ব্যক্তিৰ আৰ্থিক পৰিস্থিতিৰ ওপৰত গ্ৰহৰ বিশেষ প্রভাৱ থাকে৷ নৱগ্ৰহৰ মাজত অন্যতম হৈছে শুক্ৰ৷ এই গ্ৰহ মজবুত থাকিলে ব্যক্তিৰ জীৱনত সুখ, সমৃদ্ধি, অৰ্থ, বৈভৱ আৰু বিলাসিতাৰে পৰিপূৰ্ণ হৈ থাকে৷ কোষ্ঠীৰ সঠিক কক্ষত শুক্ৰই অৱস্থান কৰিলে ব্যক্তিৰ জীৱন আনন্দেৰে ভৰপুৰ হয়৷ আনকি তেনে ব্যক্তিৰ মানসিক, আৰ্থিক আৰু স্বাস্থ্যজনিত সমস্যাও নাথাকে৷
কিন্তু শুক্ৰ দুৰ্বল হ’লে ব্যক্তিৰ জীৱনত নানান সমস্যাই দেখা দিয়ে৷ আনকি লক্ষ্মীও ৰুষ্ট হয়৷ সেয়ে লক্ষ্মীক তুষ্ট ৰখাৰ বাবে শুক্ৰ মজবুত হোৱাটো জৰুৰী৷ আপোনাৰ কোষ্ঠীত শুক্ৰৰ পৰিস্থিতি কেনে জানিবলৈ এইকেইটা সহজ উপায় আপুনি অৱলম্বন কৰিব পাৰে৷ জ্যোতিষ অনুসৰি দৈনন্দিন জীৱনত এনে কিছু ইংগিত পোৱা যায়৷ শুক্ৰৰ মজবুত আৰু দুৰ্বল পৰিস্থিতি সম্পৰ্কে তাৰ পৰাই জানিব পাৰিব৷
শুক্ৰ দুৰ্বল হোৱাৰ ইংগিত
যি ব্যক্তিৰ কোষ্ঠীত শুক্ৰ মজবুত নহয় তেওঁলোকৰ চালৰ সমস্যা থাকে৷
শুক্ৰ দুৰ্বল ব্যক্তিৰ দাম্পত্য জীৱনত সুখ নাথাকে৷ বিবাহৰ পাছতো অন্যৰ সৈতে সম্পৰ্কত যুক্ত থাকে এনে ব্যক্তি৷
জ্যোতিষ অনুসৰি দুৰ্বল শুক্ৰৰ ব্যক্তি সন্তান সুখৰ পৰা বঞ্চিত হয়৷ ব্যক্তিৰ বীৰ্য দোষ থাকে৷
দুৰ্বল শুক্ৰ ব্যক্তিৰ প্ৰেম জীৱন সফল নহয়৷
ইয়াৰোপৰি চকু, অন্ত্ৰ, ভৰি, কিডনি, মধুমেহৰ সমস্যা প্ৰায়ে হৈ থাকে৷
যি ব্যক্তিৰ জন্মছকত শুক্ৰ দুৰ্বল তেওঁলোকে ধন, সুখ, বিলাসিতাৰ পৰা বঞ্চিত হয়৷ এওঁলোকৰ আত্মবিশ্বাৰ দুৰ্বল হয়৷ যশ আৰু কীৰ্তি লাভৰ পৰাও এওঁলোক বঞ্চিত৷
শুক্ৰ কেনেকৈ মজবুত কৰিব?
পৰিস্কাৰ পৰিচ্ছন্নতা বজায় ৰাখিলে শুক্ৰৰ কৃপা লাভ সম্ভৱ৷
ব্যক্তিগত পৰিচ্ছন্নতাৰ বিষয়ে সজাগ হ’ব লাগে৷
সুগন্ধইয়ো শুক্ৰক মজবুত কৰিব পাৰে৷ সেয়ে পাৰফিউমত শুক্ৰ আকৃষ্ট হয়৷ ইয়াৰোপৰি ঘৰত সুগন্ধি ছটিয়াই ৰাখিলে শুক্ৰ তুষ্ট হয়৷
জীৱনসংগীক সন্মান কৰিলে, তেওঁলোকক আনন্দেৰে ৰাখিলে শুক্ৰৰ প্ৰভাৱ বৃদ্ধি পায়৷ ইয়াৰোপৰি ঘৰত মাতৃ,ভগ্নী, শিশুৰ সুখৰ দিশত নজৰ দিব লাগে৷
শুক্ৰবাৰে উপবাস কৰিলেও শুক্ৰ সবল হয়৷ পুজাৰ সমত শুং শুক্ৰাই নমঃ বা ওম দ্ৰাং দ্ৰীং দ্ৰৌং সঃ শুক্ৰাই নমঃ মন্ত্ৰ জপ কৰক৷
দৈ, গাখীৰ, চাউল, চেনী, মৌ খালেও শুক্ৰ মজবুত হয়৷
শুক্ৰবাৰে পুজাৰ অন্তত দৰিদ্ৰ ব্ৰাহ্মণক বগা পোছাক, সুগন্ধি বস্তু, আঁতৰ দান কৰক৷
কোনো জ্যোতিষৰ পৰামৰ্শ লৈ ওপাল বা হীৰা ধাৰণ কৰিলেও শুক্ৰ মজবুত হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ