বিহাৰত নীতিশ কুমাৰৰ নেতৃত্বত মহা জোঁটবন্ধনৰ নতুন চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা আৰ জে ডিৰ মন্ত্ৰীসকলে বিতৰ্কৰ সৃষ্টি কৰিছে। ঠিক তেনে সময়তে বিহাৰৰ উপ মুখ্যমন্ত্ৰী তথা আৰ জে ডিৰ প্ৰধান তেজস্বী যাদৱে তেওঁৰ দলীয় মন্ত্ৰীসকললৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে৷
আৰ জে ডিৰ মন্ত্ৰীসকলৰ ভাবমূৰ্তি উন্নত কৰাৰ বাবে উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে এক প্ৰকাৰৰ লক্ষ্মণ ৰেখা অংকন কৰিছে। তেজস্বীয়ে আৰ জে ডিৰ মন্ত্ৰীসকলক কয় যে কোনেও নতুন বাহন ক্ৰয় কৰাৰ লগতে কোনো শ্ৰমিককে মন্ত্ৰী পদযুগল চুই প্ৰণাম কৰিবলৈ নোৱাৰিব। তেওঁ লগতে নিজ দলৰ মন্ত্ৰীসকলক সৎ হ’বলৈ আৰু মান্য আচৰণ কৰিবলৈও পৰামৰ্শ দিছে।
উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে শনিবাৰে নিজৰ দলৰ মন্ত্ৰীসকলৰ বাবে এই নিৰ্দেশনা জাৰি কৰে। নিৰ্দেশনাত কোৱা হৈছে যে আৰজেডিৰ মন্ত্ৰীসকলে বিভাগটোত নিজৰ বাবে নতুন বাহন ক্ৰয় কৰিব নোৱাৰিব। একে সময়তে তেওঁতকৈ বয়সস্থ শ্ৰমিক, সমৰ্থক বা কোনো ব্যক্তিকে মন্ত্ৰীৰ ভৰি স্পৰ্শ কৰিবলৈ দিব নোৱাৰিব।
লগতে পঢ়ক প্ৰথম বিবাহ লুকুৱাই দ্বিতীয় বিবাহ! পত্নীৰে অন্তৰংগ ভিডিঅ’ ভাইৰেল আপ বিধায়কৰ
সকলো মন্ত্ৰীসকলে নৰম আৰু সৌজন্যমূলক আচৰণ গ্ৰহণ কৰিব লাগে বুলিও উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে কয়।
‘‘সহজ-সৰল হৈ সকলো জাতি ধৰ্মৰ লোকক সহায় কৰক। কাৰোবাৰ পৰা উপহাৰ হিচাপে ফুলৰ থোপা বা ফুলৰ সলনি কলম আৰু কিতাপ লোৱাৰ সংস্কৃতিক প্ৰচাৰ কৰক।’’ উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱে কয়৷
দুৰ্নীতি আৰু অন্যান্য অপৰাধমূলক গোচৰক লৈ আৰ জে ডিৰ মন্ত্ৰীসকল বিতৰ্কত সাঙোৰ খাই পৰাৰ পিছতে সকলোকে সৎ হ’বলৈ পৰামৰ্শ দিছে উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে। তেওঁ কয় যে সকলো মন্ত্ৰীয়ে নিজৰ বিভাগীয় কাম-কাজত সততা, স্বচ্ছতা, তৎকালীনতা আৰু তৎকালীন পদক্ষেপৰ কৰ্মশৈলীক প্ৰসাৰিত কৰিব লাগে। লগতে ছ’চিয়েল মিডিয়াত নিজৰ বিভাগসমূহৰ পৰিকল্পনা আৰু কাম-কাজসমূহ নিৰন্তৰ প্ৰচাৰ কৰিবলৈকো কোৱা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ