বিহাৰত ৰে’লেৱৰ নিযুক্তি অনিয়মৰ বিৰুদ্ধে অব্যাহত থকা প্ৰতিবাদে ক্ৰমাৎ হিংসাত্মক ৰূপ ধাৰণ কৰিছে৷
বুধবাৰে ৰে’লৱে চাকৰি প্ৰত্যাশী আৰু শিক্ষাৰ্থীয়ে গয়াৰ ৰেল’ৱে ষ্টেশ্যনত অব্যাহত ৰখা প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছে৷
সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি প্ৰতিবাদকাৰীয়ে গয়া ৰে’লৱে ষ্টেশ্যনত যাত্ৰীবাহী ৰে’ল ৰখাই অগ্নিসংযোগ কৰে৷ যাৰ ফলত দাউ দাউকৈ জ্বলি উঠিছে শ্ৰমজীৱী এক্সপ্ৰেছৰ কেবাটাও দবা৷
ইফালে প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলে ৰে’লৱে ষ্টেশ্যনৰ লগতে যাত্ৰীবাহী ৰে’লখনলৈ শিল আৰু ইটা দলিওৱাৰো বাতৰি আহিছে৷ কিছুমান ঠাইত প্ৰতিবাদকাৰীয়ে চলন্ত ৰে’ল প্ৰতিৰোধ কৰাৰো বাতৰি আহিছে৷ অৱশ্যে হিংসাত্মক প্ৰতিবাদ হ’লেও এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ বাতৰি অহা নাই৷
প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাত ৰে’লৱে বিভাগে কেবাখনো ৰে’লৰ যাত্ৰা বাতিল কৰিছে৷ আনকি হিংসাত্মক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিততে ৰে’লৱে বিভাগে ন-টেকনিকেল পপুলাৰ কেটেগৰীৰ আৰু গ্ৰেড ১ৰ নিযুক্তি পক্ৰিয়াও স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে৷
উল্লেখ্য যে যোৱা ১৫ জানুৱাৰীত ৰে’লৱে বিভাগৰ নিযুক্তিৰ ফলাফল সম্পৰ্কীয় এখন জাননী প্ৰকাশৰ পিছতে বিহাৰত প্ৰতিবাদৰ উকমুকনি ঘটিছিল৷
বিহাৰৰ শিক্ষাৰ্থী আৰু চাকৰি প্ৰত্যাশীসকলে ৰে’লৱে বিভাগৰ উক্ত ফলাফলৰ জাননী বিৰোধিতাৰে ৰাজ্যখনৰ প্ৰায়বোৰ প্ৰধান চহৰতে প্ৰতিবাদ আৰম্ভ কৰে৷ প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসৰি উক্ত নিযুক্তিত চৰম অনিয়ম সংঘটিত হৈছে৷ আৰু এই অনিয়মৰ বিৰুদ্ধে বিহাৰৰ শিক্ষাৰ্থী আৰু চাকৰি প্ৰত্যাশীসকলে মাৰ বান্ধি প্ৰতিবাদত অংশগ্ৰহণ কৰিছে৷
গয়াৰ লগতে ৰাজ্যখনৰ পাটনা, নাৱাদা, মুজফৰপুৰ, সীতামাৰ্হী, বক্সাৰ, ভোজপুৰ আদি জিলাটো শিক্ষাৰ্থী আৰু চাকৰি প্ৰত্যাশীসকলে প্ৰতিবাদ সাৱস্ত্য কৰি আহিছে৷
সোমবাৰৰ পৰা ৰাজ্যখনৰ বিভিন্ন চহৰৰ ৰে’লৱে ষ্টেশ্যনত আৰম্ভ হোৱা এই প্ৰতিবাদে ঠাইয়ে ঠাইয়ে বিক্ষিপ্তৰূপত হিংসাত্মক হৈ পৰাৰো বাতৰি আহিছে৷ ইফালে বুধবাৰে জাহানবাদত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূতিটো প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰিছে৷
আনহাতে যোৱা সোমবাৰে পাটনাত কেবাগৰাকী প্ৰতিবাদকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰো বাতৰি প্ৰকাশ পাইছিল৷ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা কাৰ্যই প্ৰতিবাদকাৰীসকলক অধিক ক্ষুব্ধ কৰি তোলা পৰিলক্ষিত হৈছে৷ যাৰ ফলত প্ৰতিবাদে ক্ৰমশঃ হিংসাত্মক ৰূপ ধাৰণ কৰিছে৷
ইফালে বিহাৰৰ প্ৰতিবাদী শিক্ষাৰ্থী আৰু চাকৰি প্ৰত্যাশীসকলৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন আগবঢ়াইছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷ নিজৰ টুইটাৰ হেণ্ডেলত টুইট কৰি ৰাহুল গান্ধীয়ে প্ৰতিবাদকাৰীসকলক সমৰ্থন কৰি কয় যে অধিকাৰৰ বাবে মাত মতা সকলো যুৱকেই স্বাধীন আৰু স্বতন্ত্ৰ আৰু তেওঁলোকেই দেশত যে এসময়ত গণতন্ত্ৰ আছিল সেই কথা সোঁৱৰাই দিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ