জ্যোতিষশাস্ত্ৰত শুক্ৰই যেতিয়া ৰাশি পৰিবৰ্তন কৰে তেতিয়াই তাৰ শুভ আৰু অশুভ প্ৰভাৱ পৰে ১২ ৰাশিৰ ওপৰত৷ শুক্ৰক ধন বৈভৱ, প্ৰেম আৰু সৌন্দৰ্যৰ কাৰক গ্ৰহ বুলি কোৱা হয়৷ বৈদিক জ্যোতিষমতে শুক্ৰৰ অৱস্থান শক্তিশালী হলে জীৱনলৈ সুখ আৰু সমৃদ্ধি আহে৷ সেয়ে শুক্ৰৰ অৱস্থান পৰিবৰ্তনে বিভিন্ন ৰাশিৰ জীৱনত নানান সলনি আনিব পাৰে৷ শুক্ৰই আগন্তুক ১৯ মাৰ্চৰ সন্ধিয়া ৫ বাজি ৫১ মিনিটত মীন ৰাশিত অস্ত যাব৷ শুক্ৰৰ এই অস্ত দশাই ৪ ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খুলিব৷ আপুনিও আছে নেকি সেই তালিকাত?
মিথুন ৰাশি
শুক্ৰৰ মীন ৰাশিত অস্ত দশাই মিথুন ৰাশিৰ জীৱনত ইতিবাচক পৰিবৰ্তন আনিব পাৰে৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ নতুন চাকৰিৰ সুযোগ পাব পাৰে৷ ব্যৱসায়ত পাৰ্টনাৰৰ সৈতে ডাঙৰ বিনিয়োগ কৰিব পাৰে৷ দাম্পত্যত সমস্যা দূৰ হব৷ সন্তানৰ স্বাস্থ্য ভালে থাকিব৷
সিংহ ৰাশি
শুক্ৰৰ অস্ত দশা সিংহ ৰাশিৰ বাবে লাভজনক হব৷ কেৰিয়াৰত উন্নতিৰ পথৰ সকলো বাধা দূৰ হব৷ ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে৷ চাকৰিত নতুন দায়িত্ব পাব পাৰে৷ প্ৰেম জীৱনৰ বাবে এই সময় অনুকূল৷ অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷
তুলা ৰাশি
শুক্ৰৰ প্ৰভাৱত তুলা ৰাশিৰ অৰ্থভাগ্য সলনি হব৷ বহু দিন ধৰি পাবলগীয়া টকা লাভ কৰিব৷ লটাৰী কাটিলে বা ডাঙৰ বিনিয়োগ কৰিলেও লাভৱান হব৷ যিকোনো কামতেই সাফল্যৰ যোগ আছে৷ পৰিয়ালৰ সৈতে কৰোবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷
ধনু ৰাশি
শুক্ৰ অস্ত যোৱাৰ ফলত জীৱনৰ বিভিন্ন দুশ্চিন্তা ক্ৰমশ দূৰ হব৷ আয়ৰ নতুন উৎস বিচাৰি পাব পাৰে৷ শ্বেয়াৰ বজাৰত ধন লগালে ভৱিষ্যতে ভাল লাভ পাব৷ দাম্পত্যত সুখ থাকিব৷ সন্তানৰ পৰা কোনো সুখবৰ পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ