মহিলা বিশ্বকাপ- আজি ভাৰত বনাম পাকিস্তানৰ হাইভল্টেজ খেল, কাৰ পাল্লাৰ ওজন অধিক
বৰ্তমানে ক্ৰিকেটৰ জগতত মহিলাৰ বিশ্বকাপ চলি আছে। ক্ৰিকট বুলিলেই পাগল ভাৰতৰ মহিলা দলেও অন্যতম বিজয়ী হিচাপে এইবাৰৰ খেলত অংশ গ্ৰহণ কৰিছে। অৱশ্যে এই পৰ্যন্ত ভাৰতীয় মহিলাদলে বিশ্বকাপৰ সোৱাদ পোৱা নাই। তথাপি এতিয়ালৈকে তিনিবাৰ ফাইনেলত উপনীত হৈছে। এইবাৰ পদক আশাৰে নামিছে ভাৰতীয় মহিলাৰ দল।
৪ অক্টোবৰৰ নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেলত ৫৮ ৰানত পৰাস্ত হলেও আজিৰ খেল খনত জয়ৰ আশাৰে নামিছে দলটো। কিয়নো আজিৰ পথাৰত ভাৰতৰ বিৰুদ্ধে চিৰ প্ৰতিদ্বন্দী পাকিস্তানৰ দল। ভাৰত-পাকিস্তান বুলিলেই হাইভল্টেজ। আজিয়ো তাৰ ব্যতিক্ৰম নহয়।
আজি ৬ অক্টোবৰ তাৰিখ দেওবাৰে বিয়লি ৩.৩০ বজাৰ পৰা আৰম্ভ হৈছে এই খেল। টছত জয়ী হৈ প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত পাকিস্তান দলটোৰ। ভাৰত আৰু পাকিস্তানৰ মহিলা দলে এতিয়ালৈকে ১৫ বাৰ মুখামুখি হৈছে। এই ১৫ বাৰৰ খেলত ভাৰতীয় দলটোৱে ১২খন খেলত সফলতা বিজয় সাব্যস্ত কৰিছে। অৱশ্যে আজিৰ খেলখন ভাৰতীয় দলৰ বাবে অতি গুৰুত্বপূৰ্ণ। বিশ্বকাপৰ দৰে এনে পৰিস্থিতিত বিৰোধী দলটোক একেবাৰে সহজভাৱে ল’ব নোৱাৰি।
আজিৰ ভাৰতীয় মহিলা দলটোত আছে- হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধনা (উপ অধিনায়ক), শ্বেফালী বাৰ্মা, দীপ্তি শৰ্মা, জেমিমাহ ৰড্ৰিগেছ, ৰিচা ঘোষ (ডব্লিউ কে), যস্তিকা ভাটিয়া (ডব্লিউ কে) (ফিটনেছৰ অধীনত), পূজা বষ্ট্ৰকাৰ, অৰুন্ধতী ৰেড্ডী, ৰেনুকা সিং ঠাকুৰ, দয়ালন হেমলতা, আশা সোভানা, ৰাধা যাদৱ, শ্ৰেয়ংকা পাটিল (ফিটনেছৰ বিষয়) আৰু সজনা সজীৱন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ