অসম লাইভ ২৪ঃ ভাৰতত সাম্প্ৰতিক সময়ত ৫০০ শতাংশ বৃদ্ধি পাইছে চাইবাৰ ক্ৰাইমৰ ঘটনা। এই তথ্য সদৰী কৰিলে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে। ভাৰ্চুৱেল চাইবাৰ ছিকিউৰিটী কনফাৰেন্সত অজিত ডোভালে এই তথ্য সদৰী কৰে। বৰ্তমান মানুহে ডিজিটেল পেমেণ্টৰ ওপৰত অধিক নিৰ্ভৰশীল। বহুতৰে অনলাইনৰে ধন আদান-প্ৰদান কৰে। আৰু সেই অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে নিজৰ ব্যক্তিগত তথ্য আপলোড কৰিবলগা হয়। যিমানেই ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰশীল, সিমানেই অপৰাধীয়ে নতুন নতুন উপায়ৰে অসৎ কাৰ্য কৰি আহিছে। শেহতীয়াকৈ ভাৰতত ৫০০ শতাংশলৈ বৃদ্ধি পাইছে চাইবাৰ ক্ৰাইমৰ ঘটনা। আৰু এয়া সম্ভৱ হৈছে সাধাৰণ লোকৰ মাজত সচেতনতাৰ অভাৱ আৰু উপযুক্ত চাইবাৰ ছিকিউৰিটী নথকাৰ বাবে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ