অসম লাইভ২৪ঃ আপোনাৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ একাউণ্ট আছে নেকি। আপোনাৰ বাবে আছে এটা গুৰুত্বপূৰ্ণ খবৰ। বিগত কেইবাদিন ধৰি এটা খবৰ সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ আছে। ‘যদি আপোনাৰ বেংক একাউণ্টৰ সৈতে পান কাৰ্ড লিংক কৰা নাই তেন্তে বেংক একাউণ্ট বন্ধ হৈ পৰিব।’ বহুতৰেই Whatsappতো এনে মেছেজ আহিছে। কিন্তু এই তথ্য কিমানদূৰ সত্য?
বেংক একাউণ্টৰ সৈতে পান কাৰ্ডৰ লিংক নাথাকিলে একাউণ্ট সঁচাকৈয়ে বন্ধ হৈ পৰিব নেকি? এই তথ্যৰ সত্যতা প্ৰকাশ কৰিছে প্ৰেছ ইনফৰমেশ্ব্যন ব্যুৰই। পিআইবিৰ অফিচিয়েল এক্স হেণ্ডেলত পোষ্ট কৰামতে এই তথ্য সম্পূৰ্ণ মিছা। প্ৰতাৰকে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ নামেৰে গ্ৰাহকসকলক এই ধৰণৰ মেছেজ পঠিয়াইছে। প্ৰতাৰকে পানৰ তথ্য লোৱাৰ বাবেই এই মেছেজ বাৰে বাৰে পঠিয়াই আছে একাংশ গ্ৰাহকক। পিআইবিৰ তৰফৰ পৰা এই ধৰণৰ ভুৱা মেছেজ আহিলে ইগনৰ কৰক। যদি এই ধৰণৰ মেছেজ আহে তেন্তে লিংকত কেতিয়াও ক্লিক নকৰিব।
https://x.com/PIBFactCheck/status/1734835391113654701?s=20
ষ্টেট বেংক অৱ ইণ্ডিয়াৰ তৰফৰ পৰা জনোৱা অনুসৰি বেংকৰ কোনো গ্ৰাহকক ফোন বা মেছেজ কৰি একাউণ্ট আপডেট কৰাৰ পৰামৰ্শ নিদিয়ে। কোনো লিংক পঠিওৱা নহয় এই বেংকৰ পৰা। গ্ৰাহক যাতে এইধৰণৰ অনলাইন ফ্ৰডৰ ভুক্তভোগী নহয় তাৰবাবে সতৰ্ক কৰি দিছে বেংক কৰ্তৃপক্ষই। যদি এই ধৰণৰ কোনো সন্দেহজনক মেছেজ আহে তেন্তে ছাইবাৰ ক্ৰাইম ছেলৰ ১৯৩০ নম্বৰত ফোন কৰি সবিশেষ তথ্য জনাওক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ