অসম লাইভ২৪ঃ পৰীক্ষা এটাই ভালধৰণে চলাব নোৱাৰে ৰাজ্য কেনেকৈ চলাব! পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে CPI(M)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে শাসকীয় দলক কটাক্ষ কৰি প্ৰকাশ কৰিছে এই কথা৷ একে সময়তে আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কতো গুৰুত্বপূৰ্ণ মত প্ৰকাশ কৰিছে চিপিআইএমৰ নেতাজনে। লোকসভাত অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হ’লে ফলাফৰ ভাল হ’ব।
ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ চলি থকা বিতৰ্কৰ মাজতে বিভিন্ন ৰাজনৈতিক দল, ছাত্ৰ সংগঠন, ছাত্ৰ–ছাত্ৰী তথা অভিভাৱক আৰু অন্যান্য ব্যক্তিয়েও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। CPI(M)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে বিজেপিৰ এটা পৰীক্ষা চলাব নোৱাৰে বুলি কটাক্ষ কৰি কয়, ‘পৰীক্ষা এটা চলাব নোৱাৰা বিজেপিয়ে কি অসম চলাব।’
বিজেপিৰ বিৰুদ্ধে বিৰোধী মহাজোঁটত এইবাৰ একগোট হোৱাৰ কথা ক’লে সুপ্ৰকাশ তালুকদাৰে। লগতে তেওঁ কয় যে, চৈধ্যটা সমষ্টিত বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ এজনেই উমৈহতীয়া প্ৰাৰ্থী থাকিব। এইবাৰ বিৰোধী মহাজোটত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক দেখি ভাল লাগিছে বুলিও প্ৰকাশ কৰে সুপ্ৰকাশ তালুকদাৰে। তেওঁ অজাপ আৰু ৰাইজৰ দলক অসমৰ এতিয়া প্ৰকৃত আঞ্চলিক দল বুলি উল্লেখ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ