ডিজিটেল ডেস্কঃ ৰাজনৈতিক পথাৰৰ পাছত এইবাৰ ডিজিটেলৰ পথাৰখনতো অপ্ৰতিৰোধ্য হিচাপে বিবেচিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। সামাজিক মাধ্যমত নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয়তাৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। শেহতীয়াকৈ ইউটিউবত নৰেন্দ্ৰ মোডীয়ে লাভ কৰিলে এক বিশেষ সফলতা। ২কোটি অৰ্থাত ২মিলিয়ন SUBSCRIBER থকা বিশ্বৰ প্ৰথম আৰু একমাত্ৰ ৰাজনৈতিক নেতা হিচাপে বিবেচিত হল দেশৰ প্ৰধানমন্ত্ৰীগৰাকী।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ইউটিউব চেনেলত এতিয়া SUBSCRIBERৰ সংখ্যা হৈছে ২০মিলিয়ন। বিশ্বৰ কোনো এগৰাকী ৰাজনৈতিক নেতাৰ ইউটিউব চেনেলত নাই ইমান বৃহত সংখ্যক অনুৰাগী। ২০২২ৰ ফেব্ৰুৱাৰী মাহৰ লৈকে মোডীৰ ইউটিউব চেনেলত SUBSCRIBER আছিল ১কোটি। কিন্তু বিগত প্ৰায় ডেৰবছৰত মোডীৰ চেনেলত অনুৰাগীৰ সংখ্যা আৰু ১কোটি বৃদ্ধি পালে। তেওঁৰ ইউটিউব চেনেলত মুঠ ভিউৱাৰ্ছৰ সংখ্যা ৪৫০কোটিৰো অধিক।
ইউটিউবত সৰ্বাধিক SUBSCRIBER থকা বিশ্বনেতাৰ এই তালিকাখনৰ দ্বিতীয় স্থানত আছে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি আৰু তৃতীয় স্থানত আছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ