• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

44 minutes ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

4 minutes ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

2 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

3 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

4 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

5 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

13 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

14 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

14 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

16 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

16 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

17 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

ফুংচুকৰ চৰিত্ৰটো সন্দৰ্ভত কি কলে আমীৰ খানে?

editor by editor
July 17, 2026
in চিনেমা, বিনোদন, বিবিধ
0
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?
0
SHARES
544
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
লাডাখৰ সমাজকৰ্মী তথা শিক্ষাবিদ ছোনম ৱাংচুক বিগত ১৯ দিন ধৰি দিল্লীৰ যন্তৰ-মন্তৰত অনশন কৰি আছে। দীঘলীয়া অনশনৰ ফলত তেওঁৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ অৱনতি ঘটিছে, যাৰ বাবে দেশজুৰি বিভিন্ন মহলে উদ্বেগ প্ৰকাশ কৰিছে। ৱাংচুকৰ স্বাস্থ্যৰ অৱনতিৰ লগে লগে অধিকাংশই চৰকাৰক ৱাংচুক আৰু তেওঁৰ সমৰ্থকৰ সৈতে আলোচনাত বহিবলৈ আহ্বান জনাইছে। বলিউডৰ কেইবাজনো তাৰকায়ো সামাজিক মাধ্যমৰ জৰিয়তে ছোনম ৱাংচুকৰ প্ৰতি সমৰ্থন জনাইছে।

‘3 Idiots’ৰ চতুৰ ৰামালিংগমৰ কি আহ্বান?

কিছুদিন পূৰ্বে ‘3 Idiots’ ছবিত চতুৰ ৰামালিংগমৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা অ’মি বৈদ্যই এটা ভিডিঅ’ শ্বেয়াৰ কৰি কৈছিল যে তেওঁ “ফুংচুক ৱাংৰু”ক মৃ*ত্যুৰ মুখত পৰাটো চাব নোৱাৰে। তেওঁ লগতে দাবী কৰিছিল যে ছবিখনত আমীৰ খানে অভিনয় কৰা “ফুংচুক ৱাংৰু” চৰিত্ৰটো বাস্তৱ জীৱনৰ ছোনম ৱাংচুকৰ আধাৰত সৃষ্টি কৰা হৈছিল।

সঁচাকৈয়ে ‘3 Idiots’ৰ ফুংচুক ৱাংৰু নেকি ছোনম ৱাংচুক?

আমীৰ খানৰ ছুপাৰহিট ছবি ‘3 Idiots’ত আমীৰ খানে ৰূপায়ণ কৰা ফুংচুক ৱাংৰুৰ চৰিত্ৰটো বহুতেই ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত আধাৰিত বুলি দাবী কৰে। কিন্তু শেহতীয়াভাৱে এই দাবীক সম্পূৰ্ণভাৱে নাকচ কৰিছে আমীৰ খানে। শেহতীয়াকৈ এটা অনুষ্ঠানত তেওঁ স্পষ্টকৈ কয় যে ‘3 Idiots’ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত আধাৰিত ছবি নহয়। অনুষ্ঠানটোত আমীৰ খানক সোধা হৈছিল যে, ‘3 Idiots’ এখন প্ৰভাৱশালী ছবি আছিল আৰু বহুতে কয় যে ইয়াৰ মূল প্ৰেৰণা ছোনম ৱাংচুক। ইয়াৰ উত্তৰত আমীৰ খানে কয়— “ফুংচুক ৱাংৰুৰ চৰিত্ৰটো ছোনম ৱাংচুকৰ ওপৰত নিৰ্মাণ কৰা হোৱা নাই। অনুৰাগীসকলে কৰা এই ধাৰণা একেবাৰেই সত্য নহয়। এয়া এটা ভুল ধাৰণা। ছবিখনৰ শ্বুটিং চলি থকা সময়ত আমি ছোনম ৱাংচুকৰ বিষয়ে একেবাৰেই নাজানিছিলো।’ আমীৰে আৰু কয়—‘মই শেহতীয়াকৈ চতুৰ (অ’মি বৈদ্য)ৰ এটা ভিডিঅ’ দেখিছোঁ, য’ত তেওঁ এই কথা কৈছিল। কিন্তু তেওঁ ভুল কৰিছে। হয়তো তেওঁৰ তেনে ধাৰণা আছে, কিন্তু মই নিশ্চিতকৈ ক’ব বিচাৰোঁ যে নে ৰাজকুমাৰ হিৰানীয়েই হওক বা অভিজাত যোশীয়েই হওক বা মই—আমাৰ কোনেও সেই সময়ত ছোনম ৱাংচুকৰ বিষয়ে জনা নাছিলোঁ।’

ছোনম ৱাংচুককক আমীৰৰ প্ৰশংসা

আমীৰ খানে লগতে কয় যে ছোনম ৱাংচুকে সমাজৰ বাবে কৰি থকা কাম অতিশয় প্ৰশংসনীয়। তেওঁ কয়—‘ছোনমজীয়ে কৰি থকা কামৰ বাবে আমাৰ মনত তেওঁৰ প্ৰতি যথেষ্ট সন্মান আছে। তেওঁক সন্মান কৰিবলৈ ‘3 Idiots’ৰ চৰিত্ৰ তেওঁৰ ওপৰত আধাৰিত হ’বই লাগিব বুলি কোনো কথা নাই।’ অৱশ্যে ‘3 Idiots’ৰ চৰিত্ৰটো সন্দৰ্ভত ছোনম ৱাংচুকে নিজেও পূৰ্বতেই স্পষ্টকৈ কৈছিল যে ‘3 Idiots’ৰ চৰিত্ৰটো তেওঁৰ জীৱনৰ ওপৰত আধাৰিত নহয়। মিষ্টাৰ পাৰ্ফেকছনিষ্টে লগতে ছোনম ৱাংচুকৰ স্বাস্থ্যৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি কয় যে- ছোনমজীৰ দৰে ব্যক্তিত্ব আমাৰ সমাজৰ বাবে প্ৰয়োজন। আশা কৰিম তেওঁ সোনকালে আৰোগ্য হৈ আমাৰ মাজলৈ ঘূৰি আহিব আৰু যি দাবীত তেওঁ অনশন কৰিছে, সেয়া আলোচনাৰ মাধ্যমেৰে নিষ্পত্তি হব।
আমীৰ খানৰ এই মন্তব্যৰ পিছত ‘3 Idiots’ ছবি ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মিত বুলি চলি অহা বহুদিনৰ ভুল ধাৰণাৰো অৱসান ঘটিল। যদিও ছবিখন তেওঁৰ জীৱনৰ ওপৰত আধাৰিত নহয়, তথাপিও ছোনম ৱাংচুকৰ সমাজসেৱা আৰু শিক্ষা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে দেশজুৰি তেওঁ প্ৰশংসিত আৰু সন্মানিত।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amir khanasom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?
জীৱনশৈলী

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

July 17, 2026
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!
বিবিধ

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

July 17, 2026
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?
বিশ্ব

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

July 17, 2026
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!
বিনোদন

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

July 17, 2026
Next Post
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.