• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুবিন গাৰ্গে হঠাতে ক’লে ‘ছৰি অখিল’, কিন্তু কিয় অখিল গগৈক ছৰি বুলি ক’লে জুবিন গাৰ্গে?

জুবিন গাৰ্গে হঠাতে ক’লে ‘ছৰি অখিল’, কিন্তু কিয় অখিল গগৈক ছৰি বুলি ক’লে জুবিন গাৰ্গে?

3 years ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

50 minutes ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

1 hour ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

2 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

2 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

2 hours ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

3 hours ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

3 hours ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

3 hours ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

4 hours ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

5 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

6 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জুবিন গাৰ্গে হঠাতে ক’লে ‘ছৰি অখিল’, কিন্তু কিয় অখিল গগৈক ছৰি বুলি ক’লে জুবিন গাৰ্গে?

editor by editor
January 14, 2024
in অসম, গুৱাহাটী, জীৱনশৈলী
0
জুবিন গাৰ্গে হঠাতে ক’লে ‘ছৰি অখিল’, কিন্তু কিয় অখিল গগৈক ছৰি বুলি ক’লে জুবিন গাৰ্গে?
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ছৰি অখিল! অৰ্কিড পাৰ্কত উপস্থিত হৈ অখিল গগৈৰ সন্মুখত হঠাতেই ক্ষমা খুজিলে জুবিন গাৰ্গে। অখিল গগৈয়ে শ্বেয়াৰ কৰিছে এটা বিশেষ ভিডিঅ’। জুবিন আৰু অখিলৰ কথোপকথন শ্বেয়াৰ কৰি অখিল গগৈয়ে কেপশ্ব্যনত লিখিছে, ‘জুবিন গাৰ্গৰ সৈতে ১৩ জানুৱাৰী, ২০২৪ৰ দিনা কাজিৰঙা অৰ্কিড পাৰ্কত বহু কথা পাতিলোঁ। প্ৰথমেই জুবিনদাই শিৱসাগৰলৈ আমাৰ নিমন্ত্ৰণত গৈ মঞ্চত গীত নাগাই ঘূৰি অহা বাবে ক্ষমা বিচাৰিলে। ক’লে, sorry অখিল, সেইদিনা প্ৰগ্ৰেম নকৰা বাবে ছ’ৰি। মোৰ গাটো বহুত বেয়া আছিল। গোৱা হ’লে প্ৰগ্ৰেম বহু বেয়া হ’লহেঁতেন। গাব নোৱাৰিলো। গাবলৈ মন নগ’ল। তাৰ পাছত মই তিনিদিন তিনি ৰাতি শুই থাকিলোঁ।

মই শিল্পীৰ স্বাধীনতাক সন্মান কৰাৰ কথা ক’লোঁ। ক’লোঁ, এদিন গীত গাই দিবগৈ; নহ’লে আপোনাৰ-মোৰ কাজিয়া থকা বুলিহে ভাবিব। জুবিনদাই অনৰ্গল মিঠা মিঠা কথাবোৰ কৈ গ’ল। জুবিনদাই ক’লে— মই ধনী মানুহৰ লগত নাই; মই ছ’চিয়েলিষ্ট। মই চে গুৱেভাৰাৰ শিষ্য। মই সুধিলো— চে-ৰ ‘মটৰচাইকেল ডায়েৰী’ পঢ়িছে নেকি? পঢ়া বুলি ক’লে আৰু চিনেমাখন চোৱা বুলি ক’লে। মোকো সুধিলে— তুমি ছ’চিয়েলিষ্ট, বাওঁপন্থী হয়নে? মই হাঁহি হাঁহি ক’লোঁ— মই চাৰ্টিফাইড বাওঁপন্থী, ছ’চিয়েলিষ্ট। মই তেখেতৰ মেজাজী সাজ-পোচাক ভাল পোৱাৰ কথা ক’লোঁ; সেয়া প্ৰতিবাদৰ প্ৰতীক বুলি ক’লোঁ। মই ক’লোঁ, মই আপোনাৰ বহেমিয়ান জীৱনৰ “বলিয়ালিবোৰ” enjoy কৰোঁ। তেখেতে আজি বাৰম্বাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড০ হীৰেন গোহাঁই ছাৰক অভব্য আচৰণ কৰাটোৰ বিৰোধিতা কৰিলে আৰু “হিমন্তদাক ক’ম” বুলি ক’লে। হিমন্ত বিশ্ব শৰ্মাই আজিকালি এনেকুৱা আচৰণ সঘনাই কৰে বুলি খেদ প্ৰকাশ কৰিলে। তেখেতক আজি মই বাৰম্বাৰ মদ কমকৈ খাবলৈ অনুৰোধ কৰিলোঁ। মদ খাই নিজকে ধ্বংস নকৰিবলৈ আহ্বান জনালোঁ। তেখেতৰ মেনেজাৰক মদ খালে গালি দিবলৈ ক’লোঁ; নিয়ন্ত্ৰণ কৰিবলৈ ক’লোঁ। তেখেতক পাৰ্কৰ মূল বিষয়বোৰ নিজে দেখুৱালোঁ।

লোকশিল্পী দিজেন গগৈ লোকবাদ্য সংগ্ৰহালয়ত জুবিনদাই ইমুৰ লগত বাদ্য সংগত কৰিলে।অৰ্কিড পাৰ্কক বহুত প্ৰশংসা কৰিলে।জুবিনদা আমাৰ পাৰ্কৰ নিয়মীয়া পৰ্যটক যদিও বহু বছৰৰ পাছত লগ পালোঁ। জুবিনদাক ক’লোঁ— আমি বোধহয় বিশ্বৰে সৰ্ববৃহৎ প্ৰাকৃতিক অৰ্কিড সংৰক্ষক। বনৌষধি সংগ্ৰহতো ৰেক’ৰ্ডেই হ’ব।জুবিনদাই পিছে নীলকণ্ঠ(Aristolochia assamica) চিনি পালে। “ অসম জাতীয় সংগ্ৰহালয়”ৰ সামগ্ৰীসমূহ মোক অসমৰ ৰাইজে দিয়া উপহাৰ বুলি আৰু সাজ-পোচাকৰ মিউজিয়ামৰ সকলো জাতি-জনগোষ্ঠীৰ কাপোৰসমূহ মাত্ৰ ১৫ দিনৰ ভিতৰত ফেচবুকত আহ্বান জনাই সংগ্ৰহ কৰা বুলি কওঁতে তেখেত আচৰিত হৈছিল।তেখেতে বেম্ব’ গাৰ্ডেনখন চাই বৰ ভাল পোৱা বুলিও ক’লে।কেইবা ঘণ্টাও তেখেতে অৰ্কিড পাৰ্কত কটালে আৰু প্ৰফুল্ল চিত্তে বিদায় ল’লে। পাৰ্কৰ ৰেষ্টুৰেণ্টৰ মেনেজাৰ জয়ন্ত গগৈয়ে আমাৰ কথোপকথনৰ সামান্য অংশ ৰেকৰ্ডিং কৰিছিল। জয়ন্তলৈ ধন্যবাদ।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?
জীৱনশৈলী

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

August 19, 2026
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!
উত্তৰ-পূব

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

August 19, 2026
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!
বাণিজ্য

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

August 19, 2026
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!
জীৱনশৈলী

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

August 19, 2026
Next Post
সমগ্ৰ অসমে পালন কৰিলেও এইখন গাঁৱত ভোগালী বিহু পালন কৰা নহয়

সমগ্ৰ অসমে পালন কৰিলেও এইখন গাঁৱত ভোগালী বিহু পালন কৰা নহয়

‘ভুল পদক্ষেপ এয়া, সনাতন ধৰ্মবিৰোধী!’ এইকেইটা কাৰণত ৰাম মন্দিৰৰ আমন্ত্ৰণ প্ৰত্যাখান কৰিলে ৪শংকৰাচাৰ্যই

'ভুল পদক্ষেপ এয়া, সনাতন ধৰ্মবিৰোধী!’ এইকেইটা কাৰণত ৰাম মন্দিৰৰ আমন্ত্ৰণ প্ৰত্যাখান কৰিলে ৪শংকৰাচাৰ্যই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.