অসম লাইভ ২৪ঃ ছ’চিয়েল মিডিয়াত এইবাৰ আমিৰ খানৰ আগন্তুক ছবি ‘লাল সিং চাদ্দা’ বয়কটৰ দাবী উত্থাপন হৈছে। তুৰস্কৰ ফার্ষ্ট লেডী এমেনি এর্ডোগানেক সাক্ষাৎ কৰি ভাৰতীয় নেপট’জিমৰ ক্ষোভৰ সন্মুখীন হৈছে আমিৰ খান। ভাৰত বিৰোধী তুৰস্কৰ ফার্ষ্ট লেডীক এজন ভাৰতীয় হৈ কেনেকৈ সাক্ষাৎ কৰিব পাৰে আমিৰ খানে? এই প্ৰশ্ন এতিয়া সকলোৱে উত্থাপন কৰিছে। ‘লাল সিং চাদ্দা’ৰ শ্বুটিঙৰ বাবে সম্প্ৰতি তুৰস্কত আছে অভিনেতা আমিৰ খান। শ্বুটিং শেষ কৰি তুৰস্কৰ ফার্ষ্ট লেডী এমেনি এর্ডোগানেক সাক্ষাৎ কৰে আমিৰ খানে। ইস্তানবুলৰ ৰাষ্ট্ৰপতি ভৱন হুছেন ম্যানচনত আয়োজিত হয় এই সাক্ষাৎ পর্ব। আমিৰক সাক্ষাৎ, কথোপকথনৰ মুহূর্তৰ বিভিন্ন ছবি নিজৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে এমিনে। তেওঁ লিখে- ইস্তানবুলত বিশ্ববিখ্যাত ভাৰতীয় অভিনেতা-পৰিচালক আমিৰ খানক সাক্ষাৎ কৰা সৌভাগ্য হ’ল মোৰ। মই আনন্দিত যে তুৰস্কৰ বিভিন্ন স্থানত আমিৰ খানৰ আগন্তুক ছবি ‘লাল সিং চাদ্দা’ৰ শ্বুটিং শেষ কৰাৰ সিদ্ধান্ত লৈছে আমিৰ খানে। মই এই ছবিৰ মুক্তিৰ বাবে অপেক্ষা কৰিম। সেই ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে ভাৰতীয় নেপট’জিমৰ ক্ষোভৰ সন্মুখীন হৈছে আমিৰ খান। প্ৰকৃততে তুৰস্কৰ ৰাষ্ট্ৰপতিয়ে পাকিস্তানক মুকলিকৈ সমর্থন জনাইছে কাশ্মীৰ বিষয়ত। এনে এক পৰিস্থিতিত ভাৰত বিৰোধী এখন দেশৰ ফার্ষ্ট লেডীক কিয় সাক্ষাৎ কৰিবলৈ গৈছে আমিৰ খান? সেই লৈ আৰম্ভ হৈছে বিতর্ক। বিশ্ব হিন্দু পৰিষদেও আমিৰ খানৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ