১৫ তাৰিখলৈ অসমৰ লগতে উত্তৰ-পূৱত প্ৰৱল বৰষুণৰ সম্ভাৱনা
কালি ১০ মে’ তাৰিখৰ সন্ধিয়া অহা প্ৰৱল বতাহ -বৰষুণত বিধ্বস্ত হৈ পৰে ৰাজ্যৰ বহু প্ৰান্ত। গুৱাহাটী মহানগৰীৰ বহু অঞ্চলত বিস্তৰ ক্ষতি হৈছে কালিৰ ধুমুহা-বৰষুণ জাকত। তেনেদৰে ৰাজ্যৰ অন্য প্ৰান্ততো ক্ষতি কৰে কালিৰ ধুমুহাই।
আজি ১১ মে’ তাৰিখেও পুৱাৰ ভাগতো বৰষুণ আহে ৰাজ্যত। অৱশ্যে বৰ্তমানে বতৰ কিছু ফৰকাল। যদিও বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সদৰি কৰা অনুসৰি আজি ১১ মে’ দেওবাৰৰ পৰা ১৫ মে’ বৃহস্পতিবাৰলৈ ৰাজ্যত বৰষুণ আহিব।
বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি, আগন্তুক পাঁচ দিনত উত্তৰ-পূবৰ ৰাজ্য অসমকে ধৰি অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, মণিপুৰ আৰু ত্ৰিপুৰাত ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ সম্ভাৱনা আছে।
বিশেষকৈ ১১ মে’ৰ পৰা ১৫ মে’ৰ ভিতৰত অসম আৰু মেঘালয়ত ১১৫ মিলিমিটাৰ বা তাতকৈ অধিক বৰষুণ হ’ব পাৰে, যাৰ ফলত বানপানীৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















