অসম লাইভ২৪ঃ সনাতন ধৰ্মত বিয়াৰ পূৰ্হে কোষ্ঠী মিলোৱাৰ নিয়ম আছে। কোনো এজন লৰা আৰু ছোৱালীৰ মাজত বিবাহ হ’লে দাম্পত্য জীৱন কেনে যাব তাৰ কোষ্ঠী বিচাৰ পূৰ্বেই কৰা হয়। বিবাবৰ বাবে কোষ্ঠী গণনাৰ সময়ত নাড়ী দোষষ ভকূট দোষ, গণ, মেত্ৰী স্বভাৱ বিচাৰ কৰা হয়। পাত্ৰ আৰু পাত্ৰীৰ কোষ্ঠীত নাড়ী বা ভকূট দোষ থাকিলে বিয়াৰ পাছত সমস্যাৰ উদ্ভৱ হ’ব পাৰে।
জ্যোতিষ শাস্ত্ৰমতে পাত্ৰ-পাত্ৰীৰ কোষ্ঠীত নাড়ী দোষ থাকিলে বিয়া নকৰাবলৈকে পৰামৰ্শ দিয়ে। জ্যোতিষ অনুসৰি কোষ্ঠীত নাড়ী দোষ থাকিলে কষ্টৰ জীৱন কটাব। আনকি বিবাহবিচ্ছেদ পৰ্যন্ত হ’ব পাৰে। পাত্ৰ-পাত্ৰীৰ কোষ্ঠীত এই দোষ থকা সত্ত্বেও কোনোৱে যদি বিবাহ বন্ধনত আৱদ্ধ হ’ব খোজে তেন্তে জ্যোতিষ শাস্ত্ৰতেই খণ্ডনৰ উপায়ো উল্লেখ আছে।
কিন্তু এই নাড়ী দোষ কি?
জ্যোতিষ অনুসৰি পাত্ৰ আৰু পাত্ৰী উভয়ৰে একে নাড়ী হ’লেও দোষ লাগে। জ্যোতিষত তিনি ধৰণৰ নাড়ী দোষৰ কথা উল্লেখ আছে। আদি নাড়ী, মধ্য নাড়ী আৰু অন্ত্য নাড়ী।
আদি নাড়ী দোষ কি?
জ্যোতিষ অনযায়ী পাত্ৰ-পাত্ৰীৰ আদি নাড়ী একেই হ’লে দোষ লাগে। ইয়াৰ ফলত সম্পৰ্কৰ শ্ৰেষ্ঠত্ব আৰু গুণত প্রভাৱ পৰে।
মধ্য নাড়ী দোষ
পাত্ৰ-পাত্ৰীৰ মধ্য নাড়ী একে হ’লে এই দোষৰ সৃষ্টি হয়। এই দোষৰ প্ৰভাৱত দাম্পত্য জীৱনৰ ভাৰসাম্য প্রভাৱিত হয়। জ্যোতিষীৰ পৰামৰ্শ অনুসৰি এই দোষৰ পৰা মুক্তিৰ উপায় উলিয়াব পাৰি।
অন্ত্য নাড়ী দোষ
জাতক-জাতিকাৰ অন্ত্য নাড়ী একে হ’লে এই দোষ লাগি থাকে। এই তিনি ধৰণৰ দোষে দাম্পত্য জীৱনক প্ৰভাৱিত কৰে। সেয়ে বিবাহৰ পূৰ্বে কোষ্ঠী মিলিলে বহুতেই নিশ্চিত হৈ সংসাৰ যাত্ৰা আৰম্ভ কৰে।
নাড়ী দোষৰ প্রভাৱ
পাত্ৰ-পাত্ৰীৰ কোষ্ঠীত নাড়ী দোষ থাকিসে তাক নিবাৰণ কৰা উচিত। কাৰণ তেনে নকৰিলে পাত্ৰীৰ পাছলৈ গৰ্ভধাৰণত সমস্যা আহে।
ইয়াৰোপৰি নাড়ী দোষ থকা সত্ত্বেও গৰ্ভধাৰণ কৰিলে ভূমিষ্ঠ সন্তানৰ মাজত কিছু দোষ-ত্ৰুটি থাকি যায়।
নাড়ী দোষ থাকিলে তেনে জাতকে আকস্মিক সমস্যাৰ মুখামুখি হ’ব পাৰে।
এই দোষে দাম্পত্য জীৱনত সকলোসময়তে প্রভাৱ পেলাই। আনকি বিবাহ বিচ্ছেদ পৰ্যন্তও হ’ব পাৰে।
প্ৰচলিত ধাৰণা অনুসৰি নাড়ী দোষৰ কাৰণে পাত্ৰ-পাত্ৰীৰ মাজৰ কাৰোবাৰ মৃত্যুও হ’ব পাৰে।
নাড়ী দোষৰ উপায়
জ্যোতিষ শাস্ত্ৰ অনুসৰি নাড়ী দোষ দূৰ কৰিবলৈ স্বামী-স্ত্ৰী দুয়োৱে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰা উচিত।
কোনো বিশিষ্ঠ জ্যোতিষীৰ সৈতে পৰামৰ্শ মানি এই দোষৰ পৰা মুক্ত হ’ব পাৰে।
নাড়ী দোষৰ প্রভাৱ কম কৰাৰ বাবে সোন, অন্ন, ভোজন, গৰু, কাপোৰো দান কৰিলে শুভ।
ব্যক্তিক নিজৰ ওজনৰ সমান অন্ন দান কৰিলেও নাড়ী দোষৰ প্রভাৱ কমে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ