আগন্তুক সোমবাৰে ২৫ আগষ্টৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে সেই সপ্তাহত থাকিব ধন যোগৰ প্ৰভাৱ৷ আগষ্ট মাহৰ শেষ সপ্তাহত গঠিত হব ধন যোগ৷ নতুন সপ্তাহত কন্যা ৰাশিত মঙ্গল আৰু চন্দ্ৰৰ মিলন হব৷ এই দুই গ্ৰহৰ যুঁটিত গঠিত হব ধন যোগ৷ জ্যোতিষশাস্ত্ৰত অত্যন্ত শুভ এই যোগ কোন কোন ৰাশিৰ জাতকৰ জীৱনত সম্পদ, সন্মান আৰু সাফল্য আহিব৷ সকলো কামতেই এই সকলো ৰাশিৰ জাতকে সাফল্য লাভ কৰিব৷ জানি থওক ২৫ আগষ্টৰ পৰা ৩২ আগষ্টৰ মাজত ধন যোগৰ প্ৰভাৱত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?
মেষ ৰাশি
আগষ্টৰ শেষ সপ্তাহত একাধিক পজিটিভ পৰিবৰ্তন আহিব মেষ ৰাশিৰ জাতকৰ জীৱনত৷ নতুন সপ্তাহত সকলো কামতেই ভাগ্যক আপুনি কাষত পাব৷ অলপ পৰিশ্ৰমতেই আপুনি বৃহৎ সাফল্য লাভ কৰিব৷ সন্তানৰ বিষয়ে সুখবৰ পাব পাৰে৷ সম্পত্তি সংক্ৰান্তিয় বিষয়ত পৰিয়ালৰ প্ৰবীণসকলৰ সাহায্য পাব৷
বৃষ ৰাশি
আগন্তুক সপ্তাহত একাধিক সুখবৰে অপেক্ষা কৰিছে বৃষ ৰাশিৰ জাতকৰ বাবে৷ যিসকলে নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাৱিছে তেওঁলোকৰ বাবে এই সময় ভাল৷ ৰাজনীতি আৰু সমাজসেৱাৰ সৈতে যুক্ত ব্যক্তিৰ জনপ্ৰিয়তা বাঢ়িব৷ চৰকাৰী চাকৰিজীৱীয়ে কৰ্মক্ষেত্ৰত সাফল্য পাব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷
কৰ্কট ৰাশি
আগন্তুক সপ্তাহত প্ৰচুৰ এনাৰ্জি আৰু উৎসাহ থাকিব কৰ্কট ৰাশিৰ জাতকৰ মনত৷ যিসমূহ কাম আপুনি বহু দিন ধৰি কৰাৰ চেষ্টা কৰিছে এইবাৰ কৰিব পাৰিব৷ সকলো বিষয়ত পৰিয়াল আৰু বন্ধুক কাষত পাব আপুনি৷ এই সময়ত আপুনি আত্মবিশ্বাসেৰে তুংগত থাকিব৷ অফিচত চিনিয়ৰৰ সহায় পাব৷
কন্যা ৰাশি
২৫ আগষ্টৰ পৰা আৰম্ভ হোৱা সপ্তাহত ভাগ্য খুলিব কন্যা ৰাশিৰ জাতকৰ৷ এই সময়ত সকলো কামতেই ভাগ্যৰ সহায়তা পাব৷ সপ্তাহৰ আৰম্ভণিতেই কোনো পুৰণি সমস্যাৰ সমাধান পাব পাৰে৷ মানসিক ভাৱে ৰিলেক্সড থাকিব৷ নিজৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব৷ প্ৰেম জীৱনো ভালে থাকিব৷
বৃশ্চিক ৰাশি
আগষ্টৰ শেষ সপ্তাহত বৃশ্চিক ৰাশিৰ জাতকৰ বাবে শুভ ফলদায়ী হব৷ কেৰিয়াৰত উন্নতি কৰাৰ নতুন সম্ভাৱনাৰ পথ খুলিব৷ যিসকলে পৰ্যটনৰ ব্যৱসায়ৰ সৈতে যুক্ত তেওঁলোক বিশেষভাৱে লাভৱান হব৷ কোনোৱে আপোনাৰ পৰা পূৰ্বে ধন ধাৰ লোৱা থাকিলে আগন্তুক সপ্তাহত উভতাই পাব৷ বাজেট অনুসৰি সকলো খৰচ আপুনি বহন কৰিব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















