অসম লাইভ২৪ঃ আজি আকৌ ভাইৰেল হৈছে এটা অডিঅ’ ক্লিপটো৷ জোনমণিৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ভাইৰেল হোৱা অডিঅ’ ক্লিপটোত কি আছে? অডিঅ’ ক্লিপত থকা অনুসৰি, ‘যিদিনা জোনমণি মৰিছিল, মৰাৰ আগত নগাঁৱত এপাকমান ঘূৰিছে৷ তাই গাড়ীত কোন আছিল? OC, ASP, SPৰ লগত কি আলোচনা কৰিছিল? OCয়ে থানাৰ ইফাল সিফাল কৰি আছিল৷ নিতুল বৰাক লগত লৈ ওলাই গৈছিল OC৷ তেতিয়া কিমান সময় হৈছিল জান’৷ টাইমবিলাক কৈ দিবি৷ তাইয়ো সুখ এটা পাব লাগেটো৷ তেতিয়া তাইক কোনোবাই মাৰি আছে৷ সেই বস্তুটো কোনে মাৰিছে আমি গম পোৱা নাই, ৰডেৰে মাৰিছে, নগাঁও টাউনৰ ভিতৰতে মাৰিছে৷ তাইক ১২টা মানত মাৰিছে৷ চাৰে এঘাৰ-বাৰ মানৰ ভিতৰতে মাৰিছে৷ ১২টা ১৫ত ৰিজাৰ্ভ ক্ল’জৰ অৰ্ডাৰ আহিছে৷ ২.১৫ত খবৰ আহিছে আমালৈ তাইৰ স্পটডেথ হৈছে৷ তাৰ পাছত SPয়ে জোনমণিৰ কোৱাৰ্টাৰত তালাচী কৰিছে৷ মৰাৰ পাছত৷ নিউজত তহঁতে মৰাৰ আগত বুলি কৈ আছ৷ মৰাৰ পিছত যিটো প্ৰত্যক্ষদৰ্শীয়ে কৈছে৷ গাড়ীখন তাতে ৰখাৰ পাছত ১০ মিনিট পাছত এখন ট্ৰাকে খুন্দা মাৰিছে৷ তাইৰ জোতাযোৰতো লাগি থাকিব লাগিছিল৷ তাইক ৰেপ কৰিছে৷ দুটা মানুহ৷ এইযোৰ জোতাই থানাত পিন্ধি আছিল৷ এপাত জোতা পাছফালৰ ছীটত কিয় থাকিব?’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ