গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ অপেক্ষাৰ অন্ত পৰিব আপোনাৰ৷
কেইবাখনো জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট৷
গৰমে দহা ৰাজ্যত এজাক বৰষুণৰ অপেক্ষা এতিয়া বহুজনৰ৷
গৰমৰ মাজতেই এতিয়া এজাক বৰষুণে ধুৱাই গৈছে কাছাৰ৷
কাছাৰৰ ওপৰিও কেইবাখনো জিলালৈ জাৰি কৰা হৈছে বতৰ বিজ্ঞানৰ তৰফৰ পৰা য়েল্লো এলাৰ্ট৷
ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত আছে য়েল্লো এলাৰ্ট৷
পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়াতো দেওবাৰে জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট৷
ধুবুৰী, কামৰূপ, কামৰূপ মেট্ৰ, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, শিৱসাগৰতো সোমবাৰে আছে য়েল্লো এলাৰ্ট৷
চিৰাং, বৰপেটা, নলবাৰীত মঙলবাৰে আছে য়েল্লো এলাৰ্ট৷
এই আটাইকেইখন জিলাত আছে ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ