অসম লাইভ২৪ঃ ফাগুনৰ শেষৰজাক বৰষাই ধুৱাই গৈছে মহানগৰীকো। কেৱল মহানগৰীতেই নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিশাৰে পৰাই মুষলধাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি আগন্তুক ৩-৪ দিনলৈ ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ১৫ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ লগতে ধুমুহা অহাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান কেন্দ্ৰই ১৫ মাৰ্চৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃষ্টিপাতৰ লগতে শিলাবৃষ্টি, ধুমুহা, ঢেৰেকনিৰ সম্ভাৱনা আছে।
কিছুদিন পূৰ্বে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা এক নিৰ্দেশনাত অসমত বৰষুণৰ পৰিমান ৭৬ শতাংশলৈ হ্ৰাস হৈছে। কেৱল অসমতেই নহয় উত্তৰ পূবৰ আটাইকেইখন ৰাজ্য ক্ৰমে মেঘালয়ত ৯৯ শতাংশ, মিজোৰামত ১০০ শতাংশ, অৰুণাচল প্ৰদেশত ৫৩ শতাংশ, মণিপুৰত ৯৯ শতাংশ, নাগালেণ্ডত ৯৯ শতাংশ আৰু ত্ৰিপুৰাত ১০০ শতাংশ বৃষ্টিপাতৰ ঘাটি হোৱা বুলি উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ