নিৰ্বাচনত মহিলা ভোটাৰসকলক আকৰ্ষণ কৰিবলৈ একাধিক কৌশল গ্ৰহণ কৰিছে ৰাজনৈতিক দলসমূহে৷ বিহাৰত মহিলা ভোটাৰক আকৰ্ষণ কৰাৰ বাবে লোৱা পন্থাই এতিয়া দৃষ্টি কাঢ়িছে বহুজনৰ৷ চলিত বছৰৰ শেষৰফালে বিহাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছে৷ সেয়েহে পেডমেন চিনেমাৰে অনুপ্ৰাণিত কংগ্ৰেছে বিহাৰৰ মহিলা ভোটাৰৰ মন জয় কৰিবলৈ গ্ৰহণ কৰিছে বিশেষ উদ্যোগ৷ নিৰ্বাচনৰ পূৰ্বেই আৰম্ভ কৰিছে প্ৰিয়দৰ্শিনী উৰান যোজনা৷ এই প্ৰকল্পৰ আওতাত ৰাজ্যৰ পাঁচ লাখৰো বেছি মহিলাক ছেনিটেৰি পেড বিতৰণ কৰা হৈছে৷ পেড বিতৰণৰ পাছতেই আৰম্ভ হৈছে বিতৰ্ক৷ কাৰণ বিতৰণ কৰা পেডৰ পেকেটত আছে ৰাহুল গান্ধীৰ ছবি৷
এই প্ৰকল্প মূলত মাহেকীয়া স্বাস্থ্য সচেতনতা বৃদ্ধিৰ লক্ষ্যেৰে আৰম্ভ হোৱা প্ৰকল্প৷ ইয়াৰোপৰি এয়া কংগ্ৰেছৰ এক বৃহত্তৰ নাৰী কেন্দ্ৰীক নিৰ্বাচনী প্ৰচাৰৰো অংগ৷ সেয়ে পেডৰ পেকেটত কেৱল ৰাহুল গান্ধীৰ ছবিয়েই নহয়, কংগ্ৰেছৰ এক নিৰ্বাচনী প্ৰতিশ্ৰুতিও আছে৷ লেখা আছে, অৱহেলিত পৰিয়ালৰ মহিলাসকলক প্ৰতিমাহে ২৫০০ টকাৰ আৰ্থিক সাহায্য দিয়া হব৷
কংগ্ৰেছৰ এই উদ্যোগৰ সমালোচনা কৰিছে বিজেপি দলে৷ বিজেপিৰ জাতীয় মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে এক্স হেণ্ডেলত লিখিছে, ‘ছেনিটেৰি পেডত ৰাহুল গান্ধীৰ ছবি দি বিহাৰৰ মহিলাক অপমান কৰা হৈছে৷ কংগ্ৰেছ এক নাৰী বিদ্বেষী দল৷ বিহাৰৰ মহিলাসকলে কংগ্ৰেছ আৰু আৰ জে ডিক উচিত শিক্ষা দিব৷’
বিহাৰৰ ৰাজনীতিত বিৰোধী শিৱিৰৰ জোঁট মহাগঠবন্ধনত তেওঁলোকৰ পক্ষৰ পৰা ঘোষণা কৰা হৈছে যে যদি তেওঁলোক ক্ষমতালৈ আহে তেন্তে মাই বেহেন মান যোজনাৰ অধীনত প্ৰত্যেক মহিলাৰ বেংক একাউণ্টত মাহিলী ২৫০০ টকাকৈ দিয়া হব৷ অন্যহাতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বাধীন চৰকাৰেও মহিলা সংবাদ নামৰ এক গ্ৰামীণ পৰ্যায়ত সংযোগ প্ৰকল্প আৰম্ভ কৰিছে, যাৰ লক্ষ্য হৈছে ৰাজ্যৰ ২ কোটি মহিলাৰ সৈতে পোনপটীয়াকৈ যোগাযোগ স্থাপন কৰা৷ বৰ্তমান কংগ্ৰেছৰ ছেনিটেৰি পেড বিতৰণ কৌশল ৰাজনীতিৰ আটাইতকৈ চৰ্চিত বিষয় হৈ পৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ