ছলমানৰ বাবে কইনা বিচাৰি বিয়া পাতি দিব অনিৰুদ্ধাচাৰ্যই, বিগ বছত সকলোৰে আগত ক’লে এই কথা
ছুপাৰষ্টাৰ ছলমান খানৰ ৰিয়েলিটি শ্ব’ ‘বিগ বছ ১৮’ আজিৰে পৰা আৰম্ভ হবলৈ সাজু হৈছে। প্ৰতিবাৰৰ দৰে এইবাৰো ভাইজানেই অনুষ্ঠানটোত ঘোষক হিচাপে আছে। আজি অৰ্থাৎ ৬ অক্টোবৰৰ পৰা নিশা ৯ বজাৰ পৰা আৰম্ভ হ’ব ‘বিগ বছ’ৰ ১৮ সংখ্যক ছিজন। ইফালে, মেকাৰসকলে শ্ব’টোৰ এটা প্ৰ’ম’ শ্বেয়াৰ কৰিছে, য’ত আধ্যাত্মিক গুৰু অনিৰুদ্ধাচাৰ্য মহাৰাজকো দেখা গৈছে।
জিঅ’ চিনেমাৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰা হৈছে ‘বিগ বছ ১৮’ৰ প্ৰ’ম’। ভিডিঅ’টোত দেখা গৈছে যে অনিৰুদ্ধাচাৰ্য মহাৰাজে ছলমান খানৰ বাবে ছোৱালী বিচাৰি উলিওৱাৰ কথা কৈছে। ইয়াৰ লগতে ভিডিঅ’টোত এজন প্ৰতিযোগীৰ আভাসো দেখা যায় যদিও তেওঁৰ সম্পূৰ্ণ মুখখন দেখা নাযায়।
প্ৰমোত অনিৰুদ্ধাচাৰ্য মহাৰাজে প্ৰতিযোগীক সুধিছে, ‘আপুনি ইয়ালৈ কি উদ্দেশ্যেৰে আহিছে? তেওঁ উত্তৰ দিয়ে যে ‘ৰাজনীতিত মানুহবোৰ বৰ লোভী৷ আমাৰ লোভ যে অধিক সংখ্যক মানুহে আমাক চিনি পাব লাগে। স্বামীজীয়ে সুধিছে, ‘আপুনি বিয়া হৈ গৈছে নেকি?’ তেওঁ উত্তৰ দিয়ে, ‘এতিয়াও নহয়, মই ছলমান ভাইতকৈ সৰু।’
ইয়াৰ পিছত অনিৰুদ্ধাচাৰ্য মহাৰাজে ধেমালিতে কয়, ‘আপোনালোক দুয়োৰে বাবে ছোৱালী বিচাৰিব লাগিব, এগৰাকী আপোনাৰ বাবে আৰু এগৰাকী ছলমান খানৰ বাবে। ইয়াৰ পিছত আধ্যাত্মিক গুৰু অনিৰুদ্ধাচাৰ্যই ধেমালিতে কয়, ‘মই যি আনিম সেয়া পলাই নাযায়।’
এই কথাৰ সুৰতে সুৰ মিলাই ধেমালীতে ছলমান খানে কয়, ‘আমি কেৱল পলাই যোৱা ছোৱালীহে বিচাৰো।’ জানিব পৰা মতে, ‘বিগ বছ ১৮’ৰ চেটত উপনীত হোৱা অনিৰুদ্ধাচাৰ্য মহাৰাজে ছলমান খানক গীতা উপহাৰ দিয়ে।
উল্লেখ্য যে, এইবাৰৰ অনুষ্ঠানটোত সকলো অংশগ্ৰহণকাৰীৰে বিষয়ে জানিব পৰা হোৱা নাই, যদিও টিভি অভিনেত্ৰী নিয়া শৰ্মা, ভিভিয়ান ডিচেনা আৰু এলিছ কৌশিক। বলীউডৰ অভিনেত্ৰী শিল্পা শিৰোডকাৰো এইবাৰ এই অনুষ্ঠানত অংশ ল’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ