অসম লাইভ২৪ঃ এখন ভঙা বিয়া। হাউলীৰ কইনা আৰু গুৱাহাটী হেঙেৰাবাৰীৰ দৰা। বিয়াৰ প্ৰাৰম্ভিক অনুষ্ঠানৰ পাছৰে পৰাই এটাৰ পাছত আনটো লেঠা। দৰাই অভিযোগ দিয়ে কইনা পক্ষক, আকৌ কইনাই অভিযোগ দিয়ে দৰাপক্ষক। কোন সঁচা, কোন মিছা? বিয়াখন নহ’ল, কিন্তু বিয়াখন হ’লেও দৰা-কইনাৰ ফটোৱে যিমান লাইক কমেণ্ট পালেহেতেন তাতোকৈ লাখ গুণে বেছি এতিয়া দৰা-কইনাৰ ফটোৰ ভিউৱাৰ্ছ৷ কেৱল ফটোৱেই নহয় সমান্তৰালভাৱে চৰ্চাত ছানচিল্ক চেম্পু আৰু ৰেড চিলিও৷
যদিও সচেতন মহলে বিবাহৰ এই ফটো, ভিডিঅ, সাক্ষাৎকাৰ ইত্যাদিক নিউজৰ বিষয়বস্তু নহয় বুলি জাঙুৰ খাই উঠিছে তাৰমাজতেই দৰা-কইনাৰ এটা এটা মন্তব্যতেই এতিয়া ১০ লাখৰো অধিক ভিউৱাৰ্ছ৷ অৰ্থাৎ দৰা-কইনাৰ মন্তব্য জানিবলৈ আগ্ৰহী এতিয়া লাখ লাখ লোক৷ অসমৰ তিনিকোটি জনতাই এতিয়া আওপকীয়াকৈ এই ভঙা বিয়াখনৰ দৰ্শক৷
জোৰোণত দৰাই দিয়া অলংকাৰ, কাপোৰ, চেম্পুক লৈ আৰম্ভ হোৱা বিতৰ্কই পাইছেগৈ ইনবক্স৷ এবাৰ যদি দৰাই কইনাৰ মেছেজ দেখুৱাইছে, এবাৰ কইনাই দেখুওৱাইছে দৰাৰ মেছেজ৷ মুঠতে দৰা-কইনাৰ ব্যক্তিগত জীৱনৰ বহু কথাই ফাঁচ এতিয়া অসমৰ তিনিকোটি জনতাৰ আগত৷ নাচাও নাচাও বুলিও জনতাই চাইছে চেম্পুৰ পাছত ৰেড চিলিৰ কথাও৷ কেৱল চোৱাই নহয় দাঙি ধৰিছে নিজা মতামতো৷ ৰাজ্যৰ সৰহসংখ্যক সামাজিক মাধ্যম ইউজাৰকাৰীৰ সন্মুখত ৰাজহুৱা এতিয়া ইনবক্স৷
তিনিদিন ধৰি সামাজিক মাধ্যমত ট্ৰেণ্ড কৰা বিয়াখনত এইবাৰ ভাইৰেল হৈছে ৰেড চিলিৰ কথা৷ কইনাই মেলি দিয়া ইনবক্সৰ মেছেজত দেখা গৈছে দৰাৰ অৰ্ধনগ্ন ফটো৷ কেৱল ফটোৱেই নহয়, দৰাই দিয়া অশ্লীল মেছেজো সমান্তৰালভাৱে দেখা গৈছে কইনাই ভাইৰেল কৰা মেছেজত৷ ইমানতেই সমাপ্ত পৰিবনে এই ভগা বিয়া? অতিষ্ঠ একাংশ ইউজাৰকাৰীয়ে এই ভঙা বিয়াৰ সামৰণিৰ অংশ লাগে বুলিহে ছচিয়েল মিডিয়াত ট্ৰেণ্ড কৰাৰ মাজতেই ৱাটছআপত কইনাই দৰাক ব্লক কৰিলেনে সেয়া জানিবলৈ আগ্ৰহী এতিয়া বহুজন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ