এয়াৰ ইণ্ডিয়াৰ এ আই ১৭১ বিমানখন বিগত ১২ জুনত আহমেদাবাদত দুৰ্ঘটনাত পতিত হৈছিল৷ ৰানৱে এৰাৰ কেই ছেকণ্ডৰ ভিতৰতেই জ্বলি ছাই হৈছিল বিমানখন৷ বিশেষজ্ঞই জনাইছে যে বিমানখনৰ দুটা ইঞ্জিনেই বিকল হৈ পৰিছিল৷ বিমান দুৰ্ঘটনাৰ তদন্ত কৰিছে এয়াৰক্ৰাফ্ট অক্সিডেণ্ট ইনভেষ্টিগেছন ব্যুৰই৷ তেওঁলোকে শনিবাৰে প্ৰকাশ কৰিছে ১৫ পৃষ্ঠাৰ তদন্ত ৰিপৰ্ট৷ তাতেই দেখা গৈছে শেষ মুহূৰ্তত কেনেকৈ ইঞ্জিন ষ্টাৰ্ট কৰাৰ চেষ্টা কৰিছিল দুই পাইলটে৷ সক্ৰিয় কৰিছিল বিকল্প এক যন্ত্ৰও৷ কিন্তু তেতিয়ালৈ আৰু জীয়াই উঠাৰ সকলো পথ বন্ধ হৈ পৰিছিল৷ লাভ হোৱা নাছিল বিকল্প ইঞ্জিন ষ্টাৰ্ট কৰিও৷ এটা ইঞ্জিন ষ্টাৰ্ট হলেও দ্বিতীয় ইঞ্জিন ষ্টাৰ্ট কৰিব নোৱাৰিলে৷ ফলত মুহূৰ্তৰ ভিতৰতেই বিমানখনে চিকিৎসা মহাবিদ্যালয় হোষ্টেলত খুন্দা মাৰে৷
এয়াৰ ইণ্ডিয়াৰ বোয়িং সংস্থাৰ ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমানখন আহমেদাবাদৰ পৰা লণ্ডনৰ গেটউইকৰ উদ্দেশ্যে ৰাওনা হৈছিল৷ যাত্ৰী আৰু বিমানকৰ্মীসহ তাত আছিল মুঠ ২৮২ জন৷ বিমানখনে নিকটবৰ্তী এক চিকিৎসালয় হোষ্টেলত ধাক্কা মাৰি বিস্ফোৰিত হয়৷ এই বিমানখনত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও৷ বিমানখনৰ মাত্ৰ এজন যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰিছে৷ চৰকাৰী হিচাপ অনুসৰি দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৬০ জন৷ এ এ আই বিৰ ৰিপৰ্টত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় জনা গৈছে৷
- বিমানখনে ৰানৱে এৰাৰ পাছতেই ইঞ্জিন-১ আৰু ইঞ্জিন-২ বিকল হৈ যায়৷ ইঞ্জিনে ইন্ধন লাভ কৰা নাছিল ফলত বন্ধ হৈ গৈছিল ইঞ্জিন৷ ইন্ধনৰ ছুইচ ৰানৰ পৰা কাট অফলৈ গৈছিল এক ছেকেণ্ডৰ ভিতৰতেই৷
- ককপিটৰ যি অডিঅ’ ৰেকৰ্ডিং তদন্তকাৰীৰ হাতলৈ আহিছে, তাত শুনা গৈছে এজন পাইলটে আনজনক প্ৰশ্ন কৰিছিল, ‘কিয় তুমি ইন্ধন বন্ধ কৰি দিলা?’ অন্যজনে উত্তৰ দিছিল, ‘মই নাই কৰা৷’ কোনজন পাইলটে কি কৈছিল সেই কথাহে স্পষ্ট হোৱা নাই৷ ইয়াৰপাছতেই কোনজন পাইলটে মে ডে কল কৰিছিল সেয়াও ধৰিব পৰা হোৱা নাই৷
- ইঞ্জিন আৰম্ভ কৰাৰ বাবে ইয়াৰ পাছতেই ৰাম এয়াৰ টাৰ্বাইন আৰম্ভ কৰা হৈছিল৷ এয়া সৰু এটা বিকল্প যন্ত্ৰ৷ যিয়ে ইঞ্জিনলৈ স্বয়ংক্ৰিয়ভাৱে জৰুৰী ভিত্তিত বিদ্যুৎ বা হাইড্ৰলিক পাৱাৰ যোৱাত সহায় কৰে৷ উৰন্ত বিমানৰ বাহিৰৰ পৰা এই যন্ত্ৰ দেখা যায়৷ সৰু ব্লেডৰ দৰে দেখাত এই যন্ত্ৰ৷ বিমানবন্দৰৰ পৰা যি চিচিটিভি ফুটেজ সংগ্ৰহ কৰা হৈছে তাত এই যন্ত্ৰ বাহিৰলৈ অহাও দেখা গৈছে৷
- ইঞ্জিন দ্ৰুততৰভাৱে আৰম্ভ কৰাৰ চেষ্টা কৰিছিল পাইলটে৷ এটা ইঞ্জিন আংশিক আৰম্ভও হৈছিল৷ কিন্তু অন্য ইঞ্জিনটো কোনোধৰণেই ষ্টাৰ্ট কৰিব পৰা নগ’ল৷
- বিমানখনৰ থ্ৰাষ্ট লিভাৰসমূহ নিষ্ক্ৰিয় অৱস্থাত পোৱা গৈছে৷ কিন্তু ব্লেক বক্সৰ তথ্যই কৈছে বিমানখন এৰাৰ পাছত থ্ৰাষ্ট ঠিকেঠাকেই আছিল৷ হঠাতহে সংযোগ বিচ্ছিন্ন হৈ যোৱা বুলি তথ্য দিছে ব্লেক বক্সে৷
- বিমানখন উৰণৰ সময়ত ইন্ধনো ঠিকমতেই লাভ কৰি আছিল৷ ইন্ধন ভৰোৱাৰ সময়তো কোনো খেলিমেলি হোৱা নাছিল৷ তদন্তত তেনে কোনো বিসংগতিৰ প্ৰমাণ পোৱা নাই৷
- বিমান উৰাৰ সময়ত ফ্লেপ চেটিং আৰু গিয়েৰৰ অৱস্থাও স্বাভাৱিক আছিল বুলি মত তদন্তকাৰীৰ৷ দুৰ্ঘটনাৰ সময়ত বিমানৰ গতিপথত কোনো চৰাই চিৰিকটি নাছিল৷ বতৰো ফৰকাল আছিল৷ দৃশ্যমানতাত কোনো সমস্যা হোৱা নাছিল৷
- দুই পাইলটেও শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ আছিল৷ পৰ্যাপ্ত বিশ্ৰাম পাইছিল তেওঁলোকে৷ তেওঁলোকৰ শাৰীৰিক দিশৰ পৰা কোনো ত্ৰুটি নাছিল৷
- প্ৰাথমিকভাৱে অন্তৰ্ঘাতৰ কোনো প্ৰমাণো পোৱা নাই৷ এফ এ এ ইন্ধনৰ ছুইচৰ খেলিমেলি সম্পৰ্কে এক বিজ্ঞাপ্তি জাৰি কৰি ৰাখিছিল৷ এয়াৰ ইণ্ডিয়াই সেই কথাত কিন্তু গুৰুত্ব দিয়া নাছিল৷ বিমানৰ ওজন আৰু ভাৰসাম্যও স্বাভাৱিক আছিল৷ তাত কোনো বিপজ্জনক পণ্যও নাছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















