অসম লাইভ২৪ঃ বিয়েৰত এলক’হলৰ মাত্ৰা কম থাকে। নানান উৎসৱ পাৰ্বনকে ধৰি গৰমৰ দিনত শীতল পানীয় হিচাপেও বহুতেই বীয়েৰ খায়। ঠাণ্ডা বীয়েৰত চুমুক দি বহুতেই স্বাস্থিৰ নিঃশ্বাস পেলায়। কিন্তু বীয়েৰ শৰীৰৰ বাবে উপকাৰী হয়নে? সম্প্ৰতি পৰ্তুগালৰ এক গৱেষক দলে দাবী কৰা অনুযায়ী বীয়েৰত ৰোগ প্ৰতিৰোধ ক্ষমতা আছে। দ্যা চেণ্টাৰ ফৰ ৰিচাৰ্ছ ইন হেলথ টেকনলজি এণ্ড চাৰ্ভিচেছ নামৰ সংস্থাই কৰিছে এই দাবী। তেওঁলোকৰ দাবী বীয়েৰে অন্ত্ৰৰ মাইক্ৰবায়োটা গঠনত সহায় কৰে। এই মাইক্ৰবায়োটা স্থূলতা, ডায়বেটিছ আৰু কাৰ্ডিঅ’ভাছকুলাৰ ৰোগৰ দৰে দীৰ্ঘস্থায়ী ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
গৱেষণাত লগতে কোৱা হৈছে নিয়মিত বীয়েৰ খালে অন্ত্ৰত জমা হৈ থকা অপকাৰী বেক্টেৰীয়াসমূহ শৰীৰৰ পৰা বাহিৰ হৈ যায়। বীয়েৰ খালে শৰীৰত এক ধৰণৰ উৎসেচক তৈয়াৰ হয়। অন্ত্ৰৰ স্বাস্থ্য ভালে ৰখাত বীয়েৰে সহায় কৰে। এই গৱেষণাত লগতে কোৱা হৈছে যে বীয়েৰৰ স্বাস্থ্যগুণৰ সৈতে এলকহলৰ কোনো সম্পৰ্ক নাই।
গৰমৰ প্ৰকোপ বাঢ়িছে, বীয়েৰৰ গ্লাছত চুমুক দিছে নেকি? বীয়েৰ খালে স্বাস্থ্যৰ উন্নতি হয় নে?১) কিডনীত পাথৰ জমা হোৱাৰ আশংকা কমায়।
২) নানা ধৰণৰ খনিজ পুষ্টিৰ উপাদান থাকে। মেগনেছিয়াম, পটাছিয়াম, ক্ৰোমিয়াম, ভিটামিন বিকে ধৰি বহুকেইটা উপাদান থাকে।
৩) এই পানীয়ত ফাইবাৰৰ পৰিমান বেছি থাকে। বীয়েৰে পেট পৰিষ্কাৰ কৰাত কৰে।
৪) বীয়েৰত প্ৰচুৰ পৰিমানে লেক্টফ্লভিন আৰু নিকোটিন এছিড থাকে। এই দুই উপাদানৰ প্ৰভাৱত অনিদ্ৰাৰ সমস্যা দূৰ হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ