অন্য দিনাৰ দৰেই ব্যস্ত আছিল বিমান বন্দৰটো৷ বিভিন্ন ঠাইৰ অভিমুখী যাত্ৰীৰে ভিৰ হৈ থকা বিমানবন্দৰটোত হঠাতে এগৰাকী মহিলা কোঁচৰ পৰা কেঁচুৱাটি নমাই চিঞৰি এহাল মানুহৰ পিছ ল’লে৷
সকলো যাত্ৰী মহিলাগৰাকীৰ ফালে ঘূৰি চাওতে দেখা গ’ল মহিলাগৰাকীয়ে এজন লোকৰ সন্মুখত ৰৈ চিঞৰি চিঞৰি সুধিছে, ‘‘আজি ছমাহ ধৰি তুমি ক’ত আছিলা?’’
ঘটনাটো ছিংগাপুৰৰ ছাংগি বিমানবন্দৰত সংঘটিত হৈছিল৷ মহিলাগৰাকীয়ে যিজন লোকক যোৱা ছমাহে ক’ত আছিল বুলি প্ৰশ্ন কৰিছিল তেওঁ লোকজনৰ পত্নী বুলি দাবী কৰে৷
লগতে পঢ়ক শোকাৱহ! জাতীয় পতাকা ৰক্ষা কৰিবলৈ গৈ প্ৰাণ দিলে ৩ ভাতৃ-ভগ্নীয়ে
মহিলাগৰাকীয়ে দাবী কৰা মতে তেওঁৰ স্বামীয়ে প্ৰায় ছমাহ দিন ধৰি নিখোজ হৈ আছে৷ যোৱা ছমাহে মহিলাগৰাকীয়ে সন্ধানহীন স্বামীক উন্মাদৰ দৰে বিচাৰি ফুৰিছে৷
অৱশেষত বিমানবন্দৰত স্বামীক বিচাৰি পালেও মহিলাগৰাকীৰ বাবে সেই পলটো সুখকৰ নহ’ল৷ কাৰণ স্বামীক লগ পোৱাৰ সময়ত তেওঁৰ স্বামীৰ সৈতে আছিল প্ৰেমিকা৷
লগতে পঢ়ক আকৌ চৰ্চাত বিতৰ্কিত এছ আই জোনমণি ৰাভা! সদ্য কাৰামুক্ত জোনমণি ৰাভা কিয় আকৌ চৰ্চাত?
স্বামীক প্ৰেমিকাৰ সৈতে দেখা পাই ক্ৰোধত ফাটি পৰে পত্নী৷ সেই সময়ত মহিলাগৰাকীৰ সৈতে তেওঁৰ সন্তানকেইটিও আছিল৷
এই সমগ্ৰ ঘটনাটো বিমানবন্দৰত উপস্থিত থকা অন্য যাত্ৰীসকলে মোবাইলত ভিডিঅ’ ৰেকৰ্ডিং কৰে৷ ইয়াৰ পিছতে এই ঘটনাটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ