শনিৰ গতি পৰিবৰ্তন কেৱল ৰাশিচক্ৰই নহয়, দেশ আৰু বিশ্বকো প্ৰভাৱিত কৰে৷ এই বছৰ শাওন মাহত ১৩৮ দিনৰ বাবে শনি বিপৰীতমুখী হ’ব৷ জুলাই মাহত শনিদেৱৰ বিপৰীতমুখী গতিত কিছু ৰাশিয়ে বিশেষ সুবিধা পাব পাৰে৷
বৃষ ৰাশি
জুলাই মাহত বৃষ ৰাশিৰ জাতকৰ বাবে খুবেই উপকাৰী প্ৰমাণিত হব পাৰে৷ আপুনি বহু ধন সঞ্চয় কৰিব পাৰিব৷ অবিবাহিতসকলে জীৱনসংগী পাব৷ সমাজত প্ৰতিপত্তি বৃদ্ধি পাব৷
কৰ্কট ৰাশি
শনি বিপৰীতমুখী হ’ব আৰু বুধৰ সৈতে সমসপ্তক ৰাজযোগ গঠন কৰিব৷ এই ৰাজযোগে কৰ্কট ৰাশিৰ জাতকক খুবেই শুভ ফল দিব৷ আৰ্থিক স্থিতিশীলতা আহিব৷ ঘৰত কোনো শুভ ঘটনা ঘটিব পাৰে৷ চাকৰিত আপোনাৰ কামত সুখী হ’ব কৰ্মকৰ্তাসকল৷
তুলা ৰাশি
শনিৰ বিপৰীতমুখী গতিয়ে তুলা ৰাশিৰ জাতকক কৰ্মজীৱনত ভাল অৱস্থান দিব পাৰে৷ অতীতত কৰা বিনিয়োগৰ পৰা আৰ্থিক লাভ হব৷ আপোনাৰ কোনো আত্মীয়ৰ বিবাহৰ পৰিকল্পনা চলিব পাৰে৷
মকৰ ৰাশি
শনিয়ে মকৰ ৰাশিৰ জাতকক কাংক্ষিত ফলাফল দিব পাৰে৷ আপোনাৰ কৰ্মজীৱনত আগুৱাই যাবৰ বাবে আপুনি যি কঠোৰ পৰিশ্ৰম কৰি আহিছিল তাৰ ফল আপুনি লাভ কৰিব৷
কুম্ভ ৰাশি
শনিৰ আশীৰ্বাদত আপোনাৰ কাম সফল হব৷ কোনো পুৰণি বন্ধুৱে আপোনাক সহায় কৰিব যাতে আপোনাৰ উপকাৰ হয়৷ আপোনাৰ মনোবল দৃঢ় ৰাখক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ