ইতিহাস ৰচি মহিলা বিত্তমন্ত্ৰীয়ে সপ্তমবাৰৰ বাবে দাখিল কৰিব বাজেট, পঢ়ক এইবাৰৰ বাজেটৰ বিশেষ কথা
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা সপ্তাহত অৰ্থাৎ ২৩ জুলাই তাৰিখে সংসদত মোডী ৩.০ৰ প্ৰথমখন বাজেট দাখিল কৰিব। দৰমহা পোৱা শ্ৰেণীৰ পৰা জ্যেষ্ঠ নাগৰিক, ব্যৱসায়িক শ্ৰেণী, ছাত্ৰ-ছাত্ৰী আদি সকলোৰে বাজেট সন্দৰ্ভত বহু প্ৰত্যাশা আছে। যুৱক-যুৱতীসকলে আশা কৰিছে যে চৰকাৰৰ এই ঘোষণাই দেশত কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰিব আৰু অধিক সংখ্যক নতুন চাকৰিৰ সৃষ্টি হ’ব।
এই বাজেটৰ বিশেষ কথাটো হ’ল এইখন বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সপ্তম বাজেট। এই বাজেট উপস্থাপনৰ লগে লগে নিৰ্মলা সীতাৰমণে নিজৰ নামত বহু অভিলেখ গঢ়িব। একেৰাহে সপ্তমবাৰৰ বাবে বাজেট দাখিল কৰা প্ৰথমগৰাকী বিত্তমন্ত্ৰী হ’বলৈ গৈ আছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ।
ইয়াৰ পূৰ্বে এই অভিলেখ আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ নামত। যিয়ে একেৰাহে ৬বাৰ বাজেট দাখিল কৰিছিল। মোৰাৰজী দেশাইয়ে মুঠ ১০খন বাজেট দাখিল কৰিছিল।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এতিয়ালৈকে মুঠ ছখন সাধাৰণ বাজেট দাখিল কৰিছে, য’ত আছে দুখন অন্তৱৰ্তীকালীন বাজেট আৰু চাৰিখন সম্পূৰ্ণ বাজেট। এতিয়া একেৰাহে সপ্তমখন বাজেট দাখিল কৰিবলৈ গৈ আছে।
মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালত বিত্তমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল নিৰ্মলা সীতাৰমনে। ইয়াৰ পূৰ্বে ২০১৭ চনত তেওঁক প্ৰতিৰক্ষা মন্ত্ৰীৰ পদ দিয়া হৈছিল। ২০১৯ চনৰ পৰা দেশৰ বিত্তমন্ত্ৰী হৈ আছে নিৰ্মলা সীতাৰমণ।
বিত্তমন্ত্ৰী হৈ থকাৰ সময়ত তেওঁ নিজৰ নামত বহু অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ২০২০ চনত তেওঁ আটাইতকৈ দীঘলীয়া বাজেট ভাষণ দিছিল, যিটো দুঘণ্টা চল্লিশ মিনিটৰ আছিল। সেই বছৰ তেওঁ নতুন টেক্স স্লেবৰ পৰা আৰম্ভ কৰি এল আই চিৰ আই পি অ’লৈকে সকলো ঘোষণা কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















