প্ৰথমে ভাইৰেল হৈছিল তেওঁৰ জীৱনদৰ্শন৷ ইয়াৰ পাছতেই আকৌ আৰম্ভ হয় বিতৰ্কৰ৷ মুঠতে এইবাৰ মহাকুম্ভত জনপ্ৰিয়তাৰ শীৰ্ষত আছে IIT বাবা৷ এইবাৰ দেশৰ ৰাজনীতিক লৈ ডাঙৰ ভৱিষ্যদ্বাণী কৰিছে আই আই টি বাবাই৷ জনাইছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আগন্তুক দিনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভৱিষ্যৎ কি সেই জনাই দিছে ভাইৰেল আই আই টি বাবাই৷
এটা সৰ্বভাৰতীয় সংবাদমাধ্যমে দেশৰ ৰাজনীতিক লৈ মুখ খুলিছে আই আই টি বাবাই৷ ৰাজনীতিৰ ভৱিষ্যৎ কি সেয়া জনাবলৈ গৈ কৰিছে কেইবাটাও মন্তব্য৷ তেওঁৰ মতে আগন্তুক দিনত যোগী দেশৰ প্ৰধানমন্ত্ৰী হ’ব৷ দেশৰ প্ৰধানমন্ত্ৰী হৈ নাথাকিলেও অৱশ্যে চৰ্চা কমি নাযায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ তেওঁ আগন্তুক দিনত ৰাষ্ট্ৰপতিৰ পদ অলংকৃত কৰিব৷ এই ভৱিষ্যদ্বাণীৰে আকৌ এবাৰ ভাইৰেল হৈ পৰিছে আই আই টি বাবা৷
IIT বাবাই কয়, ‘যোগী প্ৰধানমন্ত্ৰী হ’ব৷ নৰেন্দ্ৰ মোদী ৰাষ্ট্ৰপতি হ’ব পাৰে৷ এয়া হোৱা উচিতো৷ টাইমলাইন সলনিও হয়৷’ আই আই টি পাছ কৰি আধ্যাত্মিকতাত ডুৱ যোৱাক লৈ নানান প্ৰশ্নও উঠিছে৷ সেই প্ৰসংগতেই যোগীৰ সৈতে নিজৰ তুলনা টানি আনে আই আইটি বাবাই৷ জনাই, যোগী নিজেও সন্ন্যাসী৷ ইয়াৰোপৰি মুখ্যমন্ত্ৰীৰ দায়িত্বও তেওঁ পালন কৰিছে৷ একেলগে যোগীয়ে দুটাকৈ দায়িত্ব পালন কৰিছে৷ IIT বাবাও একে পথেৰে আগুৱাইছে৷ অৱশ্যে সকলোৱে সন্ন্যাস গ্ৰহণ কৰিব লাগিব বুলি কোনো বাধ্যবাধকতা নাই বুলিও জনাইছে আই আই টি বাবাই৷
কুম্ভমেলাৰ পৰা ভাইৰেল হোৱা IIT বাবাৰ প্ৰকৃত নাম অভয় সিংহ৷ IITৰ পৰা এৰোস্পেছ ইঞ্জিনিয়াৰিং পাছ কৰি মহাকাশ গৱেষণাক লৈ কাম কৰিছিল তেওঁ৷ কিন্তু সকলো এৰি সন্ন্যাসী হয় তেওঁ৷ জীৱনৰ অৰ্থ বুজিবলৈ এইসমূহৰ পৰা ওলাই আহিছিল তেওঁ৷ অলপ সময়ৰ মাজতেই তেওঁৰ কাহিনী ভাইৰেলো হৈ যায়৷ ইয়াৰপাছতেই বিতৰ্কত সোমাই পৰে তেওঁ৷ জুনা আখৰাৰ পৰা তেওঁক বাহিৰ কৰি দিয়া হয়৷ আশ্ৰম কৰ্তৃপক্ষৰ দাবী IIT বাবা মাদকাসক্ত৷ যদিও IIT বাবাৰ দাবী যে তেওঁ গোপন কথা ফাঁচ কৰি দিয়ে বুলিয়েই তেওঁক সেই আখৰাৰ পৰা বাহিৰ কৰি দিয়া হৈছে৷
ইফালে পুত্ৰ উচ্চ শিক্ষিত হোৱাৰ পাছতো কিয় সন্ন্যাসী হৈ গ’ল সেই বিষয়টোক লৈ সংবাদমাধ্যমৰ সন্মুখত মুখ খুলিছে IIT বাবাৰ পিতৃয়ে৷ জনাইছে মাতৃ পিতৃৰ মাজত দৈনিক অশান্তি, গৃহকন্দলৰ বাবেই অভয়ে ঘৰ ত্যাগ কৰিছিল৷ শিশুমনত গাৰ্হস্থ্য হিংসাৰ ক্ষতিকৰ প্ৰভাৱ পৰাত পুত্ৰই সমাজ আৰু সংসাৰৰ পৰা বিচ্ছিন্ন হৈ বুলি জনাইছে পিতৃয়ে৷ সন্তানক সংসাৰী হোৱাও চাব খোজে বুলি জনাইছে তেওঁৰ পিতৃয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ