• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

53 minutes ago
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

8 minutes ago
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

2 hours ago
গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

2 hours ago
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

3 hours ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

11 hours ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

12 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

12 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

13 hours ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

13 hours ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

14 hours ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

15 hours ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

AI-এ বৃদ্ধি কৰিছে নেকি পানীৰ সংকট? আমেৰিকাত তীব্ৰ গতিত বৃদ্ধি পাইছে প্ৰতিবাদ

editor by editor
September 11, 2026
in বাণিজ্য, বিজ্ঞান, বিবিধ, বিশ্ব
0
আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?
0
SHARES
179
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৃত্ৰিম বুদ্ধিমত্তা বা AIৰ ব্যৱহাৰ যিমান দ্ৰুতগতিত বৃদ্ধি পাইছে, সিমানেই বৃদ্ধি পাইছে AI চলাবলৈ প্ৰয়োজন হোৱা ডাটা চেণ্টাৰৰ সংখ্যা। কিন্তু এই ডাটা চেণ্টাৰসমূহৰ ব্যাপক সম্প্ৰসাৰণে এতিয়া নতুন এক পৰিৱেশগত চিন্তা সৃষ্টি কৰিছ, সেয়া হৈছে পানীৰ ব্যৱহাৰ। আমেৰিকাৰ টেক্সাছ, নিউ মেক্সিকো আৰু এৰিজোনাকে ধৰি বিভিন্ন ঠাইত স্থানীয় লোকসকলে ডাটা চেণ্টাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছে। প্ৰতিবাদকাৰীসকলৰ হাতত দেখা গৈছে—“Protect our water”, “Water for people, not AI” আৰু “Don’t mess with our water” আদি শ্লোগান। তেওঁলোকৰ অভিযোগ, AIৰ বাবে নিৰ্মাণ কৰা বৃহৎ ডাটা চেণ্টাৰে যথেষ্ট পৰিমাণে পানী ব্যৱহাৰ কৰাৰ লগতে শক্তি খৰচ আৰু প্ৰদূষণো বৃদ্ধি কৰিছে।

ডাটা চেণ্টাৰত পানী কিয় লাগে?

আমি যেতিয়া দীঘলীয়া সময় ধৰি লেপটপ বা কম্পিউটাৰ চলাওঁ, তেতিয়া সেইবোৰ গৰম হৈ পৰে। একেদৰে AIৰ বাবে ব্যৱহৃত ডাটা চেণ্টাৰত থকা হাজাৰ হাজাৰ শক্তিশালী প্ৰচেছৰেও অত্যন্ত বেছি তাপ উৎপন্ন কৰে। কিছুমান AI প্ৰচেছৰৰ ভিতৰৰ তাপমাত্ৰা প্ৰায় ১৭৬ ডিগ্ৰী ফাৰেনহাইট পৰ্যন্ত হ’ব পাৰে। এই তাপ নিয়ন্ত্ৰণ কৰিবলৈ ডাটা চেণ্টাৰত বিশেষ শীতলীকৰণ ব্যৱস্থা ব্যৱহাৰ কৰা হয়। পুৰণি পদ্ধতিত পানী ব্যৱহাৰ কৰি গৰম বায়ু ঠাণ্ডা কৰা হয়। কিছুমান ব্যৱস্থাত পানী বাষ্পীভূত হৈ যায়। মানুহৰ শৰীৰে ঘামৰ জৰিয়তে যেনেকৈ নিজকে ঠাণ্ডা কৰে, এই প্ৰক্ৰিয়াও কিছু পৰিমাণে তেনেকুৱাই।

কিন্তু AI-এ সঁচাকৈ কিমান পানী খৰচ কৰে?

ছ’চিয়েল মিডিয়াত বহু সময়ত দাবী কৰা হয় যে এটা AI chatbotৰ এটা প্ৰশ্নৰ উত্তৰ দিবলৈ ৫০০ মিলিলিটাৰ পানী লাগে। এই দাবীৰ মূলতে আছিল GPT-4ক লৈ কৰা পূৰ্বৰ এক গৱেষণা। কিন্তু গৱেষকসকলে কৈছে যে AI প্ৰযুক্তি এতিয়া যথেষ্ট উন্নত আৰু অধিক দক্ষ হৈছে। সেয়ে আগৰ সেই হিচাপ বৰ্তমানৰ AI ব্যৱস্থাৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’বও পাৰে। উদাহৰণস্বৰূপে, Google-এ ২০২৫ চনত প্ৰকাশ কৰা এটা হিচাপ অনুসৰি, তেওঁলোকৰ Gemini chatbotৰ এটা মধ্যম দৈৰ্ঘ্যৰ প্ৰশ্ন প্ৰচেছ কৰিবলৈ প্ৰায় পাঁচ টোপাল পানী ব্যৱহাৰ হয় বুলি অনুমান কৰা হৈছিল। অৰ্থাৎ, “এটা প্ৰশ্ন = আধা লিটাৰ পানী” বুলি সকলো AI ব্যৱস্থাৰ ক্ষেত্ৰতে কোৱাটো সঠিক নহয়। কিন্তু ইয়াৰ অৰ্থ এইটোও নহয় যে AIৰ পানীৰ ওপৰত কোনো প্ৰভাৱ নাই। কাৰণ প্ৰতিদিনে কোটি কোটি AI প্ৰশ্ন, ছবি, ভিডিঅ’, ক’ড আৰু অন্যান্য কাম প্ৰচেছ কৰা হয়। সৰু সৰু পৰিমাণো একেলগে যোগ হ’লে বিশাল পৰিমাণৰ পানী হ’ব পাৰে।

২০৩০ চনত কিমান পানী লাগিব পাৰে?

গৱেষকসকলৰ এক অনুমান অনুসৰি, ২০৩০ চনৰ ভিতৰত আমেৰিকাৰ ডাটা চেণ্টাৰসমূহে বছৰি প্ৰায় ৭৩১ বিলিয়নৰ পৰা ১,১২৫ বিলিয়ন লিটাৰ পানী ব্যৱহাৰ কৰিব পাৰে। ১,১২৫ বিলিয়ন লিটাৰ মানে ভাৰতীয় হিচাপত প্ৰায় ১ লাখ ১২ হাজাৰ ৫০০ কোটি। এয়া অত্যন্ত বৃহৎ পৰিমাণ। এই পৰিমাণ নিউয়ৰ্ক চহৰৰ এবছৰৰ খোৱাপানীৰ যোগানৰ সৈতে তুলনা কৰিব পৰা যায়। অৱশ্যে এই হিচাপ কেৱল ডাটা চেণ্টাৰ ঠাণ্ডা কৰাৰ বাবে ব্যৱহৃত পানী নহয়। ডাটা চেণ্টাৰ চলাবলৈ উৎপাদন কৰা বিদ্যুতৰ ক্ষেত্ৰতো পানীৰ প্ৰয়োজন হয়।

কেৱল ডাটা চেণ্টাৰৰ পানী নেকি?

ডাটা চেণ্টাৰে যিমান বিদ্যুৎ ব্যৱহাৰ কৰে, সেই বিদ্যুৎ কেনেকৈ উৎপাদন কৰা হৈছে তাৰ ওপৰতো পানীৰ ব্যৱহাৰ নিৰ্ভৰ কৰে। কয়লা আৰু গেছৰ দৰে জীৱাশ্ম ইন্ধনেৰে বিদ্যুৎ উৎপাদন কৰা বিদ্যুৎকেন্দ্ৰত পানী ব্যৱহাৰ কৰি বাষ্প ঠাণ্ডা কৰা হয়। আনহাতে সৌৰ আৰু বতাহ শক্তি উৎপাদনত পানীৰ প্ৰয়োজন তুলনামূলকভাৱে অতি কম। সেয়ে ডাটা চেণ্টাৰৰ পানীৰ ব্যৱহাৰ কমোৱাৰ এটা গুৰুত্বপূৰ্ণ উপায় হ’ল নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা।

সকলো অঞ্চলৰ বাবে বিপদ একে নেকি?

বিশেষজ্ঞসকলে এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে—ডাটা চেণ্টাৰৰ পানী ব্যৱহাৰ কৃষি বা কিছুমান বৃহৎ উৎপাদন উদ্যোগৰ তুলনাত এতিয়াও যথেষ্ট কম। ২০২৩ চনত আমেৰিকাৰ ডাটা চেণ্টাৰৰ cooling system-সমূহে প্ৰায় ৬৬ বিলিয়ন লিটাৰ পানী ব্যৱহাৰ কৰিছিল বুলি এক গৱেষণাত অনুমান কৰা হৈছিল। এই পৰিমাণ আমেৰিকাৰ মুঠ পানী ব্যৱহাৰৰ ১ শতাংশতকৈও কম।

যি অঞ্চলত পানী যথেষ্ট আছে, তাত বৃহৎ ডাটা চেণ্টাৰৰ পানী ব্যৱহাৰ হয়তো ডাঙৰ সমস্যা নহ’ব পাৰে। কিন্তু খৰাংপ্ৰৱণ অঞ্চলত একেটা ডাটা চেণ্টাৰে স্থানীয় পানীৰ ওপৰত যথেষ্ট চাপ সৃষ্টি কৰিব পাৰে। সেইবাবেই নিউ মেক্সিকো, এৰিজোনা আৰু দক্ষিণ কেলিফৰ্ণিয়াৰ দৰে পানীৰ চাপ থকা অঞ্চলত ডাটা চেণ্টাৰ নিৰ্মাণক লৈ উদ্বেগ বৃদ্ধি পাইছে।

নতুন প্ৰযুক্তিয়ে কমাব নেকি পানীৰ ব্যৱহাৰ?

ডাটা চেণ্টাৰক অধিক পানী-দক্ষ কৰি তুলিবলৈ ইতিমধ্যে নতুন নতুন প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। তাৰ ভিতৰত অন্যতম হৈছে Liquid Cooling। এই ব্যৱস্থাত সমগ্ৰ ডাটা চেণ্টাৰৰ বায়ু ঠাণ্ডা কৰাৰ সলনি পাইপৰ মাজেৰে বিশেষ তৰল পদাৰ্থ চলাই প্ৰচেছৰৰ ওচৰতে তাপ শোষণ কৰা হয়। এই ব্যৱস্থা বহু ক্ষেত্ৰত closed-loop system অৰ্থাৎ ব্যৱহৃত তৰলটো পুনৰ ঠাণ্ডা কৰি একেটা ব্যৱস্থাতে ব্যৱহাৰ কৰিব পাৰি। ফলত পানী অপচয় তুলনামূলকভাৱে কম হয়। আমাজন, মাইক্ৰছফ্ট, আৰু গুগলকে ধৰি বৃহৎ প্ৰযুক্তি কোম্পানীসমূহে এই ধৰণৰ liquid cooling ব্যৱস্থা ব্যৱহাৰ কৰিছে।

গৰম অঞ্চলতো নতুন সমাধান

AIৰ বাবে ব্যৱহৃত নতুন প্ৰজন্মৰ প্ৰচেছৰসমূহ পূৰ্বৰ তুলনাত অধিক উচ্চ তাপমাত্ৰাত কাম কৰিব পাৰে। NVIDIA-ৰ sustainability বিষয়ৰ মুৰব্বী Josh Parkerৰ মতে, নতুন প্ৰজন্মৰ প্ৰচেছৰ প্ৰায় ১১৩ ডিগ্ৰী ফাৰেনহাইট উষ্ণ পানীৰ দ্বাৰাও ঠাণ্ডা কৰিব পৰা যায়। ইয়াৰ ফলত সাধাৰণ সময়ত ডাঙৰ ফেন ব্যৱহাৰ কৰিয়েই যথেষ্ট cooling লাভ কৰিব পৰা যায়। অৰ্থাৎ, সকলো সময়তে পানী-ভিত্তিক cooling চলোৱাৰ প্ৰয়োজন নহ’বও পাৰে। অৱশ্যে অতি গৰম বা আর্দ্ৰ বতৰত অতিৰিক্ত cooling ব্যৱস্থা প্ৰয়োজন হ’ব পাৰে।

পানীৰ ব্যৱহাৰ কমাবলৈ আৰু কি কৰিব পাৰি?

বিশেষজ্ঞসকলৰ মতে, কেইবাটাও পদক্ষেপ একেলগে গ্ৰহণ কৰিলে AIৰ পানীৰ ওপৰত চাপ যথেষ্ট কমাব পাৰি। প্ৰথমতে, ডাটা চেণ্টাৰ পানীৰ সংকট থকা অঞ্চলত নহয়, পানীৰ যোগান তুলনামূলকভাৱে ভাল থকা অঞ্চলত নিৰ্মাণ কৰিব লাগে। দ্বিতীয়তে, ডাটা চেণ্টাৰসমূহত সৌৰ আৰু বতাহ শক্তিৰ দৰে নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে। তৃতীয়তে, অধিক পানী-দক্ষ cooling technology ব্যৱহাৰ কৰিব লাগে। চতুৰ্থতে, AI প্ৰচেছৰ আৰু software অধিক দক্ষ কৰি তুলিব লাগে যাতে একে কামৰ বাবে কম শক্তি আৰু কম coolingৰ প্ৰয়োজন হয়। গৱেষকসকলৰ মতে, ডাটা চেণ্টাৰৰ সঠিক স্থান নিৰ্বাচন আৰু অন্যান্য ব্যৱস্থাৰ সংমিশ্ৰণে AI-ৰ ভৱিষ্যৎ পানীৰ footprint ৮৬ শতাংশ পৰ্যন্ত হ্ৰাস কৰিব পাৰে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AIasom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক
জীৱনশৈলী

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

September 11, 2026
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা
বাণিজ্য

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

September 11, 2026
গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?
জীৱনশৈলী

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

September 11, 2026
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?
জীৱনশৈলী

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

September 11, 2026
Next Post
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.