কোভিডৰ ভেকচিন গ্ৰহণ কৰা মহিলাসকলক ২ হাজাৰৰ পৰা ৫ হাজাৰ পৰ্যন্ত আৰ্থিক সাহায্য আগবঢ়াব চৰকাৰে৷ গতিকে মৰাণৰ সমীপৰ খোৱাঙৰ SBI গ্ৰাহক সেৱা কেন্দ্ৰত অভাৱনীয় ভিৰ কৰিছে মহিলাসকলে৷ বিপাঙত পৰিছে গ্ৰাহক সেৱা কেন্দ্ৰৰ এজেণ্টসকল৷ কাক বুজাব, কোনো বুজিব৷ দুয়োপালি ভেকচিন গ্ৰহণ কৰা মহিলাসকলক চৰকাৰে টকা দিব বুলি ৰাইজৰ মাজত গুজৱ উলিয়াইছে একাংশই৷ তাকে লৈ বিমোৰত পৰিছে আন একাংশ৷
প্ৰকৃততে কাহিনীটো এনেধৰণৰ। SBI এজেণ্টসকলক এটা নিৰ্দেশ দিয়া হৈছে যে ভেকচিন লোৱা মহিলাসকলৰ নাম পঞ্জীয়ন কৰিব লাগে। ইয়াৰ বাবে মহিলাসকলে বেংকৰ একাউণ্ট নম্বৰ আৰু মোবাইল নম্বৰ জমা দিব লাগিব৷ তিলটোকে তালটো কৰি একাংশই ভুৱা প্ৰচাৰ কৰিলে চৰকাৰে আৰ্থিক অনুদান আগবঢ়াব বুলি৷ দহো বন কাটি কৰি গ্ৰাহক সেৱা কেন্দ্ৰসমূহত আহি ভিৰ কৰিছেহি মহিলাসকলে৷ পাছতহে গম পালে উৰহী গছৰ ওৰ৷ তাকে লৈ এতিয়া মৰাণত চৰ্চা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ