জনাৰ কোনো শেষ নাই৷ আমাৰ আশেপাশে থকা যি কোনো বিষয়ক লৈয়েই আছে নানান আশ্চৰ্যজনক তথ্য যি আমাৰ জনাৰ পৰিধিৰ বাহিৰত৷ যি শুনিলে আমিও কেতিয়াবা আচৰিত হৈ পৰো৷ সাধাৰণ যেন লগা এনে বহ অসাধাৰণ কথাই আমি নাজানো৷
আজিকালি বহু পৰীক্ষাতেই এনে এম চি কিউ আহে৷ আৰু সেই সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে এইসমূহ তথ্য জনাটো খুবেই জৰুৰী৷ তেনে এটি বিষয়েই আজি আমি আলোচনা কৰিব খুজিছো৷ কেতিয়াবা আপুনি ভাৱি চাইছেনে কিয় গেছ চিলিণ্ডাৰৰ ৰং ৰঙা হয়? ইয়াৰ নেপথ্যত আছে বৈজ্ঞানিক কাৰণ৷
কাৰণ ইয়াৰ মাজত লিকুইফায়েড পেট্ৰলিয়াম গেছ ভৰি থাকে যি অতি দাহ্য পদাৰ্থ৷ সেই বিপদৰ পৰা সকলোকে সাবধানে ৰাখিবলৈকে এই ৰঙা ৰং ব্যৱহাৰ কৰা হয়৷ যিহেতু ৰঙা ৰঙে বিপদ আৰু সতৰ্কতাৰ বাৰ্তা দিয়ে সেয়ে ঘৰৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ৰং ৰঙা কৰাৰ সিদ্ধান্ত লৈছিল চৰকাৰে৷
ৰঙা ৰং বহু দূৰৈৰ পৰাই জিলিকি উঠে৷ ৰঙা ৰং বহু দূৰৈৰ পৰাই আমাৰ চকুৱে মনিব পাৰে৷ সেয়ে ঘৰৰ কোন স্থানত গেছ চিলিণ্ডাৰ ৰখা আছে সেয়া সহজেই ধৰিব পাৰি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ