২০২৫ চনৰ এছিয়ান-ভাৰত পৰ্যটনৰ এখন বিশেষ সভাত অংশগ্ৰহণৰ বাবে যাত্ৰা কৰিছে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰশিল্পৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই৷ ১৮-১৯ তাৰিখে হ’বলগীয়া এই বিশেষ সভাত অংশ ল’বৰ বাবে পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে যাত্ৰা কৰিছে এটা প্ৰতিনিধি দলে৷ মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত হ’ব এই বিশেষ বৈঠক৷
২০২৫ বৰ্ষক এছিয়ান-ভাৰত পৰ্যটন বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল৷ এছিয়ান ভাৰত পুঁজিৰ অধীনত অসম পৰ্যটন উন্নয়ন নিগমৰ সহযোগত আয়োজন কৰা হৈছিল এছিয়ান ভাৰত পৰ্যটন বিনিময় কাৰ্যসূচী ২০২৫৷ এই অনুষ্ঠানত উত্তৰ পূৱ ভাৰতক বিশেষভাৱে গুৰুত্ব আৰোপ কৰি ভাৰতৰ পৰ্যটন সম্ভাৱনাসমূহ প্ৰদৰ্শন কৰা হ’ব৷ এই অনুষ্ঠানতেই বিভিন্ন দেশৰ ট্যুৰ অপাৰেটৰ আৰু পৰ্যটন বিভাগৰ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















