বিগত প্ৰায় তিনিটা দশক ধৰি নায়কৰ ভূমিকাত অভিনয় কৰি আহিছে ছলমান খানে৷ নাম, যশ, খ্যাতিৰ শিখৰত এতিয়াও আছে ভাইজান৷ অভিনয় ক্ষেত্ৰত তেওঁ আজিও এগৰাকী সফল নায়ক৷ নতুন বহু অভিনেতাই বলীউডত ভুমুকি মাৰিলেও ছলমান খান এতিয়াও অদ্বিতীয়৷ অভিনয় ক্ষেত্ৰৰ ওপৰিও ছলমানৰ আছে বলীউডত বিশেষ ক্ষমতা৷ তেওঁ ইচ্ছা কৰিলে কাৰোবাক নায়ক বনাবও পাৰে আৰু কাৰোবাক নায়কৰ পৰা নমাই বলীউডত স্থানশূন্যও কৰিব পাৰে৷
ছলমানে বলীউডক দিছে একাধিক নতুন নায়িকা, যাৰ মাজত কেটৰিনা কাইফ অন্যতম৷ তেওঁৰ প্ৰেম জীৱনক লৈ বিস্তৰ চৰ্চা আজিও অব্যাহত আছে৷ তেওঁ নিজে অৱশ্যে স্বীকাৰ কৰিছে যে তেওঁৰ ৫৯ বছৰীয়া এই জীৱনযাত্ৰাত মাত্ৰ ৬গৰাকীহে প্ৰেমিকা আহিছে৷ সংগীতা বিজলানি, ঐশ্বৰ্য ৰায়, সোমি আলি, কেটৰিণা কাইফৰ সৈতে তেওঁ নিজৰ প্ৰেমৰ সম্পৰ্কৰ কথা প্ৰায় ৰাজহুৱা কৰিছিল৷ প্ৰেমত পৰিলেও অৱশ্যে বৈবাহিক সম্পৰ্কত কাৰোৰে সৈতে বান্ধ খোৱা নাই ছলমান৷ আজিও তেওঁ বলীউডৰ সকলোতকৈ যোগ্য অবিবাহিত পুৰুষৰ শাৰীত আছে৷
ৰীল লাইফতো ছলমানে আজিও এগৰাকী নায়কৰ ভূমিকাতেই অভিনয় কৰে৷ প্ৰেমিকৰ চৰিত্ৰ ৰূপায়ণ কৰে৷ কিন্তু ৰীল লাইফত কাহানিও নায়িকাৰ ওঁঠত ওঁঠ থৈ প্ৰেম কৰা দেখা নাযায় ছলমানক৷ ৩ দশকৰ নায়ক কেৰিয়াৰত তেওঁ এতিয়াও অব্যাহত ৰাখিছে নো কিছিং পলিছি৷ কিয় পৰ্দাত নায়িকাৰ ওঁঠত ওঁঠ থোৱাত আপত্তি আছে ছলমানৰ? ছলমানৰ এই আঁৰৰ কাহিনী জনাইছে তেওঁৰেই ভাতৃ আৰবাজ খানে৷
কেৰিয়াৰৰ আৰম্ভণিৰে পৰাই নো কিছিং পলিছিত বিশ্বাসী ছলমান৷ অৱশ্যে নিজৰ ব্ৰত মাত্ৰ এবাৰেই ভাঙিছিল ছলমানে৷ সেয়া আছিল কৰিশ্মা কাপূৰৰ বাবে৷ নব্বৈৰ দশকত জিত ছবিত কৰিশ্মাৰ ওঁঠত ওঁঠ ৰাখিছিল ছলমানে৷ তাৰপিছতেই কৰিশ্মাৰ সৈতে জুঁটি বান্ধি বহু কাম কৰিছিল৷ পৰিচালকৰ চাহিদাতেই চুম্বন কৰিছিল৷ কিন্তু ছলমানৰ জীৱনত ‘জিত’ই প্ৰথম আৰু শেষ ছবি৷
২০১৭ চনত পৰিচালক আলি আব্বাছ জাফৰে কেটৰিণা কাইফৰ সৈতে টাইগাৰ জিন্দা হে ছবিৰ বাবে চুম্বনৰ দৃশ্যৰ অনুৰোধ কৰিছিল ছলমানক৷ কিন্তু ছলমানে এই অনুৰোধ নাৰাখিলে৷ সেই বিষয়সমূহ উত্থাপন হোৱাত এক কমেডি শ্বত তেওঁ ভাতৃ আৰবাজে কয় যে, ছলমানে কেমেৰাৰ পিছত ইমানেই চুমা খাইছে যে পৰ্দাত তেওঁ চুমা খাবলৈ কোনোধৰণৰ ইচ্ছা জাগি নুঠে৷ ভাতৃ আৰবাজৰ কথা শুনি ছলমানেও হাঁহি মাৰি সেই কথাত সমৰ্থন জনায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ