ধনী হোৱাৰ ইচ্ছা কাৰ নাথাকে? আমি নিজৰ সপোন পূৰণৰ ইচ্ছাৰ বাবেই ধনী হ’ব খোজো৷ বিশেষকৈ এই টকা যদি কম সময়তে কম কষ্টেৰে আহে তেন্তে তাতকৈ সুখৰ বিষয়নো কি থাকিব পাৰে? এগৰাকী যুৱতীৰ সৈতে তেনে ঘটনাই ঘটিছে৷ কম সময়তে কম পৰিশ্ৰমতেই তেওঁ কোটিপতি হৈছে৷ কিন্তু কোটিপতি হোৱাৰ সপোন পূৰণ হ’লেও তেঁও এতিয়া খুবেই ডিপ্ৰেছনত ভূগিছে৷ কোটিপতি হৈয়ো কিয় ইমান দুখত পৰিছে যুৱতীগৰাকী?
যুৱতীগৰাকীৰ দাবী, মানুহে যি সম্পদৰ সপোন দেখে বাস্তৱত যেনেকৈ টকাৰ পাহাৰ গঢ়াৰ সপোন দেখে সেই সপোনেই তেওঁৰ বাবে দুখৰ কাৰণ হৈ পৰিছে৷ এই কোটিপতি হোৱাৰ বাস্তৱেই তেওঁৰ জীৱন ধ্বংস কৰিছে৷ তেওঁ কয়, ‘এনে জীৱন মোৰ দৰকাৰ নাছিল৷ পুৰণি জীৱনযাত্ৰাৰ কথাবোৰে মোক বৰকৈ আমনি কৰিছে৷’
ডেইলী ষ্টাৰৰ প্ৰতিবেদনত কোৱা হৈছে যে মহিলাৰ ভাগ্যই তেওঁৰ বাবে এতিয়া দুঃস্বপ্ন হৈ থিয় দিছে৷ তেওঁ পৰীৰ দৰে জীয়াব খুজিছিল কিন্তু এই সপোনেই তেওঁৰ বাবে দুখৰ কাৰণ হৈ উঠিছে৷ ৰেডিটত যুৱতীগৰাকীয়ে কোটিপতি হোৱাৰ দুখৰ কাৰণসমূহ বাখ্যা কৰিছে৷ তেওঁ লিখিছে, কিছুদিন পূৰ্বে তেওঁ লটাৰীৰ টিকট কিনিছিল৷ আনকি লটাৰী কিনাৰ কথা তেওঁ পাহৰিও পেলাইছিল৷ তাৰপাছতেই এদিন হঠাৎ টিভিত দেখে যে তেওঁ লটাৰী লাভ কৰিছে৷ একেলগে তেওঁ চাৰি লাখ পঞ্চাছ হাজাৰ পাউণ্ড জয় কৰিছে৷ ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান প্ৰায় ৫কোটি টকা৷
ইমান বিপুল পৰিমাণৰ টকা বেংক একাউণ্টত অহাৰ লগে লগেই তেওং ধাৰণা হৈছিল বিশ্বই যেন তেওঁৰ বিৰুদ্ধাচৰণ কৰিছে৷ আনকি নিজৰ পিতৃ-মাতৃ, ভাতৃ ভগ্নী আৰু প্ৰেমিকেও তেওঁৰ পৰা আঁতৰি গৈছে৷ টকাৰ বাদে তেওঁৰ আন কাৰো সৈতে একো সম্পৰ্ক নাই৷ পৰিয়ালৰ কাষৰ মানুহবোৰেও তেওঁক চিনি নোপোৱাৰ ভাও ধৰিছে৷ ধনেৰে সকলো জয় কৰিব নোৱাৰি৷ লটাৰী জিকাৰ পাছত তেওঁৰ প্ৰেমিকে চাকৰি এৰি দিয়ে৷ ব্যৱসায়ৰ বাবে ধন বিচাৰে৷ কিন্তু ধন সময়মতে দিব নোৱাৰাত প্ৰেমিকেও তেওঁৰ সংগ ত্যাগ কৰে৷
এয়াই শেষ নহয়৷ যুৱতীগৰাকীৰ পিতৃ-মাতৃয়েও তেওঁৰ পৰা ধন বিচাৰিহে সম্পৰ্ক ৰখা আৰম্ভ কৰে৷ ধন নিদিলেও তেওঁক বেয়া ব্যৱহাৰ কৰা হ’ল৷ ভায়েক ভনীয়েকৰ ক্ষেত্ৰতো একেই৷ যুৱতীগৰাকীৰ মতে লটাৰীৰ টকা জিকাৰ পাছতেই তেওঁৰ সৈতে বেংক যেন আচৰণ কৰা হৈছে আপোন বুলি ভৱা সকলোৱেই৷ এনেকৈ বিপুল সম্পদৰগৰাকী হোৱাতকৈ জীৱনত দুখীয়া হৈ থকাই ভাল বুলি জনাইছে যুৱতীগৰাকীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ