• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমাজনৰ পৰা ডিৰাকলৈ সম্পদ লুণ্ঠনৰ একেই কাহিনী…

আমাজনৰ পৰা ডিৰাকলৈ সম্পদ লুণ্ঠনৰ একেই কাহিনী…

4 years ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

58 minutes ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

9 hours ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

10 hours ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

10 hours ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

11 hours ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

12 hours ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

12 hours ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

14 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

14 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

15 hours ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

15 hours ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

আমাজনৰ পৰা ডিৰাকলৈ সম্পদ লুণ্ঠনৰ একেই কাহিনী…

editor by editor
June 22, 2022
in বিবিধ, বিশ্ব
0
আমাজনৰ পৰা ডিৰাকলৈ সম্পদ লুণ্ঠনৰ একেই কাহিনী…
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুবিনা আখতাৰঃ ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ মণ্ডলৰ বহু ভংগুৰ পৰিস্থিতিতত্বক নিমিষতে ধ্বংস কৰি হ’লেও কেৱল একাংশ বহুজাতিকৰ স্বাৰ্থক সন্মুখত ৰাখিয়েই আমাৰ জনপ্ৰিয় চৰকাৰখনেই নদীবান্ধ, নদী-সংযোগীকৰণ, অবাধ খনিজ সম্পদ আহৰণ আৰু প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবেও ইটোৰ পিছত সিটো প্ৰকল্পলৈ অনুমোদন দিয়া এতিয়া পৰিলক্ষিত হৈছে। দুৰ্ভাগ্যৰ কথাটো হ’ল যে অনুমোদনৰ পূৰ্বে প্ৰকল্পসমূহৰ ‘এনভাইৰণমেণ্ট ইমপেক্ট এছেছমেণ্ট’ নোহোৱাটো।

পৃথিৱীৰ অৱশিষ্ট বৰ্ষাৰণ্যৰ প্ৰায় অধিক অৰণ্য বৰ্তমান আমাজন উপত্যকাতে বৰ্তি আছেগৈ। আমাজন আৰু ইয়াৰ সহস্ৰাধিক উপনৈয়ে জীপাল কৰা এই বৰ্ষাৰণ্য জীৱ-বৈচিত্ৰতাৰ দিশৰ পৰা পৃথিৱীৰ আটাইতকৈ চহকী অঞ্চল। আনহাতে আমাজন উপত্যকাত আছে প্ৰায় পাঁচশৰো অধিক ভিন্ন ভিন্ন জনগোষ্ঠী।

কৃষিকাৰ্যৰ বাবে মাটি মোকলাবলৈ অৰণ্যৰ কাষৰীয়া অঞ্চলত বাস কৰা নৃগোষ্ঠীয় লোকসকলে বহু সময়ত অৰণ্যত জুই লগোৱাৰ পৰম্পৰা আছে। যদিও ব্ৰাজিলৰ বৰ্ষাৰণ্যৰ শেহতীয়া ‘বনজুই’ৰ আঁৰত ৰাষ্ট্ৰপতি বলছ’নেৰোৰ আশীষপুষ্ট কিছুমান কোম্পানী বুলিহে অভিযোগ উঠিছে। উল্লেখ্য, আমাজন বৰ্ষাৰণ্যৰ সংৰক্ষণৰ বাবে বিশ্বৰ বিভিন্ন দেশে বিশেষকৈ উন্নত ৰাষ্ট্ৰসমূহে সহযোগিতা আগবঢ়াই আহিছে। ২০০৮ বৰ্ষত কেৱল নৰৱেই আমাজন সংৰক্ষণৰ বাবে আগবঢ়াইছিল এক বিলিয়ন মাৰ্কিন ডলাৰ। গ্ৰীষ্ম মণ্ডলীয় বৰ্ষাৰণ্যৰ বৈচিত্ৰতা তথা গুৰুত্বলৈ লক্ষ্য ৰাখিয়েই আমাজনৰ পৰা ইণ্ডোনেছিয়ালৈ বৰ্ষাৰণ্যসমূহে সংৰক্ষণৰ তালিকাত যথেষ্ট গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। কিন্তু সম্পদ লুণ্ঠনৰ স্বাৰ্থতেই বহু সময়ত সংৰক্ষণৰ দিশটোক উলাই কৰা হৈছে। ২০১৫ চনৰ পৰাই আমাজনত বিশেষকৈ ব্ৰাজিলৰ অংশটোত অৰণ্যৰ একো একোটা বৃহৎ অঞ্চলত এনে মানৱসৃষ্ট বনজুইৰ দৃশ্য উপগ্ৰহৰ ছবিত ধৰা পৰিছে।

লগতে পঢ়ক ‘দুয়োৰে এজনীকো এৰিব নোৱাৰো’, দুই প্ৰেমিকাক একেলগে সেন্দূৰ পিন্ধালে সন্দীপে

খাদ্য আৰু ঔষধ প্ৰস্তুতকৰণৰ লগতে জৈৱ ইন্ধনৰ খেতিৰ বাবে বিয়াগোম কৰ্পৰেটসমূহৰ চকু এতিয়া ব্ৰাজিলৰ বৰ্ষাৰণ্যৰ ওপৰত। তদুপৰি হেজাৰ হেজাৰ মাইল বিস্তীৰ্ণ এই অৰণ্যভূমিৰ বুকুত সোমাই থকা খনিজ সম্পদেও লাভান্বিত কৰি আহিছে বিভিন্ন কৰ্পৰেটগোষ্ঠীসমূহক।

অসমৰ অৰণ্যসমূহৰ ভিতৰত অন্যতম সমৃদ্ধিশালী অভয়াৰণ্য হৈছে দিহিং পাটকাই। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ জয়পুৰ, আপাৰদিহিং আৰু ডিৰাক বৰ্ষাৰণ্যৰ কিছু অঞ্চল সামৰি গঠন কৰা হৈছিল এই অভয়াৰণ্য। কিন্তু পৰিতাপৰ কথাটো এয়ে যে এই অভয়াৰণ্য এনে এটা ভৌগোলিক স্থানত অৱস্থিত, য’ৰ ভূ-গৰ্ভত সঞ্চিত হৈ আছে বিপুল পৰিমাণৰ খাৰুৱা তেল আৰু কয়লা। স্বাভাৱিকতে এই বিশাল সম্পদৰ ভাণ্ডাৰে লোভত পেলাই আহিছে বৃহৎ উদ্যোগগোষ্ঠীক।

বিশ্বজুৰি উন্নয়নে যি হাৰত প্ৰাকৃতিক পৰিৱেশ তথা প্ৰাকৃতিক সম্পদৰ ওপৰত আঘাত হানিছে। সেই উন্নয়নৰ ধাৰাই ধৰিত্ৰীক বাসোপযোগী কৰি ৰখাৰ পৰিপন্থী হৈ পৰিছে। জল, মাটি, অৰণ্য, আদ্ৰভূমি, খনিজ সম্পদসমূহক ওপৰত বৃদ্ধি হৈছে তীব্ৰ হেঁচা।

লগতে পঢ়ক ‘পুষ্পা’ৰ ছিকুৱেলত দেখা নাপাব নেকি ৰশ্মিকাক? কি ক’লে প্ৰযোজকে?

পাৰস্পৰিক অৰ্থনৈতিক পৰিগাথঁনিত ধ্বংস কৰি পৰিৱেশৰ লগতে কৃষিখণ্ডৰ উন্নয়নৰ দিশটোক সম্পূৰ্ণৰূপে উলাই কৰি কেৱল উদ্যোগীকৰণক গুৰুত্ব দিয়াৰ বাবেই ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰখনেও সম্প্ৰতি এক নীতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

যিসময়ত বহনক্ষম উন্নয়নৰ ধাৰণাটোৱে সমগ্ৰ পৃথিৱীত জোৱাৰ আনিছে, তেনে সময়তে নিৰ্বিচাৰে সম্পদ আহৰণৰ বাবে পুঁজিপতি গোষ্ঠীটোক আমি ৰঙা দলিচা পাৰি দিছো। ধনৰ মোহত, ক্ষমতাৰ লালসাত বন্দী আমাৰে একাংশ নেতাই চকু মুদি আত্মসমৰ্পন কৰিছে কৰ্পৰেটৰ ওচৰত। এবাৰো ভবা নাই উত্তৰপুৰুষৰলৈ তেওঁলোকে কি এৰি যাব। নিৰ্বিচাৰে সম্পদ আহৰণৰ দ্বাৰা লাভান্বিত হ’ব কৰ্পৰেট খণ্ড আৰু একাংশ নেতা-পালিনেতা, দল-সংগঠন। কিন্তু ৰাইজে কি পাব? কেইটামান দশকৰ পিছতেই আমাৰ অৱস্থাটো ৰস চেপি দলিয়াই দিয়া কুঁহিয়াৰৰ সিটাৰ দৰে নহ’বনে?

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amazonasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in Assamdehing patkairainforestworld rainforest day
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

July 7, 2026
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?
ভাৰত

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

July 6, 2026
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ
বিনোদন

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

July 6, 2026
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি
জীৱনশৈলী

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

July 6, 2026
Next Post
ৰুষ্ট প্ৰকৃতি! ভয়ংকৰ ভূমিকম্পত ১ হাজাৰ লোকৰ মৃত্যু, ১৫ শৰো অধিক লোক আহত

ৰুষ্ট প্ৰকৃতি! ভয়ংকৰ ভূমিকম্পত ১ হাজাৰ লোকৰ মৃত্যু, ১৫ শৰো অধিক লোক আহত

স্তম্ভিত জীৱ বিজ্ঞানী সমাজ! বেজীৰ দৰে দাঁত পচি যোৱাৰ ছালৰ ৰহস্যময়ী জীৱ সাগৰৰ পাৰত উদ্ধাৰ

স্তম্ভিত জীৱ বিজ্ঞানী সমাজ! বেজীৰ দৰে দাঁত পচি যোৱাৰ ছালৰ ৰহস্যময়ী জীৱ সাগৰৰ পাৰত উদ্ধাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.