অসম লাইভ ২৪ঃ বিমানত দুগৰাকী মহিলা লিপ্ত হ’ল মল্লযুদ্ধত। কোনো অভিলেখ গঢ়াৰ বাবে এই মল্ল যুদ্ধ নহয়। প্ৰকৃতার্থত এয়া দবৰা-দবৰিহে। বিমান উৰাৰ আগে আগে দুয়োগৰাকী ভগ্নীৰ মাজত কোনো কথাত কাজিয়াৰ সূত্ৰপাত ঘটে। ইয়াৰ পাছতে দুয়ো হতাহতিত লিপ্ত হয়। মল্লযুদ্ধৰ সমগ্ৰ দৃশ্য আবদ্ধ হ’ল কেমেৰাত। এই কাজিয়াৰ পৰিণতিত বিমানৰ উৰণ পলম হয়। আমেৰিকাৰ গুয়ার্দিয়া বিমানবন্দৰত সংঘটিত হয় এই ঘটনা। নিউয়র্কৰ পৰা আটলাণ্টা অভিমুখে আছিল বিমানখন। নিৰাপত্তাৰক্ষীয়ে বিমানৰ পৰা নমাই দিয়ে মহিলাদুগৰাকীক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ