সমগ্ৰ ডিচেম্বৰ মাহজুৰি বাৰে বাৰে নিজৰ স্থান পৰিবৰ্তন কৰিব শুক্ৰই৷ মুঠ ৪ বাৰ নিজৰ স্থান সলনি কৰিব এই গ্ৰহ৷ শুক্ৰই জ্যোতিষমতে ধন-সম্পদ, সমৃদ্ধি, প্ৰেম, ৰোমান্স, জাকজমক আৰু বিলাসিতাৰ প্ৰতীক৷ শুক্ৰৰ আশীৰ্বাদ বৰ্তি থাকিলে জীৱনত সকলো সুখ লাভ কৰিব৷ ডিচেম্বৰ মাহজুৰি শুক্ৰৰ গোচৰৰ প্ৰভাৱ পৰিব ৫ ৰাশিৰ জীৱনত৷
কেতিয়া ক’ত অৱস্থান কৰিব শুক্ৰ?
৯ ডিচেম্বৰ ২০২৫ত শুক্ৰই অনুৰাধা নক্ষত্ৰৰ পৰা জ্যেষ্ঠ নক্ষত্ৰলৈ গমন কৰিব৷ তাৰপিছতেই ১৯ ডিচেম্বৰ ২০২৫ত শুক্ৰই দক্ষিণ দিশলৈ গমন কৰিব৷ ২০ ডিচেম্বৰ ২০২৫ শুক্ৰ বৃশ্চিক ৰাশিৰ পৰা ধনু ৰাশিত প্ৰৱেশ কৰিব৷ ৩০ ডিচেম্বৰ ২০২৫ত শুক্ৰই মূল নক্ষত্ৰৰ পৰা পূৰ্বাষাধা নক্ষত্ৰত গমন কৰিব৷ শুক্ৰৰ স্থান পৰিবৰ্তনৰ প্ৰভাৱ ৫ৰাশিৰ জাতকৰ জীৱনত আৰ্থিক সংকট দূৰ হ’ব৷ বাঢ়িব অৰ্থৰ প্ৰবাহ৷
কোন কোন ৰাশিৰ জীৱনত প্ৰভাৱ পৰিব?
শুক্ৰৰ স্থান পৰিবৰ্তনৰ প্ৰভাৱ বৃষ ৰাশিৰ ওপৰত
ডিচেম্বৰ মাহ বৃষ ৰাশিৰ জাতকৰ বাবে খুবেই ভাল হ’ব৷ এই জাতকে সম্পদ আৰু সমৃদ্ধি অৰ্জন কৰিব৷ ব্যক্তিগত জীৱনো সমৃদ্ধ হ’ব৷ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ আৰ্থিক ক্ষেত্ৰত সম্পদ বৃদ্ধিৰ বাবে থকা পৰিকল্পনাসমূহ সফল হব৷ স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি হব৷ মানসিক শান্তি বাঢ়িব৷
শুক্ৰৰ স্থান পৰিবৰ্তনৰ প্ৰভাৱ মিথুন ৰাশিৰ ওপৰত
২০২৫ চনৰ ডিচেম্বৰ মাহ মিথুন ৰাশিৰ জাতকৰ বাবে খুবেই ভাল হ’ব৷ ভাগ্য আৰু সম্পদ বৃদ্ধি পাব৷ প্ৰেম আৰু ৰোমান্সৰ বাবেও আদৰ্শ সময়৷ শিল্প আৰু সংগীতৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব৷ সৰু বিনিয়োগ লাভজনক হব৷ শৰীৰ স্বাস্থ্য ভালে থাকিব৷
শুক্ৰৰ স্থান পৰিবৰ্তনৰ প্ৰভাৱ কন্যা ৰাশিৰ ওপৰত
কন্যা ৰাশিৰ জাতকৰ বাবে এই পৰিবৰ্তন সুখ, সমৃদ্ধি আৰু ভালপোৱা কঢ়িয়াই আনিব৷ পাৰিবাৰিক সম্পৰ্কৰ উন্নতি হব৷ চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতি হব৷ বিনিয়োগত লাভৰ মুখ দেখিব৷ মানসিক ভাৰসাম্য বৰ্তি থাকিব৷
শুক্ৰৰ স্থান পৰিবৰ্তনৰ প্ৰভাৱ তুলা ৰাশিৰ ওপৰত
তুলা ৰাশিৰ জাতকৰ বাবে এই সময় অত্যন্ত শুভ হব৷ তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ৷ এই ৰাশিৰ অধীনত জন্মগ্ৰহণকাৰীসকলৰ বাবে সুবিধা কঢ়িয়াই আনিব পাৰে৷ ভাগ্য সৰ্বদা আপোনাৰ পক্ষত থাকিব৷ সম্পদ বৃদ্ধি পাব৷ নতুন আৰু উপকাৰী সংযোগ তৈয়াৰ হব৷
শুক্ৰৰ স্থান পৰিবৰ্তনৰ প্ৰভাৱ মীন ৰাশিৰ ওপৰত
২০২৫ চনৰ ডিচেম্বৰ মীন ৰাশিৰ বাবে শুক্ৰৰ প্রভাৱ শুভ হব৷ আৰ্থিক বৃদ্ধি হ’ব৷ বন্ধুবান্ধৱ আৰু পৰিয়াল আপোনাৰ পক্ষত থাকিব৷ বিনিয়োগ লাভজনক হব৷ সামাজিক সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ শৰীৰত স্বাভাৱিক ছন্দ থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















