত থাকিব নোৱাৰে। তেওঁৰ পৰিয়ালত সকলো সময়তে সুখ শান্তিয়ে বিৰাজ কৰি থাকে।
মা লক্ষ্মীৰ মাহাত্ম্য
অন্যহাতে হিন্দুধৰ্ম অনুসৰি মা লক্ষ্মী হৈছে সম্পদ আৰু সমৃদ্ধিৰ অধিষ্ঠাত্ৰী দেৱী। তেওঁ প্ৰসন্ন হ’লে সংসাৰৰ পৰা আৰ্থিক অনাটনৰ কলা ছায়া আঁতৰে। সেয়ে গৃহস্থৰ ঘৰত সকলো সময়ত লক্ষ্মী দেৱীৰ আৰাধনা কৰা হয়। বাস্তু অনুসৰি ঘৰৰ কোন কোন দিশত লক্ষ্মী আৰু মহাদেৱে বাস কৰে জানি থওক সবিশেষ।
ঘৰৰ কোন দিশত মহাদেৱে বাস কৰে?
বাস্তু অনুসৰি আমাৰ ঘৰৰ উত্তৰ-পূৱ দিশ হৈছে সকলোতকৈ গুৰুত্বপূৰ্ণ দিশ। এই দিশত স্বয়ং শিৱ শংকৰে বাস কৰে বুলি বাস্তু শাস্ত্ৰত উল্লেক আছে। সেয়ে ঘৰৰ উত্তৰ-পূব অংশক সদায়ে পৰিস্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগে। এই দিশত কাহানিও আৱৰ্জনা জমা হ’বলৈ দিব নালাগে। ঘৰৰ উত্তৰ-পূৱ দিশত কোনো ধৰণৰ ভঙা সামগ্ৰী বা নষ্ট হৈ যোৱা সামগ্ৰী ৰাখিব নালাগে। কোনো প্ৰয়োজনীয় সামগ্ৰীহে এই দিশত ৰাখিব লাগে। উত্তৰ-পূৱ দিশত কোনো ওজন থকা সামগ্ৰী ৰখা উচিত নহয়। উত্তৰ-পূৱ দিশৰ পৰা উৎপন্ন হোৱা পজিটিভ এনাৰ্জিয়ে আপোনাৰ ঘৰত পজিটিভ এনাৰ্জী সৃষ্টি কৰিব। ঘৰৰ উত্তৰ-পূৱ দিশৰ দেৱালত কেতিয়াও কলা ৰং দিব নালাগে। এই দিশত পাৰিলে সেউজীয়া ৰং দিব।
ঘৰৰ কোন দিশত মা লক্ষ্মীয়ে বসবাস কৰে?
বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ উত্তৰ-পশ্চিম দিশত লক্ষ্মীয়ে অৱস্থান কৰে। ঘৰৰ এই দিশত তেওঁৰ ছবি বা মূৰ্তি ৰাখিব লাগে। ঘৰৰ উত্তৰ-পশ্চিম দিশত মা লক্ষ্মীৰ ছবি থাকিলে সৌভাগ্য লাভ সম্ভৱ। ইয়াৰোপৰি এই দিশত ৰঙা কাপোৰত এটা ৰূপৰ মুদ্ৰা মেৰিয়াই ৰাখিব পাৰে। এনেকৈ ৰাখিলে লক্ষ্মীৰ আশীৰ্বাদত আপুনি কেতিয়াও আৰ্থিক কষ্টৰ সন্মুখীন নহয়।
মা লক্ষ্মী আৰু মহাদেৱক প্ৰসন্ন কৰাৰ উপায়
ঘৰত পজিটিভ এনাৰ্জি প্ৰবাহিত কৰিবলৈ ঘৰৰ উত্তৰ-পূৱ দিশত এটুকুৰা চন্দন কাঠ ৰাখিব। উত্তৰ-পূৱ দিশ হৈছে মহাদেৱৰ দিশ। এই দিশত প্ৰতিদিনে অলপমান গঙ্গাজল ছটিয়াই থাকিলে মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব। যদি আপোনাৰ ঘৰৰ মূল দুৱাৰ উত্তৰ-পশ্চিম দিশত হয় তেন্তে অত্যন্ত শুভ। প্ৰতি সন্ধিয়া উত্তৰ-পশ্চিম দিশত অৰ্থাৎ মা লক্ষ্মীৰ দিশত এটা প্ৰদীপ জ্বলাই ৰাখিব। এই কাম কৰিলে আপোনাৰ পৰিয়ালত আৰ্থিক উন্নতিৰ পথ প্ৰশস্ত হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ