অসম লাইভ২৪ঃ কইনা পক্ষৰ পৰা যৌতুক কম দিয়াৰ বাবেই বিবাহ ভঙাৰ ঘটনা আমাৰ দেশৰ প্ৰায় নিত্য নৈমিত্তিক ঘটনা৷ যৌতুক লোৱা আৰু দিয়া দুয়োটাই একপ্ৰকাৰ অপৰাধ বুলি গণ্য কৰা হ’লেও দেশৰ যৌতুকৰ বাবেই বহু ঘটনা ঘটি থাকে৷ কিন্তু এইখন দেশতেই সংঘটিত হৈছে এক বিশেষ ঘটনা৷ দৰা ঘৰৰ পৰা কমকৈ অলংকাৰ দিয়াৰ বাবেই কইনাৰ ভাঙিলে বিয়া৷
এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰৰ দেহাত অঞ্চলত৷ অঞ্চলটোৰ এজন যুৱকৰ মানপুৰৰ এগৰাকী যুৱতীৰ সৈতে বিবাহৰ দিন ধ্যাৰ্য কৰা হৈছিল৷ বিয়াৰ দিনা সকলো যাৱতীয় আয়োজনো কৰিছিল দুই ঘৰেই৷ দৰাই কইনাৰ ঘৰত কইনা নিবলৈ যথা সময়ত উপস্থিতো হয়৷ সকলো ঠিকেই আছিল৷ কিন্তু হঠাতেই এক খেলিমেলি আৰম্ভ হয় মালাবৰণৰ সময়ত৷
বিয়াৰ ৰীতি অনুসৰি, বিয়াৰ সময়ত দৰাৰ ঘৰৰ পৰা শাৰী, গহনা আদি কইনাক দিয়া হয়৷ ৰীতিমতেই দৰাপক্ষই সকলো আনিছিল৷ কিন্তু গহনাৰ পৰিমান নিচেই কমকৈ অনাত ক্ষুদ্ধ হৈ পৰে কইনা পক্ষ৷ কইনাই সেই দৰাৰ সৈতে বিয়াত নবহো বুলি পোনচাটেই প্ৰকাশ কৰে৷ বিয়াৰ মণ্ডপত কইনাই কৰা অপমানক লৈ দৰাপক্ষ কাষ চাপিছে উত্তৰ প্ৰদেশ আৰক্ষীৰ৷ আৰক্ষীয়ে ঘটনাৰ তদন্তৰ অন্তত জানিবলৈ দিছে যে, কইনাপক্ষই দৰাঘৰৰ অলংকাৰ দেখিয়েই বেয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে৷ কইনাইয়ো বিষয়টোক লৈ ক্ষুদ্ধ হৈ পৰাত দুই পক্ষই বাকবিতণ্ডাত লিপ্ত হৈ অৱশেষত বিয়াখন ভঙাৰ সিদ্ধান্ত লয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ