অসম লাইভ২৪ঃ অমৃতপাল সিঙক কিয় পঞ্জাৱত গ্ৰেপ্তাৰ কৰাৰ পাছত অসমৰ কাৰাগাৰত ৰখা হৈছে। খালিস্তানী নেতা অমৃতপালক লৈ দেশজুৰি অব্যাহত আছে চৰ্চা। বহুতৰেই মনত প্ৰশ্ন অমৃতপাল আৰু সহযোগীক অসমলৈ কিয় অনা হ’ল? ৩৬ দিন পলাতক হৈ থাকি অৱশেষত দেওবাৰে অৰ্থাৎ আজি পঞ্জাৱৰ মোগাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অমৃতপালক। অৱশ্যে অমৃতপালৰ ঘনিষ্ঠসূত্ৰৰ দাবী, অমৃতপালে নিজেই ধৰা দিছে আৰক্ষীক। কিন্তু পঞ্জাৱ আৰক্ষীৰ আই জি চিখচেইন সিঙ গিলে কয়, ‘দেওবাৰে পুৱা ৭ বজাত মোগাৰ ৰোড গ্ৰামৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অমৃতপালক। তেওঁৰ বিৰুদ্ধে জাতীয় নিৰাপত্তা আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। গোপন সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি আৰক্ষীয়ে গোটেই গাওঁখন ঘেৰি পেলাইছিল। ফলত অমৃতপালৰ হাতত বিকল্প কোনো পথ নাছিল। সেয়ে বাধ্য হৈ আত্মসমৰ্পন কৰিছে অমৃতপালে।
আইজিয়ে গ্ৰেপ্তাৰৰ লগে লগে কিয় অমৃতপালক অসমলৈ পঠিয়াই দিয়া হ’ল সেই সম্পৰ্কেও মন্তব্য দাঙি ধৰিছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি পঞ্জাৱ বা দিল্লীৰ কাৰাগাৰতো অমৃতপালক ৰখা সম্ভৱ যদিও সেই কাৰাগাৰ সমূহত বিভিন্ন ৰাজ্যৰ গেংষ্টাৰ বন্দী হৈ আছে। আৰু সেই গেংষ্টাৰসকলৰ লগত খালিস্তানী নেতাসকলৰ খুবেই ঘনিষ্ঠ সম্পৰ্ক আছে। এই গেংষ্টাৰসকলৰ লগত মিলি আকৌ একোটা চক্ৰ গঢ়ি তোলাৰ সম্ভাৱনা আছে। কেৱল সেয়াই নহয়, কাৰাগাৰৰ নিৰাপত্তাও বিঘ্নিত হোৱাৰ সম্ভাৱনা আছে। সেয়ে কোনো খামখেয়ালী নহ’বৰ বাবে দিল্লী আৰক্ষীয়ে খালিস্তানী নেতাক বন্দী কৰি ৰখাৰ বাবে অসমৰ কাৰাগাৰেই বাচি লৈছে। ডিব্ৰুগড় কাৰাগাৰত আটাইকেইটা খালিস্তানী উগ্ৰপন্থীক ৰখা হৈছে।
ডিব্ৰুগড় চেণ্ট্ৰেল কাৰাগাৰ নিৰ্মাণ হৈছিল ১৮৫৯-৬০ চনত। অসমৰ আটাইতকৈ নিৰাপদ কাৰাগাৰ বুলি এই কাৰাগাৰক বহুতেই দাবী কৰে। উত্তৰপূবৰ আটাইতকৈ প্ৰাচীন কাৰাগাৰ ডিব্ৰুগড় চেণ্ট্ৰেল কাৰাগাৰ। বিচ্ছিন্নতাবাদী সংগঠন আলফাৰ বহু শীৰ্ষস্তৰৰ নেতাসকলকো এই কাৰাগাৰতেই বন্দী কৰি ৰখা হৈছিল। সেয়ে এই কাৰাগাৰকেই আটাইতকৈ নিৰাপদ স্থান বুলি মানি লোৱা হৈছে। কাঢ়া নিৰাপত্তাবেষ্টনীৰ মাজত অমৃতপাল সহিতে তেওঁৰ ঘনিষ্ঠ ৯গৰাকীক ৰখা হৈছে এই চেণ্ট্ৰেল কাৰাগাৰত।
খালিস্তানী নেতা আৰু তেওঁৰ সংগীকেওটাক ডিব্ৰুগড়লৈ অনাৰ পাছতেই নিৰাপত্তা আৰু বঢ়াই দিয়া হৈছে। কাৰাগাৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি নিৰাপত্তাত কোনোধৰণৰ ত্ৰুটি তেওঁলোকে ৰখা নাই। খালিস্তানীকেইটাক লৈ অহাৰ পাছতেই বহুস্তৰীয় নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। কাৰাগাৰৰ যিকেইটা কোঠৰীত খালিস্তানী নেতাক ৰখা হৈছে সেইকেইটা কোঠৰীত চিচিটিভি কেমেৰা, চাৰ্ছ লাইট আদিৰো ব্যৱস্থা গঢ়ি তোলা হৈছে। ইয়াৰোপৰি নিৰাপত্তাৰ বাবে চিআৰপিএফৰ ওপৰিও কামাণ্ডোও মোতায়েন কৰা হৈছে। জেলখনত মুঠ ৬৮০ জন বন্দী ৰখাৰ ব্যৱস্থা আছে। বৰ্তমান কাৰাগাৰত বন্দীৰ সংখ্যা ৪৩০ জন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ