অসম লাইভ২৪ঃ চন্দ্ৰৰ দক্ষিণ মেৰুত নিৰ্ভিঘ্নে শুউ আছে ভাৰতীয় বিক্ৰম আৰু প্ৰজ্ঞান। ভাৰতেই প্ৰথম চন্দ্ৰৰ দক্ষিণ মেৰু জয় কৰিছে সেয়ে বিক্ৰম আৰু প্ৰজ্ঞানেই তাত থকা একমাত্ৰ যান। ইছৰোৰ চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞানক আকৌ জগাই তুলিব পৰা হ’বনে? ২২ ছেপ্টেম্বৰত চন্দ্ৰত মাটিত সূৰ্যৰ পোহৰ পৰিব। সূৰ্যৰ পোহৰ পৰিলে আকৌ টোপনিৰ পৰা উঠিবনে প্ৰজ্ঞান আৰু বিক্ৰম? অধীৰ আগ্ৰহেৰে ২২ ছেপ্টেম্বৰৰ দিনটোলৈ অপেক্ষা কৰি আছে ইছৰোৰ দলটোৱে।
২৩ আগষ্ঠত ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত লেণ্ডাৰ বিক্ৰমক অৱতৰণ কৰাইছিল। বিশ্বৰ সকলো আগশাৰীৰ দেশৰ চকু কঁপালত তুলি ভাৰতে চন্দ্ৰৰ কুমেৰু জয় কৰাৰ এমাহ সম্পূৰ্ণ হোৱাৰ সময়তে আকৌ এবাৰ বিশ্বক ভাৰতে হতচকিত কৰি জগাই তুলিব পাৰিব নেকি বিক্ৰম প্ৰজ্ঞানক সেই বিষয়টোক লৈ এতিয়া সকলোৱে চৰ্চা চলাইছে। মিৰাকল হ’বনে? বিষয়টোক লৈ মন্তব্য কৰিছে চন্দ্ৰযান-৩ ৰ প্ৰজেক্ট ডাইৰক্টৰেও।
ইছৰোৰ চন্দ্ৰযান-৩ মিছনৰ প্ৰজেক্ট ডাইৰেক্টৰ ভিৰামুথুভেলে চন্দ্ৰযান-৩ বিক্ৰম আৰু প্ৰজ্ঞান সন্দৰ্ভত মুখ খুলিছে। প্ৰজেক্ট ডাইৰেক্টৰ ভিৰামুথুভেলে কয়, ‘চন্দ্ৰৰ নিশা বৰ ভয়ানক। চন্দ্ৰত নিশা নামিলে সেই অন্ধকাৰ সঁচাকৈয়ে ভয়ংকৰ। ঠাণ্ডাও ভাৱিব নোৱাৰা হৈ পৰে। -১৭৫ ডিগ্ৰী ছেলছিয়াছলৈ চন্দ্ৰৰ তাপমাত্ৰা কমি যায়। এই মাৰাত্মক ঠাণ্ডাত লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞানৰ কলকব্জা বেয়া হৈয়ো যাব পাৰে।’
মধ্যপ্ৰদেশৰ ভূপালত BHEL-ৰ তৰফৰ পৰা আয়োজিত এক বিজ্ঞান মেলাত যোগদান কৰি চন্দ্ৰযান-৩ৰ প্ৰজেক্ট ডাইৰেক্টৰে এই মন্তব্য কৰিছে। তেওঁ চন্দ্ৰযান-৩ মিছনৰ কেইবাটাও তথ্য দাঙি ধৰি কয়, ‘আমাৰ মিছন আছিল চন্দ্ৰৰ বুকুত মাত্ৰ এদিন। অৰ্থাৎ পৃথিৱীৰ সময়ত ১৪ দিন। এই ১৪ দিনৰ ভিতৰত চন্দ্ৰপৃষ্ঠত লেণ্ডিং কৰি সমূহ তথ্য পঠিয়াই শুই পৰিছিল বিক্ৰম আৰু প্ৰজ্ঞান। সূৰ্যৰ পোহৰ পৰিলেই আমি বিক্ৰম আৰু প্ৰজ্ঞানক জগাই তোলাৰ চেষ্টা কৰিম। কিন্তু প্ৰজ্ঞান আৰু বিক্ৰমক জগাই তোলাৰ আশা তেনেই কম।’
চন্দ্ৰযান-৩ ৰ সাফল্যই সাধাৰণ মানুহক আগলৈ কি দিব?
এই প্ৰশ্নৰ উত্তৰত চন্দ্ৰযান-৩ মিছনৰ প্ৰজেক্ট ডাইৰেক্টৰে কয়, ‘এই মিছনৰ পৰা চিধাকৈ এই লাভ হ’ব বুলি ক’ব নোৱাৰি। শীঘ্ৰেই কোনো সুফল নাপাব। এই মিছনে আমাৰ সৌৰজগতৰ পৰবৰ্তী গৱেষণাসমূহ সফল কৰাত সহায় কৰিব। মহাকাশ গৱেষণাত আৰু কেইবাঢাপো আগুৱাই যাব ভাৰত।’
চন্দ্ৰত পানী থকা সম্ভৱ?
এই প্ৰশ্নৰ উত্তৰো দাঙি ধৰিছে চন্দ্ৰযান-৩ মিছনৰ প্ৰজেক্ট ডাইৰেক্টৰে। চন্দ্ৰৰ মাটিত বিশেষকৈ দক্ষিণ মেৰুত পানী থকাৰ সম্ভাৱনা প্ৰৱল। চন্দ্ৰযান-৩য়ে অক্সিজেনৰ সন্ধান পাইছে। পানীৰ অস্তিত্বৰ ইংগিতো দিছে যানখনে। পানীৰ উপস্থিতিৰ কথা সঁচা হ’লে আগন্তুক দিনত মহাকাশ গৱেষণাৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা হ’ব। ইয়াৰোপৰি তাতেই বিদ্যুৎ উৎপাদন কৰা সম্ভৱ হ’লে আগন্তুক দিনত চন্দ্ৰত মহাকাশ যান পঠিওৱা আৰু তাতেই যানখনক দীৰ্ঘদিন ধৰি সক্ৰিয় কৰি ৰখা সম্ভৱ হ’ব। চন্দ্ৰত লঞ্চিং পেড তৈয়াৰ কৰিলে তাৰ পৰা অন্য গ্ৰহসমূহলৈ ৰকেট পঠিওৱাও সম্ভৱপৰ কৰিব পাৰি নেকি সেই বিষয়েও গৱেষণা চলাই থকা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ