ন-ৰূপ পাব জুবিনক্ষেত্ৰই। দিল্লীৰ পৰা পোনে পোনে আজি জুবিন ক্ষেত্ৰত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। লোকনিৰ্মাণ বিভাগক নিখুঁতভাবে নিৰ্মাণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
![]()
দ্বিতীয়বাৰ কাৰ্যভাৰ লৈ জুবিনক্ষেত্ৰত উপস্থিত হৈছে মুখ্যমন্ত্ৰী। জুবিন ক্ষেত্ৰত উপস্থিত হৈ প্ৰাণৰ শিল্পীগৰাকীৰ সমাধিত সেৱা কৰি শ্ৰদ্ধাঞ্জলি জনায় মুখ্যমন্ত্ৰীয়ে।

নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল নিৰ্বাচনৰ পিছতে জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ। সেয়ে আজি সোণাপুৰৰ কমাৰকুছিৰ হাতীমুৰাত থকা সমাধিস্থলত গৈ নিৰ্মাণৰ কথা আলোচনা কৰে।

শীঘ্ৰেই ১০ বিঘা মাটিত সৰ্বাংগ সুন্দৰ ৰূপত নিৰ্মাণ হ’ব জুবিন ক্ষেত্ৰ। সেই স্থানত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে কয়, ‘নিৰ্বাচনৰ সয়মত ৰাজনীতিৰ বাবে জুবিনক্ষেত্ৰক ব্যৱহাৰ কৰিছিল। ৰাজনীতি কৰাৰ বাবে এটা সময়ত ইয়ালৈ আহিব বেয়া লগা হৈছিল।’

ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে কয়, ‘এতিয়া নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো। কংগ্ৰেছে জুবিনক লৈ ৰাজনীতি কৰাৰ বাবেই প্ৰতি সমষ্টিত ২০% ভোট আমি বেছিকৈ পাইছো।’

উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে বাৱেণ্ডেৰী ৱাল নিৰ্মাণৰ পিছতে আৰম্ভ হ’ব ‘জুবিন’ ক্ষেত্ৰ নিৰ্মাণৰ কাম।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















