প্ৰশান্ত মহাসাগৰ পাৰত পুত্ৰ সন্তান জন্ম দিয়াৰ ভিডিঅ’ শ্বেয়াৰ কৰাৰ পিছতে ইণ্টাৰনেটত চাঞ্চল্যৰ সৃষ্টি কৰিছে এগৰাকী মহিলাই। ৩৭ বছৰীয়া জোচি পেউকেৰ্টে নিকাৰাগুয়াৰ প্লায়া মাজাগুয়ালৰ উপকূলত সন্তান প্ৰসৱ কৰা ভিডিঅ’টো ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল। মহিলাগৰাকীয়ে ২৭ ফেব্ৰুৱাৰীত সন্তান জন্ম দিছিল।
ডেইলী মেইল-এ জোচিৰ উদ্ধৃতিৰে কোৱা হৈছে যে, “মোৰ মনলৈ এই ধাৰণাটো আহিল যে মই সাগৰত সন্তান জন্ম দিব বিচাৰো আৰু সেইদিনা পৰিস্থিতি অনুকূল আছিল, সেয়েহে মই তেনে কৰিলোঁ।”
জোচিয়ে লগতে কেইবা সপ্তাহ ধৰি তেওঁ সাগৰৰ জোৱাৰ-ভাটা চাই পৰিস্থিতিটো অধ্যয়ন কৰি সন্তান জন্ম দিয়াৰ সময় উপযুক্ত আৰু স্থান নিৰ্ণয় কৰা বুলিও প্ৰকাশ কৰিছে।
লগতে পঢ়ক যৌন সম্পৰ্কৰ সময়ত হয় নেকি তীব্ৰ বিষ? এণ্ডোমেট্ৰিয়াছিছৰ লক্ষণ নহয়তো!
যেতিয়া জোচিয়ে গম পালে যে প্ৰসৱৰ সময় হৈছে তেতিয়া তেওঁৰ বন্ধু-বান্ধৱীয়ে জন্ম দিয়াৰ সঁজুলি কিট এটা লৈ সাগৰৰ পাৰলৈ লৈ যায়৷ কোনো চিকিৎসকৰ অবিহনেই বন্ধু-বান্ধৱীৰ উপস্থিতিতে জোচিয়ে পুত্ৰ সন্তানটিক জন্ম দিয়ে৷
সাগৰৰ পাৰত সন্তান জন্ম দিয়া এটা ভিডিঅ’ও ইনষ্টাগ্ৰামত ভাইৰেল কৰা হৈছে৷ ভিডিঅ’টোত জোচিয়ে প্ৰসৱ বেদনাৰ সময়ত সাগৰৰ পাৰত আঁঠু লৈ থকা দেখা গৈছে৷ ‘‘মোৰ প্ৰস বেদনাৰ ছন্দৰ সৈতে সাগৰৰ ঢৌৰ তাল মিলি গৈছিল, যিটোৱে মোৰ সঁচাকৈয়ে ভাল লাগিছিল৷’’ জোচিয়ো লগতে কয়৷
View this post on Instagram
শেহতীয়াকৈ জোচিৰ এই বাতৰি বিয়পি পৰাৰ লগে লগে মানুহে বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰা দেখা গৈছে৷ বহুতে জোচিক ভাগ্যৱতী বুলি কৈ প্ৰশংসা কৰিলেও একাংশই ইয়াক সহজভাৱে নলৈ কৈছে যে এনে পৰিৱেশত সন্তান জন্ম দি নৱজাতকৰ জীৱন বিপন্ন কৰিব খুজিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ