অসম লাইভ২৪ঃ বিগত টি-২০ বিশ্বকাপত ভাৰতীয় দলটোক নেতৃত্ব দিয়াৰ পিছৰে পৰাই ক্ৰিকেট দলত যেন সমাদৰ কিছু কমিছে ৰোহিত শৰ্মাৰ। লাহে লাহে ভাৰতীয় টীমত গুৰুত্ব বাঢ়িছে হাৰ্দিক পাণ্ডিয়াৰ। অডিআইৰ পৰা টেষ্ট মেছলৈ সকলোতে ৰোহিত অধিনায়ক হৈ থাকিলেও বিশেষ গুৰুত্ব লাভ কৰিছে হাৰ্দিকে। ২০২৪ চনত হাৰ্দিকৰ অধীনতেই ভাৰতীয় দলটোৱে বিশ্বকাপ খেলিব পাৰে বুলি একাংশ খেল সমালোচকে প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।
ইপিনে ৰোহিত শৰ্মাৰ দায়িত্ব কমোৱাৰ ইংগিত দিছে প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰে। ১৭ তাৰিখৰ পৰা আৰম্ভ হ’ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ অডিআই চিৰিজ। সেই মেচতেই প্ৰথমখন খেলতেই নাথাকিব ৰোহিত শৰ্মা। পাৰিবাৰিক কাৰণত প্ৰথমখন মেচত নাথাকিব ৰোহিত শৰ্মা। ৰোহিতৰ অনুপস্থিতিত দলটোৰ নেতৃত্ব দিব হাৰ্দিক পাণ্ডিয়াই। অৱশ্যে চিৰিজৰ আন দুখন মেচত উপস্থিত থাকিব ৰোহিত শৰ্মা। এই সন্দৰ্ভত প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰে কয় যে, যদি প্ৰথম মেচত হাৰ্দিকে ভাৰতীয় দলটোক জিকাব পাৰে তেন্তে অন্যকেইখন মেচৰ দায়িত্বও হাৰ্দিকক দিয়াটোৱেই উত্তম।
সুনীল গাভাস্কাৰে শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত হাৰ্দিক পাণ্ডিয়া সন্দৰ্ভত কয়, ‘তেওঁ এজন ভাল অধিনায়ক। গুজৰাট জায়াণ্টেছৰ সৈতে হোৱা আইপিএলত হাৰ্দিকৰ অধিনায়কত্বত মই মুগ্ধ। বৰ্তমান তেওঁৰ পাৰ্ফৰমেন্স ভাল। মই ভাৱো যদি প্ৰথম মেচত হাৰ্দিকে ভাল ফলাফল দেখুৱাব পাৰে তেন্তে পৰবৰ্তীসময়ত ২০২৩ চনৰ বিশ্বকাপৰ নেতৃত্ব হাৰ্দিকক দিয়াটোৱেই ভাল হ’ব।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ