বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ এক সমীক্ষাত কোৱা হৈছে দেশৰ ২৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত পুৰুষৰ বিপৰীতে মহিলাৰ যৌন সংখ্যা অধিক৷
সমীক্ষা অনুসৰি ১১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত গড়ে পুৰুষতকৈ মহিলাৰ এজনতকৈ অধিক যৌন সংগী আছে। ইয়াৰ ভিতৰত আছে ৰাজস্থান, হাৰিয়ানা, চণ্ডীগড়, জম্মু-কাশ্মীৰ, লাডাখ, মধ্যপ্ৰদেশ, অসম, কেৰেলা, লক্ষদ্বীপ, পুডুচেৰী আৰু তামিলনাডুসহ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ।
আনহাতে, এনে পুৰুষৰ শতকৰা হাৰ চাৰি শতাংশ পোৱা গৈছে যিয়ে তেওঁৰ পত্নী বা একেলগে বাস কৰা মহিলাৰ সৈতে সম্পৰ্ক যৌন সম্পৰ্ক স্থাপন কৰিছিল। এই সংখ্যা মহিলাৰ সংখ্যাতকৈ বহু বেছি। এজনতকৈ অধিক পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা মহিলাৰ সংখ্যা মাত্ৰ ০.৫ শতাংশহে।
লগতে পঢ়ক মন্ত্ৰীয়ে ক্ৰয় কৰিব নোৱাৰিব নতুন বাহন, শ্ৰমিকে চুব নোৱাৰিব মন্ত্ৰীৰ চৰণ, এই কঠোৰ নিৰ্দেশ কাৰ?
১ লাখ মহিলা আৰু ১ লাখ পুৰুষৰ মাজত চলোৱা ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাত দেখা পোৱা মাত্ৰ কেইখনমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত পুৰুষতকৈ মহিলাৰ যৌন সংগীৰ গড় সংখ্যা বেছি হোৱাৰ বাবেই ৰাষ্ট্ৰীয় আৰু আঞ্চলিক সংবাদ মাধ্যমত মহিলাৰ পৰিসংখ্যাটোকে হাইলাইট কৰি থকা দেখা গৈছে।
প্ৰায়বোৰে সংবাদ সংস্থাই দেশৰ ভিতৰত পৰুষৰ যৌন সংগী গড় সংখ্যা যে ৪ শতাংশতকৈ অধিক আৰু মহিলাৰ ক্ষেত্ৰত গড় সংখ্যা ০.৫ শতাংশহে সেইটো স্পষ্টভাৱে ফঁহিয়াই দেখুওৱা নাই৷
সমীক্ষাটোৰ পৰা এইটো স্পষ্ট হৈছে যে দেশৰ পৰুষসকলে এতিয়াও মহিলাক যৌন উপভোগ্য সামগ্ৰী হিচাপে ব্যৱহাৰ কৰে আৰু তেওঁলোক পত্নীৰ বাহিৰেও গড় হিচাপত আৰু চাৰিগৰাকীৰ মহিলাৰ সৈতে যৌন সম্পৰ্ক ৰক্ষা কৰি চলে৷
তৎস্বস্তেও সমীক্ষাটোৰ এই দিশটোক প্ৰচাৰ তথা হাইলাইট নকৰি সংবাদ মাধ্যমে কেৱল যি কেইখন ৰাজ্যত মহিলাৰ যৌন সংগী একাধিক আছে সেইখন ৰাজ্যৰ তথ্যসমূহ হাইলাইট কৰি পুৰুষতান্ত্ৰিক মানসিকতাৰ পৰিচয় দিয়া বুলিয়ে ক’ব পাৰি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ